পাকিস্তান :এইবাৰ পাকিস্তানত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান । দেওবাৰে খাইবাৰ পাখতুনখোৱাত পাকিস্তানী নিৰাপত্তা বাহিনীৰ দুটা পৃথক অভিযানত ৪ টা সন্ত্ৰাসবাদী নিহত হয় । পাকিস্তানৰ সামৰিক বাহিনীয়ে এই কথা নিশ্চিত কৰিছে ।
পাকিস্তানত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান
প্ৰথম অভিযানটো উত্তৰ ৱাজিৰিস্তান জিলাত চলিছিল । য'ত এক চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত অভিযান চলোৱা হৈছিল । এই অভিযানত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত প্ৰচণ্ড সংঘৰ্ষ হয় । য'ত খাৰজী ইনচাফ উল্লাহকে ধৰি দুই সন্ত্ৰাসবাদী নিহত হয় ।
ইফালে খাইবাৰ জিলাত দ্বিতীয়টো অভিযানত নিৰাপত্তাৰক্ষীয়ে আন এটা সন্ত্ৰাসবাদীৰ ঘাটিক লক্ষ্য কৰি গুলীচালনা কৰে । ফলত দুটা সন্ত্ৰাসবাদী নিহত হয় আৰু আন তিনিটা আহত হয় । নিহত সন্ত্ৰাসবাদীকেইটাৰ পৰা নিৰাপত্তা বাহিনীয়ে অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ উদ্ধাৰ কৰিছে । সন্ত্ৰাসবাদীকেইটাই নিৰীহ নাগৰিকক হত্যা কৰাৰ লগতে অসংখ্য সন্ত্ৰাসবাদী কাৰ্যকলাপত সক্ৰিয়ভাৱে জড়িত আছিল বুলি জানিব পৰা গৈছে ।