ETV Bharat / international

থিম্ফুত কি কথা পাতিলে ভূটানৰ ৰজা আৰু মুখ্যমন্ত্ৰীয়ে ? - ASSAM CM BHUTAN VISIT

ভূটানৰ ৰজাৰে অসম-ভূটানৰ মাজত থকা ঐতিহ্যপূর্ণ সম্পর্ক অধিক সুদৃঢ়কৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ আলোচনা ।

ASSAM CM BHUTAN VISIT
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভূটান ভ্ৰমণ (X@himantabiswa)
author img

By ETV Bharat Assamese Team

Published : Dec 17, 2024, 10:04 PM IST

গুৱাহাটী: ভূটানৰ ১১৭ সংখ্যক ৰাষ্ট্ৰীয় দিৱস উদযাপন সমাৰোহত ৰাজ্যৰ মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্রহণ । ভাৰত-ভূটানৰ মাজত অতিৰিক্ত পথ ব্যৱস্থাৰ বাবে ৰাজ্য চৰকাৰে পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ ।

ভূটানৰ ৰজাৰে আলোচনা:

ৰয়েল ভূটান চৰকাৰৰ আমন্ত্রণমর্মে চাৰিদিনীয়া ভ্রমণসূচীৰে সম্প্রতি ভূটান ভ্রমণৰত মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শর্মাই মঙলবাৰে ভ্ৰমণৰ দ্বিতীয়টো দিনত ভূটানৰ ৰজা জিগমে খেছাৰ নামগিয়াল ৱাংচুকক সাক্ষাৎ কৰি অসম-ভূটানৰ মাজত থকা ঐতিহ্যপূর্ণ সম্পর্কক অধিক সুদৃঢ়কৰণৰ ক্ষেত্রত এক গুৰুত্বপূর্ণ আলোচনাত মিলিত হয় । ভূটান আৰু ইয়াৰ নাগৰিকসকলৰ উন্নয়ন তথা আঞ্চলিক অর্থনৈতিক উন্নয়নৰ পৰিপ্ৰেক্ষিতত ভাৰত-ভূটানৰ সহযোগিতা বৃদ্ধিৰ ক্ষেত্রত এই আলোচনাত বিশেষভাৱে আলোকপাত কৰা হয় বুলি জনাইছে অসমৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে ।

লগতে পঢ়ক: ভূটানৰ আতিথ্যত অভিভূত মুখ্যমন্ত্ৰী ড৹ শৰ্মা

ভূটানৰ প্ৰধানমন্ত্ৰীৰেও আলোচনা:

ৰাজ্যৰ মুখ্যমন্ত্রীগৰাকীয়ে মঙলবাৰে ভূটানৰ প্রধানমন্ত্রীৰ সৈতেও দুয়োখন ভূ-খণ্ডৰ পাৰস্পৰিক বিষয়সমূহৰ লগতে ভূটানৰ সৈতে বাণিজ্যিক অংশীদাৰিত্ব শক্তিশালী কৰাৰ বিষয়েও সৌহার্দ্যপূর্ণ অলোচনা কৰে । এই আলোচনাক লৈ মুখ্যমন্ত্রী ড৹ শৰ্মাই কয়, “ভূটান আৰু অসমৰ মাজত পূর্বৰে পৰা ৭ টা বাণিজ্যিক পথেৰে দুয়োখন ভূ-খণ্ডৰ মাজত যাতায়ত ব্যৱস্থা অব্যাহত আছে । অসম-ভূটান সীমান্তত বাণিজ্যিক আন্তঃগাঁথনি শক্তিশালী কৰাৰ লগতে ভূটানৰ ব্যৱসায়ীসকলৰ চাহিদা অনুসৰি দুয়োখন ভূ-খণ্ডৰ মাজত ব্যৱসায়-বাণিজ্য বৃদ্ধিৰ প্রতি লক্ষ্য ৰাখি অতিৰিক্ত পথৰ ব্যৱস্থাৰ বাবে ৰাজ্য চৰকাৰে পূর্ণ সহযোগিতা আগবঢ়াব ৷”

তদুপৰি, অসম মালা প্রকল্পৰ অধীনত কোকৰাঝাৰ আৰু গেলেফুৰ মাজত পথ সংযোগ ব্যৱস্থা অধিক শক্তিশালীকৰণৰ ক্ষেত্ৰতো ব্যৱস্থা গ্রহণৰ বিষয়ে মুখ্যমন্ত্রীয়ে সদৰী কৰে ।

আনহাতে, ভূটানৰ প্রধানমন্ত্রীৰ সৈতে হোৱা আলোচনাৰ সময়ছোৱাত মুখ্যমন্ত্রীৰ প্রধান সচিব ড৹ কে কে দ্বিবেদীৰ উপৰি অসম চৰকাৰৰ প্রতিনিধিবর্গ উপস্থিত থাকে ।

লগতে পঢ়ক: ভূটানত এডভান্টেজ অসম ২.০ৰ ৰোড শ্ব’: বাণিজ্যিক অধিবেশনত অংশগ্ৰহণ মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ

ভূটানৰ ১১৭ সংখ্যক ৰাষ্ট্রীয় দিৱসত অংশগ্ৰহণ:

মঙলবাৰে চুবুৰীয়া ৰাষ্ট্র ভূটানৰ ১১৭ সংখ্যক ৰাষ্ট্রীয় দিৱস উদযাপন সমাৰোহত মুখ্যমন্ত্রী ড৹ শর্মাই সহধর্মিনী ৰিণিকি ভূঞা শর্মাৰ সৈতে অংশগ্রহণ কৰে । থিম্ফুৰ চাংলিমেথাং খেলপথাৰৰ এক বর্ণাঢ্য তথা মনোনোহা পৰিৱেশত আয়োজন কৰা ভূটানৰ ৰাষ্ট্রীয় দিৱসত অংশগ্রহণ কৰি মুখ্যমন্ত্রী ড৹ শর্মাই এক অনন্য অনুভূতি লাভ কৰা বুলি মন্তব্য কৰে । ড৹ শর্মাই কয়, “ভূটানৰ এই ৰাষ্ট্রীয় দিৱসৰ সুন্দৰ আৰু মনোমুগ্ধ পৰিৱেশত উপস্থিত থাকিব পৰাটো মোৰ বাবে অত্যন্ত সৌভাগ্য আৰু গৌৰৱৰ কথা ।” ৰাষ্ট্রীয় দিৱস উদযাপন সমাৰোহত অংশগ্রহণ কৰাৰ প্রাকমুহূর্তত মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শর্মা আৰু তেখেতৰ সহধর্মিনী ৰিণিকি ভূঞা শর্মাক ৰয়েল ভূটান চৰকাৰে উষ্ম সম্বর্ধনা জ্ঞাপন কৰে ।

উল্লেখ্য যে, ১৯০৭ চনত ভূটানৰ প্ৰথম ৰজা উগ্যেন ৱাংচুকৰ ৰাজ অভিষেকৰ স্মৃতিত এই ৰাষ্ট্রীয় দিৱস উদযাপন কৰা হয় । এই ঐতিহাসিক পৰিঘটনাই ভূটানত ৱাংচুক বংশৰ আৰম্ভণি ঘটাইছিল আৰু আজি পর্যন্ত এই বংশটোৱে ভূটানৰ শাসনভাৰ চলাই আহিছে । ভূটানৰ ৰাষ্ট্ৰীয় দিৱস উদযাপনৰ জৰিয়তে দেশখনৰ চহকী ঐতিহ্য আৰু সাংস্কৃতিক পৰম্পৰা প্রতিফলিত হৈ আহিছে । ভূটানৰ পূর্বপুৰুষসকলৰ মহান ত্যাগক স্মৰণ কৰাৰ লগতে দেশখনৰ শান্তি-সমৃদ্ধি, সুখ আৰু আনন্দৰ প্রতি দেশৰ নাগৰিকসকলৰ দায়বদ্ধতাক সুদৃঢ় কৰাৰ উদ্দেশ্যে প্রতি বছৰে এই দিৱস পালন কৰা হয় ।

লগতে পঢ়ক: তিনিদিনীয়া ভ্ৰমণসূচীৰে ভূটানত উপস্থিত সপত্নীক মুখ্যমন্ত্ৰী

ভূটানৰ ৰাষ্ট্রীয় দিৱস উদযাপন কার্যসূচীত অংশগ্রহণৰ পাছতে মুখ্যমন্ত্রীয়ে সহধর্মিনীৰ সৈতে ভূটানৰ প্রধানমন্ত্রী ছেৰিং টগবেৰ বাসভৱনত আয়োজন কৰা দুপৰীয়াৰ আহাৰ গ্রহণ কৰে । সপত্নীক মুখ্যমন্ত্রীয়ে থিম্ফুৰ কুয়েনৰাই প্রেক্ষাগৃহত উপস্থিত হৈ ভগবান গৌতম বুদ্ধৰ প্রতিমূর্তিৰ সম্মুখতো বন্তি প্রজ্জ্বলন কৰি শ্ৰদ্ধা নিবেদন কৰে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.