অসম

assam

ETV Bharat / international

মস্কোত প্ৰধানমন্ত্ৰী মোদী : মঙলবাৰে পুটিনৰ সৈতে আলোচনাত মিলিত হ’ব প্ৰধানমন্ত্ৰী - PM Modi Russia Visit

PM Narendra Modi in Moscow President Putin: সোমবাৰে ৰাছিয়া ভ্ৰমণৰ বাবে মস্কোত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে আলোচনাত মিলিত হোৱাৰ লগতে ভাৰতীয় প্ৰব্ৰজনকাৰীসকলকো সম্বোধন কৰিব ।

By PTI

Published : Jul 8, 2024, 10:14 PM IST

PM Narendra Modi in Moscow President Putin
মস্কোত প্ৰধানমন্ত্ৰী মোদী (PM Modi Twitter Account)

ইণ্টাৰনেশ্যনেল ডেস্ক, ৮ জুলাই : দুদিনীয়া ৰাছিয়া ভ্ৰমণসূচীৰে সোমবাৰে মস্কোত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । ৰাছিয়াৰ প্ৰথম উপ-প্ৰধানমন্ত্ৰী ডেনিছ মান্টুৰভে প্ৰধানমন্ত্ৰী মোদীক বিমানবন্দৰত আদৰণি জনায় । বিমানবন্দৰতে প্ৰধানমন্ত্ৰী মোদীক গাৰ্ড অৱ অনাৰ দিয়া হয় ।

প্ৰধানমন্ত্ৰী মোদী বিমানবন্দৰৰ পৰা মস্কোৰ হোটেল দ্য কাৰ্লটনত উপস্থিত হয় । ৰাছিয়াৰ প্ৰথম উপ-প্ৰধানমন্ত্ৰী ডেনিছ মান্টুৰভেও একেখন গাড়ীতে তেওঁৰ লগত বিমানবন্দৰৰ পৰা হোটেললৈ যায় । প্ৰধানমন্ত্ৰী মোদীক আদৰণি জনাবলৈ হোটেলৰ সমীপত উপস্থিত প্ৰবাসী ভাৰতীয়সকলক তেওঁ হাত জোকাৰি সম্ভাষণ জনায় আৰু মত বিনিময় কৰে ।

একে সময়তে মস্কোৰ হোটেলৰ বাহিৰত ৰাছিয়ান শিল্পীৰ দলে প্ৰধানমন্ত্ৰী মোদীক আদৰণি জনাই ভজন পৰিবেশন কৰে । হোটেলৰ বাহিৰত প্ৰধানমন্ত্ৰী মোদী আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ হাত মিলাই থকা প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে ।

লগতে পঢ়ক:প্ৰধানমন্ত্ৰী মোদীৰ মস্কো ভ্ৰমণ : চীন-ৰাছিয়াৰ নিকট সম্পৰ্ক ভাৰতৰ বাবে মূৰৰ কামোৰণি হ'ব নেকি ? - PM Modi Russia Visit

ৰাছিয়াত উপস্থিত হোৱাৰ পাচত প্ৰধানমন্ত্ৰী মোদীয়ে 'X'ত পোষ্ট কৰি কয়, "মস্কোত উপস্থিত হ’লো । বিশেষকৈ সহযোগিতাৰ ক্ষেত্ৰত দুয়োখন দেশৰ মাজত বিশেষ কৌশলগত অংশীদাৰিত্ব আৰু অধিক গভীৰ হোৱাৰ সম্ভাৱনা আছে । দুয়োখন দেশৰ মাজত সুদৃঢ় সম্পৰ্কই আমাৰ জনসাধাৰণক যথেষ্ট উপকৃত কৰিব ।"

মস্কোত অনুষ্ঠিত হ’বলগীয়া ২২ সংখ্যক ভাৰত-ৰাছিয়া সন্মিলনত মঙলবাৰে অনুষ্ঠিত হ’বলগীয়া আলোচনাৰ পূৰ্বে আজি নিশা প্ৰধানমন্ত্ৰী মোদীৰ লগত ব্যক্তিগত নৈশ আহাৰ গ্ৰহণ কৰিবলৈ সাজু হৈছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন ।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে 'X'ৰ ওপৰত কয় যে, "দুয়োখন দেশৰ বিশেষ অংশীদাৰিত্ব আগুৱাই নিয়াৰ বাবে প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনা কৰিবলৈ সাজু হৈছে । তেওঁ ৰাছিয়াত ভাৰতীয় সম্প্ৰদায়ৰ সৈতেও মত বিনিময় কৰিব ।"

তেওঁ লগতে মোদীৰ ভ্ৰমণসূচীৰ এটা এটা ভিডিঅ’ও পোষ্ট কৰে ।

লগতে পঢ়ক:প্ৰধানমন্ত্ৰী মোদীৰ ৰাছিয়া ভ্ৰমণক লৈ ঈৰ্ষান্বিত নেকি পশ্চিমীয়া দেশসমূহ ? - PM Modi Russia visit

উল্লেখ্য যে, মস্কোৱে ইউক্ৰেইন আক্ৰমণ কৰাৰ পিচত সোমবাৰে প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাছিয়ালৈ গৈ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে শীৰ্ষ আলোচনাত মিলিত হয় ৷ এই ভ্ৰমণৰ ভূ-ৰাজনৈতিক প্ৰেক্ষাপট আৰু সংকেত প্ৰদান কৰা বুলি ধৰা হৈছে । মস্কোত অৱতৰণ কৰাৰ কিছু সময়ৰ পাছতে মোদীয়ে কয় যে তেওঁ ভৱিষ্যতৰ ক্ষেত্ৰত দ্বিপাক্ষিক অংশীদাৰিত্ব গভীৰ কৰাৰ বাবে আগ্ৰহী আৰু ভাৰত আৰু ৰাছিয়াৰ মাজত শক্তিশালী সম্পৰ্কই “আমাৰ জনসাধাৰণক বহুখিনি উপকৃত কৰিব” ।

প্ৰধানমন্ত্ৰীয়ে তেওঁৰ প্ৰস্থান বিবৃতিত কয় যে ভাৰতে শান্তিপূৰ্ণ আৰু সুস্থিৰ অঞ্চলৰ বাবে “সহায়ক ভূমিকা” পালন কৰিব বিচাৰে ।

লগতে পঢ়ক:ৰাছিয়াৰ পিচত অষ্ট্ৰিয়ালৈ যাব প্ৰধানমন্ত্ৰী মোদী - PM Modi Austria visit

ABOUT THE AUTHOR

...view details