অসম

assam

ETV Bharat / international

জি-২০ সন্মিলনত অংশগ্ৰহণৰ বাবে ব্ৰাজিলত উপস্থিত প্ৰধানমন্ত্ৰী মোদী

১৮-১৯ নৱেম্বৰত অনুষ্ঠিত হ’ব ৰিঅ’ ডি জেনেইৰ’ শীৰ্ষ সন্মিলন ৷ এই সন্মিলনত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নেৰন্দ্ৰ মোদী ৷

PM Modi arrives in Brazil to attend G20 Summit
ব্ৰাজিলত উপস্থিত প্ৰধানমন্ত্ৰী মোদী (Narendra Modi's twitter)

By PTI

Published : 4 hours ago

ৰিঅ’ ডি জেনেইৰ’ : নাইজেৰিয়াৰ ‘উৎপাদনশীল’ ভ্ৰমণৰ সামৰণি মাৰি সোমবাৰে দক্ষিণ আমেৰিকাৰ দেশ ব্ৰাজিলত উপস্থিত হয় প্ৰধানমন্ত্ৰী নেৰন্দ্ৰ মোদী, য’ত তেওঁ ৰাষ্ট্ৰপতি বোলা আহমেদ টিনুবুৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয় আৰু প্ৰবাসী ভাৰতীয় লোকসকলৰ সৈতেও মত বিনিময় কৰে । তথ্য মতে, ব্ৰাজিলত তেওঁ জি-২০ শীৰ্ষ সন্মিলনতো অংশগ্ৰহণ কৰিব ।

ব্ৰাজিলত মোদীৰ আগমনৰ কথা ঘোষণা কৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে Xৰ এটা পোষ্টত কয়, “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জি-২০ ব্ৰাজিল শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ব্ৰাজিলৰ স্পন্দনশীল চহৰ ৰূপে খ্যাত ৰিঅ’ ডি জেনেইৰ’ত উপস্থিত হয় ।” ইয়াৰ লগতে বিমানবন্দৰত প্ৰধানমন্ত্ৰী মোদীক আদৰণি জনোৱা কেবাখনো ছবি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে X ৰ পোষ্টটোত শ্বেয়াৰ কৰিছে ।

আনকি নিজৰ আগমনৰ কথা ঘোষণা কৰি মোদীয়েও নিজৰ অফিচিয়েল Xহেণ্ডেলত এটা পোষ্টত কয়, "জি-২০ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ব্ৰাজিলৰ ৰিঅ' ডি জেনেইৰ'ত অৱতৰণ কৰিলো । মই শীৰ্ষ সন্মিলনৰ আলোচনা আৰু বিভিন্ন বিশ্ব নেতাৰ সৈতে ফলপ্ৰসূ আলোচনাৰ বাবে আগ্ৰহী ।" ব্ৰাজিলত তেওঁ ট্ৰয়কাৰ সদস্য হিচাপে ১৯ সংখ্যক জি-২০ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিব । ব্ৰাজিল আৰু দক্ষিণ আফ্ৰিকাৰ লগতে ভাৰত জি-২০ ট্ৰইকাৰ ইয়াৰ অংশ ।

মোদীৰ সমান্তৰালকৈ চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিং আৰু তেওঁৰ আমেৰিকাৰ সমকক্ষ জ’ বাইডেনো ১৮-১৯ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া ৰিঅ’ ডি জেনেইৰ’ শীৰ্ষ সন্মিলনখনত অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে ।

ভ্ৰমণৰ তৃতীয় আৰু অন্তিম পৰ্যায়ত ৰাষ্ট্ৰপতি মহম্মদ ইৰফান আলীৰ আমন্ত্ৰণত ১৯ নৱেম্বৰৰ পৰা ২১ নৱেম্বৰলৈ গায়ানা ভ্ৰমণ কৰিব মোদীয়ে । ৫০ বছৰতকৈও অধিক সময়ৰ পাছত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ গিয়ানা ভ্ৰমণৰ প্ৰথমটো হ’ব ।

শনিবাৰে এক বিদায় বিবৃতিত মোদীয়ে কয়, "এইবাৰ ব্ৰাজিলে ভাৰতৰ উত্তৰাধিকাৰৰ ওপৰত নিৰ্মাণ কৰিছে । আমাৰ 'এক পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যত'ৰ দৃষ্টিভংগীৰ লগত খাপ খুৱাই অৰ্থপূৰ্ণ আলোচনাৰ বাবে মই আগ্ৰহী। মই এই সুযোগতো ব্যৱহাৰ কৰিম । আন কেইবাজনো নেতাৰ সৈতে দ্বিপাক্ষিক সহযোগিতা আগবঢ়াই নিয়াৰ ক্ষেত্ৰত মতামত বিনিময় কৰে ।’’

৫৫খন দেশৰ আফ্ৰিকান ইউনিয়নক জি-২০ৰ স্থায়ী সদস্য হিচাপে অন্তৰ্ভুক্ত কৰা আৰু ইউক্ৰেইন সংঘাতক লৈ গভীৰ বিভাজন অতিক্ৰম কৰি নেতাসকলৰ ঘোষণা প্ৰস্তুত কৰিবলৈ সক্ষম হোৱাটো যোৱা বছৰ ভাৰতৰ জি-২০ ৰাষ্ট্ৰপতিত্বৰ ডাঙৰ মাইলৰ খুঁটি হিচাপে গণ্য কৰা হৈছিল । তেওঁ কয় ৷

নাইজেৰিয়া ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীক দেশখনৰ ৰাষ্ট্ৰীয় বঁটা গ্ৰেণ্ড কমাণ্ডাৰ অৱ অৰ্ডাৰ অৱ দ্য নাইজাৰ (জিচিঅ’ন) প্ৰদান কৰা হয় ৷ এই সন্মান লাভ কৰা দ্বিতীয়জন বিদেশী গণ্যমান্য ব্যক্তি হিচাপে পৰিগণিত হয় প্ৰধানমন্ত্ৰী মোদী ।

এয়া আছিল এখন দেশে প্ৰধানমন্ত্ৰী মোদীক প্ৰদান কৰা ১৭তম আন্তঃৰাষ্ট্ৰীয় বঁটা । দ্বিতীয় ৰাণী এলিজাবেথ হৈছে এই বঁটা প্ৰদান কৰা আন একমাত্ৰ বিদেশী গণ্যমান্য ব্যক্তি । প্ৰধানমন্ত্ৰী মোদীৰ নাইজেৰিয়া ভ্ৰমণ আছিল ১৭ বছৰৰ পাছত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে পশ্চিম আফ্ৰিকাৰ দেশখনলৈ প্ৰথম ভ্ৰমণ । (PTI)

লগতে পঢ়ক :ভাৰত আমেৰিকাৰ বাবে এক গুৰুত্বপূৰ্ণ অংশীদাৰ হৈ আছে: বিদেশ মন্ত্ৰণালয়

For All Latest Updates

ABOUT THE AUTHOR

...view details