অসম

assam

By ETV Bharat Assamese Team

Published : Mar 11, 2024, 10:19 AM IST

ETV Bharat / international

পবিত্ৰ ৰমজান মাহক স্বাগত বিশ্ব মুছলমান সম্প্ৰদায়ৰ

World Welcoming Ramadan : ৰমজান মাহত সমগ্ৰ বিশ্বৰ মুছলমানসকলে পুৱাৰ পৰা সন্ধিয়ালৈকে খোৱা-লোৱা, সুৰাপান, ধূমপান আৰু যৌন সম্ভোগৰ পৰা বিৰত থাকিব । আনকি পানীৰ ক্ষুদ্ৰ কণিকা এটায়ো এই উপবাসক বিঘ্নিত কৰিব । ইয়াৰ উদ্দেশ্য হৈছে প্ৰাৰ্থনা আৰু দানৰ ওপৰত মন কেন্দ্ৰীভূত কৰাত সহায় কৰা ।

পবিত্ৰ ৰমজান মাহক স্বাগতম বিশ্ব মুছলমান সম্প্ৰদায়ৰ
পবিত্ৰ ৰমজান মাহক স্বাগতম বিশ্ব মুছলমান সম্প্ৰদায়ৰ

নিউজ ডেস্ক, ১১ মাৰ্চ : বিশ্বৰ বিভিন্ন প্ৰান্তত সোমবাৰৰ পৰা আৰম্ভ হৈছে পবিত্ৰ ৰমজান মাহ । সমগ্ৰ বিশ্বৰ মুছলমানসকলে এই পবিত্ৰ ৰমজানৰ আগমনক আদৰণি জনাইছে । ৰমজান হৈছে এনে এক মাহ, যিটো মাহত পুৱাৰ পৰা সন্ধিয়ালৈ উপবাস, একান্ত প্ৰাৰ্থনা, দান আৰু সমূহীয়া ভোজনৰ এক সমাবেশ ।

অৱশ্যে এই ৰমজানৰ উপবাস বা ৰোজা দেশ আৰু সম্প্ৰদায় ভেদে ভিন্ন সময়ত আৰু ভিন্ন পৰম্পৰাৰে পালন কৰা হয় । সেয়া যিয়েই নহওক, এই উপবাসৰ মাহটো হৈছে প্ৰতিগৰাকী মুছলমানৰ বাবে হৃদয় তথা আত্মা শুদ্ধিৰ এক মাহ, এক পথ । আনহাতে, ইয়াৰ জৰিয়তে ক্লেশ-বিদ্বেষ আঁতৰাই এক শান্তিপূৰ্ণ বাতাবৰণ সৃষ্টিৰ এক আহ্বানো পৰিলক্ষিত হয় ।

কিন্তু এই বছৰ গাজা ষ্ট্ৰিপত চলি থকা যুদ্ধ আৰু ইয়াৰ ফলত সৃষ্টি হোৱা অনাহাৰ পৰিস্থিতিৰ বাবে উৎসৱৰ আনন্দত অন্ধকাৰৰ ছাঁ পেলাইছে । ইয়াৰ মাজতে আকৌ বহুতে খাদ্য ক্ৰয় কৰিবলৈও সংগ্ৰাম কৰি আছে । কিয়নো বহু দেশত মুদ্ৰাস্ফীতি উচ্চ হৈ আছে আৰু কিছুমানত আৰ্থিক অৱনতি ঘটিছে ।

তথাপিও বিভিন্ন সংগ্ৰামৰ মাজতো বিশ্ব মুছলমান সম্প্ৰদায়ে এই পবিত্ৰ মাহটোক এক আশীৰ্বাদ হিচাপে গ্ৰহণ কৰে । ই হৈছে প্ৰাৰ্থনা আৰু সংযম, দিনজোৰা উপবাস আৰু প্ৰিয়জনৰ সৈতে অতিবাহিত কৰা সময় । দক্ষিণ পাকিস্তানৰ চহৰ কৰাচীৰ এগৰাকী ইছলামিক পণ্ডিত মৌলানা তানভীৰ উল হক থানভিৰ মতে, চহৰখনৰ লোকসকলৰ তুলনাত কোনেও ৰমজানক ভালদৰে উপলব্ধি কৰিব নোৱাৰে ।

তেওঁৰ পৰিয়ালৰ দ্বাৰা পৰিচালিত মছজিদটোত এই পবিত্ৰ মাহটোত ভক্তৰ সংখ্যা ১০,০০০-ৰ পৰা ১৫,০০০-লৈ বৃদ্ধি হয় আৰু স্বেচ্ছাসেৱকসকলে সূৰ্যাস্তৰ প্ৰাৰ্থনাৰ বাবে পৰ্যাপ্ত স্থান, খাদ্য আৰু পানীয়ে থকাটো নিশ্চিত কৰিবলৈ কাম কৰে । ৰমজান মাহত সমগ্ৰ বিশ্বৰ মুছলমানসকলে পুৱাৰ পৰা সন্ধিয়ালৈকে খোৱা-লোৱা, সুৰাপান, ধূমপান আৰু যৌন সম্ভোগৰ পৰা বিৰত থাকিব । আনকি পানীৰ ক্ষুদ্ৰ কণিকা এটায়ো এই উপবাসক বিঘ্নিত কৰিব । ইয়াৰ উদ্দেশ্য হৈছে প্ৰাৰ্থনা আৰু দানৰ ওপৰত মন কেন্দ্ৰীভূত কৰাত সহায় কৰা ।

থানভিয়ে কয়, "ৰমজানত আমাৰ প্ৰাৰ্থনা আৰু ধৰ্মীয় ৰীতি-নীতি দিনে-ৰাতিয়ে পালন কৰা হয় । মানুহে নিজতকৈ বেছি প্ৰয়োজন থকা অন্য লোকক সহায় কৰিব বিচাৰে, আনকি তেওঁলোকেও যিসকলৰ ওচৰত আনক দিবলৈ পৰ্যাপ্ত একো নাই ।" তেওঁ লগতে কয়, "ৰমজান শেষ হোৱাৰ পিচতো মানুহে ইজনে সিজনৰ সৈতে কেনে আচৰণ কৰা উচিত তাৰ ওপৰত গুৰুত্ব দিয়া হয় ।"

সূৰ্যাস্তৰ সময়ত সন্ধিয়াৰ প্ৰাৰ্থনাত উপস্থিত হোৱাৰ পূৰ্বে বহুতে পয়গম্বৰ মহম্মদৰ দৰে এটা বা ততোধিক খেজুৰেৰে উপবাস ভংগ কৰিব । তাৰ পিচত তেওঁলোকে 'ইফতাৰ'ৰ (সমূহীয়া ব্ৰত ভংগ) বাবে একত্ৰিত হ'ব । ই হৈছে বন্ধুবৰ্গ আৰু পৰিয়ালৰ সৈতে ভাগ-বতৰা কৰা এক সাধাৰণ আড়ম্বৰপূৰ্ণ ভোজ । ইয়াৰ উপৰি নিশালৈকে এক উৎসৱৰ পৰিৱেশে বিৰাজ কৰিব ।

"স্থানীয় লোকসকলে শুবলৈ নাযায় । আনকি আপুনি ইফতাৰৰ পিচত শিশুসকলক ৰাস্তাত ক্ৰিকেট খেলি থকা দেখিব ।" থানভিয়ে লগতে কয় ।মুছলমানসকলে ইফতাৰ তেওঁলোকৰ নিজৰ স্থানীয় সুস্বাদু খাদ্যৰে জীপাল কৰি ৰাখে । ইজিপ্তত সমগ্ৰ মাহজুৰি এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয় । চিৰিয়া, লেবানন আৰু জৰ্ডানত ফুটপাথৰ ব্যৱসায়ীসকলে বিশেষ খাদ্য কাটাইফ প্ৰস্তুত কৰে ।

বিশ্বৰ সৰ্বাধিক মুছলমান জনসংখ্যাৰ দেশ ইণ্ডোনেছিয়াত ৰমজানৰ ৰীতি-নীতি অঞ্চল অনুসৰি পৃথক হয় । ই দেশখনৰ সমৃদ্ধ আৰু বৈচিত্ৰ্যপূৰ্ণ সংস্কৃতি প্ৰতিফলিত কৰে । বহুতে ইফতাৰ নাৰিকলৰ গাখীৰ আৰু স্থানীয় মচলাত ব্ৰাইজ কৰা মাংসৰে প্ৰস্তুত কৰা ৰেণ্ডাঙৰ সৈতে উদযাপন কৰে ।

এই বছৰ অৱশ্যে ৰমজান মাহ উদযাপন বহুতৰে বাবে কঠিন হ'ব । কিয়নো বিশ্বজুৰি মুদ্ৰাস্ফীতি আৰু স্থানীয় শস্য উৎপাদন আশানুৰূপ নোহোৱা বাবে বহু দেশে খাদ্যৰ মূল্যবৃদ্ধিৰ সৈতে যুঁজি আছে । তথাপিও প্ৰতিগৰাকী মুছলমানে পবিত্ৰ ৰমজান মাহ উদযাপনত কোনো ধৰণৰ কাৰ্পণ্য নকৰিব । কিয়নো এই মাহটোৰ বাবে বিশ্বৰ মুছলমানসকলে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰে । উল্লেখ্য যে ভাৰতত পৱিত্ৰ ৰমজানৰ উপবাস মঙলবাৰৰ পৰা আৰম্ভ হ'ব ।

লগতে পঢ়ক :আজিৰে পৰা আৰম্ভ ৰমজান মাহ; অধিক মুনাফা লাভৰ উদ্দেশ্যৰে প্ৰতিবিধ সামগ্ৰীৰে মূল্যবৃদ্ধি

ABOUT THE AUTHOR

...view details