ইন্টাৰনেশ্যনেল ডেস্ক, 21 এপ্ৰিল :চি এন এনৰ এক প্ৰতিবেদন অনুসৰি টেনেচীৰ মেমফিছৰ এখন উদ্যানত এটা ব্লক পাৰ্টি মাৰাত্মক হৈ পৰাৰ পিচত দুজন লোক নিহত হোৱাৰ লগতে আন 14 জনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷
মেমফিছ আৰক্ষীৰ মতে, শনিবাৰে সংঘটিত হোৱা এই ঘটনাত আহত সকলৰ ভিতৰত তিনিজনক ততাতৈয়াকৈ গুৰুতৰ অৱস্থাত চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু আন 11 জন ব্যক্তিগত বাহনেৰে চিকিৎসালয়ত উপস্থিত হয় ৷
চি এন এনৰ মতে- আৰক্ষীয়ে কয় যে গুলীচালনা এটা পাৰ্টিত সংঘটিত হৈছিল য'ত প্ৰায় 300 জন লোক একত্ৰিত হৈছিল ৷ এখন সংবাদমেল সম্বোধন কৰি আৰক্ষীয়ে প্ৰকাশ কৰে যে "অনুষ্ঠানটোত মুঠ 16 জনক গুলীওৱা হৈছিল ৷"
চি এন এনৰ মতে, সন্ধিয়া 7.19 বজাত (স্থানীয় সময় অনুসৰি) আৰক্ষী ঘটনাস্থলীলৈ উপস্থিত হৈছিল, য'ত তেওঁলোকে পাঁচজন ভুক্তভোগীক গুলীবিদ্ধ অৱস্থাত উদ্ধাৰ কৰিছিল ৷ তেওঁলোকৰ তিনিজনক স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হৈছিল আৰু ঘটনাস্থলীত দুজন লোকক মৃত ঘোষণা কৰা হৈছিল ৷