ইণ্টাৰনেচনেল ডেস্ক, ৭ ফেব্ৰুৱাৰী :বিশ্বৰ প্ৰসিদ্ধ ফুটবল ক্লাৱ ৰিয়েল মাদ্ৰিদৰ প্ৰাক্তন গ'লৰক্ষক মিগুৱেল এঞ্জেল গঞ্জালেজৰ ৭৬ বছৰ বয়সত দোহাৱসান ঘটে । মঙলবাৰে ক্লাৱটোৰ তৰফৰ পৰা এই কথা জনোৱা হয় আৰু তেওঁৰ প্ৰতি সমবেদনা ব্যক্ত কৰে ।
১৯৪৭ চনত উত্তৰ-পশ্চিম স্পেইনৰ অৰেন্সে চহৰত জন্মগ্ৰহণ কৰা মিগুৱেল এঞ্জেলে ক্লাৱটোত নিজৰ দক্ষতাৰ চাপ ৰাখি থৈ গৈছে । ১৯৬৮ চনৰ পৰা ১৯৮৬ চনৰ ভিতৰত তেওঁৰ ফউটবল কেৰিয়াৰত গঞ্জালেজে ৩৪৬ খন মেচত অংশগ্ৰহণ কৰে । তেওঁ আঠটা লা লিগা খিতাপ, দুটা উৱেফা কাপ আৰু পাঁচটা কোপা ডেল ৰে খিতাপ জয় কৰিছিল ।
ৰিয়েল মাদ্ৰিদে এক বিবৃতিত কৈছে, "ৰিয়েল মাদ্ৰিদ তেওঁৰ পত্নী মাৰিয়া ডেল পিলাৰ, তেওঁৰ পুত্ৰ মিগুৱেল এঞ্জেল, তেওঁৰ নাতি ডেনিয়েলা আৰু মাউৰো, তেওঁৰ আত্মীয়, তেওঁৰ সতীৰ্থ আৰু তেওঁৰ সকলো প্ৰিয়জনৰ প্ৰতি সমবেদনা আৰু সহানুভূতি জ্ঞাপন কৰিছে । মিগুৱেল এঞ্জেল তেওঁৰ গতি আৰু সজাগতাৰ বাবে জনাজাত আছিল । তেওঁ ১৮ বাৰ স্পেইনৰ ৰাষ্ট্ৰীয় দলক প্ৰতিনিধিত্ব কৰিছিল । লগতে ১৯৭৮ আৰু ১৯৮২ ফিফা বিশ্বকাপৰ বাবে দলত অন্তৰ্ভুক্ত কৰা হৈছিল ।"