ইছলামাবাদ : অৱশেষত বহুতো জল্পনা-কল্পনাৰ পিছত পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খান আৰু তেওঁৰ পত্নী বুশ্ৰা বিবিক দোষী সাব্যস্ত কৰিলে আদালতে । ১৯০ নিযুত পাউণ্ড আল-কাদিৰ ট্ৰাষ্ট গোচৰত শুকুৰবাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ লগতে তেওঁৰ পত্নীক আদালতে দোষী সাব্যস্ত কৰে । পাকিস্তানৰ ৰাজনৈতিক দল পি টি আইৰ প্ৰতিষ্ঠাপক তথা দেশখনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক ১৪ বছৰৰ কাৰাদণ্ড বিহা হৈছে । আনহাতে, তেওঁৰ পত্নীক সাত বছৰৰ কাৰাদণ্ডৰ ৰায় প্ৰদান কৰা হয় ।
ন্যায়াধীশ নাছিৰ জাভেদ ৰাণাই আদিয়ালা কাৰাগাৰৰ অস্থায়ী আদালতকক্ষত এই ৰায় ঘোষণা কৰে । আদালতে ইমৰাণ খানক ১০ লাখ পাকিস্তানী টকা জৰিমনাও বিহিছে । তদুপৰি তেওঁৰ পত্নীক ৫ লাখ টকাৰ জৰিমনা পৰিশোধ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে । জৰিমনা পৰিশোধ কৰাত ব্যৰ্থ হ'লে আৰু ছয় মাহ কাৰাবাস খাটিব লাগিব ।
ন্যায়াধীশে আদিয়ালা কাৰাগাৰৰ বাহিৰত কঠোৰ নিৰাপত্তাৰ মাজত এই ৰায়টো ঘোষণা কৰাৰ পিছত বুশ্ৰা বিবিক আদালত কক্ষৰ পৰা গ্ৰেপ্তাৰ কৰা হয় । উল্লেখ্য় যে যোৱা বছৰ ৮ ফেব্ৰুৱাৰীত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পিছতে ২৭ ফেব্ৰুৱাৰীত এই গোচৰটোত এই দম্পতীক অভিযুক্ত কৰা হৈছিল । শুনানিৰ পূৰ্বে পি টি আইৰ অধ্যক্ষ বেৰিষ্টাৰ গোহৰ আলী খানে আদিয়ালা কাৰাগাৰৰ বাহিৰত সাংবাদিকৰ আগত কয়, "যদি উচিত সিদ্ধান্ত গ্ৰহণ কৰা হয় তেতিয়াহ'লে ইমৰাণ খান আৰু বুশ্ৰাক নিৰ্দোষী সাব্যস্ত কৰা হ'ব ।"
ড'নৰ বাতৰি অনুসৰি এই গোচৰটোত অভিযোগ কৰা হৈছে যে ইমৰান খান আৰু বুশ্ৰা বিবিয়ে পি টি আই চৰকাৰৰ সময়ত ইউ কেৰ দ্বাৰা চিনাক্ত কৰা আৰু পাকিস্তানলৈ ঘূৰাই দিয়া পি কে আৰ ৫০ বিলিয়ন আইনীকৰণৰ বাবে বাহৰিয়া টাউন লিমিটেডৰ পৰা শ শ কানাল মূল্যৰ বিলিয়ন টকা আৰু ভূমি লাভ কৰিছিল । উল্লখ্য় যে যোৱা বছৰৰ ২৩ ডিচেম্বৰত ৰায় ঘোষণা কৰাৰ কথা আছিল যদিও ইছলামাবাদৰ দায়বদ্ধতা আদালতে শীতকালীন বন্ধৰ বাবে গোচৰটোৰ ৰায় ৬ জানুৱাৰীলৈ স্থগিত ৰাখিছিল ।
আনহাতে যোৱা ৬ জানুৱাৰীত এই ৰায় ঘোষণা কৰাৰ কথা আছিল যদিও গোচৰটোৰ শুনানি গ্ৰহণ কৰি থকা ন্যায়াধীশ নাছিৰ জাভেদ ৰাণা ছুটীত আছিল । ১৩ জানুৱাৰীত শুনানিৰ সময়ত ন্যায়াধীশে কয় যে আদিয়ালা কাৰাগাৰৰ দায়বদ্ধতা আদালতত ইমৰাণ খান আৰু বুশ্ৰা বিবি উপস্থিত নথকা বাবে ৰায় ঘোষণা কৰা কৰিব পৰা নাছিল । 2023 চনত পি টি আইৰ প্ৰতিষ্ঠাপকগৰাকীক বিভিন্ন গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল ।