নিউজ ডেস্ক, 8 আগষ্ট:নোবেল বঁটা বিজয়ী মহম্মদ ইউনুছে বৃহস্পতিবাৰে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী হিচাপে শপত গ্ৰহণ কৰে । ইউনুছৰ বাবে এতিয়া মূল কাম হৈছে বাংলাদেশত শান্তি প্ৰতিষ্ঠা কৰা আৰু কেইবা সপ্তাহ ধৰি চলি থকা হিংসাত্মক পৰিস্থিতিৰ পিচত নতুন নিৰ্বাচনৰ বাবে প্ৰস্তুতি চলোৱা ৷ বাংলাদেশত ছাত্ৰ কৰ্মীসকলে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ স্বৈৰাচাৰী বুলি গণ্য কৰা ক্ৰমাগত ১৫ বছৰীয়া শাসনৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল, যি বিদ্ৰোহৰ জুই এতিয়াও নিৰ্বাপিত হোৱা নাই ।
বাংলাদেশৰ ৰাষ্ট্ৰপতি মহম্মদ ছাহাবুদ্দিনে ঢাকাত ৰাষ্ট্ৰপতি ভৱনত বিদেশী কূটনীতিবিদ, নাগৰিক সমাজৰ সদস্য, শীৰ্ষ ব্যৱসায়ী আৰু পূৰ্বৰ বিৰোধী দলৰ সদস্যৰ উপস্থিতিত ইউনুছক প্ৰধানমন্ত্ৰীৰ সমতুল্য মুখ্য উপদেষ্টাৰ ভূমিকাৰ বাবে শপতবাক্য পাঠ কৰোৱায় ।
হাছিনাৰ দলৰ কোনো প্ৰতিনিধি উপস্থিত নাছিল এই অনুষ্ঠানত । মূলতঃ নাগৰিক সমাজৰ পৰা নিৰ্বাচিত আৰু প্ৰতিবাদী ছাত্ৰ নেতা দুজনকে ধৰি আন ষোল্লজন লোকক অন্তৱৰ্তীকালীন মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰা হৈছে । এই সপ্তাহত ছাত্ৰ নেতা, নাগৰিক সমাজৰ প্ৰতিনিধি আৰু সামৰিক বাহিনীৰ মাজত আলোচনাৰ অন্তত অন্তৱৰ্তীকালীন কেবিনেটৰ নেতা হিচাপে ইউনুছক নিৰ্বাচিত কৰা হয় ।
জুলাই মাহত চৰকাৰী চাকৰিৰ বাবে কোটা ব্যৱস্থাৰ বিৰুদ্ধে প্ৰতিবাদৰ জৰিয়তে আৰম্ভ হোৱা বিদ্ৰোহে কেইবাটাও ভয়ংকৰ সপ্তাহ অতিক্ৰম পিছত সোমবাৰে হাছিনাই দেশ এৰি পলায়ন কৰে ৷ সমালোচকসকলে কোটাৰ ব্যৱস্থাটো হাছিনাৰ দলৰ সৈতে সম্পৰ্ক থকা লোকসকলৰ বাবে অনুকূল বুলি কয় । কিন্তু এই বিক্ষোভ অতি সোনকালেই হাছিনাৰ ১৫ বছৰীয়া শাসনৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বানলৈ পৰিণত হয়, কাৰণ হিংসাত্মক পৰিস্থিতিৰ মাজত ছাত্ৰ-ছাত্ৰীকে ধৰি ৩০০ৰো অধিক লোকৰ মৃত্যু হয় ।
ক্ষুদ্ৰ ঋণৰ বজাৰ বিকাশৰ কামৰ বাবে ২০০৬ চনৰ নোবেল বঁটা লাভ কৰা ইউনুছে ২০২৪ চনৰ অলিম্পিকৰ বাবে ফ্ৰান্সৰ ৰাজধানীত আছিল, যেতিয়া তেওঁক অন্তৱৰ্তীকালীন চৰকাৰৰ নেতৃত্ব দিয়াৰ বাবে নিৰ্বাচিত কৰা হৈছিল ৷ ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে ঢাকাৰ বিমানবন্দৰত কটকটীয়া নিৰাপত্তাৰ মাজেৰে তেওঁ ঘৰলৈ উভতি আহে । আগমনৰ পিচতে প্ৰথম মন্তব্য হিচাপে তেওঁ কয় যে তেওঁৰ অগ্ৰাধিকাৰ হ’ব আইন-শৃংখলা পুনৰুদ্ধাৰ কৰা । ‘‘বাংলাদেশ এটা পৰিয়াল । আমি ইয়াক একত্ৰিত কৰিব লাগিব । ইয়াৰ অপৰিসীম সম্ভাৱনা আছে ।” ছাত্ৰ নেতাসকলৰ কাষত ইউনুছে কয় ।
বুধবাৰে পেৰিছত ইউনুছে শান্তি আৰু সকলো দলীয় হিংসাৰ অন্ত পেলোৱাৰ বাবে আহ্বান জনাইছিল । মাতৃৰ উপদেষ্টা হিচাপে কাম কৰা হাছিনাৰ পুত্ৰ ছাজিব ৱাজেদ জয়ে বুধবাৰে প্ৰতিজ্ঞা কৰিছিল যে তেওঁৰ পৰিয়াল আৰু আৱামি লীগ দল বাংলাদেশৰ ৰাজনীতিত জড়িত হৈ থাকিব ৷ হাছিনাই সোমবাৰে দেশ এৰি ভাৰতলৈ পলায়ন কৰে । মঙলবাৰে ৰাষ্ট্ৰপতিগৰাকীয়ে সংসদ ভংগ কৰি অন্তৱৰ্তীকালীন প্ৰশাসনৰ পথ মুকলি কৰি দিছিল ।