থিম্ফু (ভূটান): তিনিদিনীয়া আনুষ্ঠানিক ভূটান ভ্ৰমণৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ভূটানৰ ৰজা জিগমে খেছাৰ নামগয়েল ৱাংচুকক এডভান্টেজ অসম ৰোড শ্ব’ত অংশগ্ৰহণ কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ৷ মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয় যে ৱাংচুকৰ আতিথ্যই ভূটান আৰু ভাৰতৰ জনসাধাৰণক বান্ধি ৰখা বিশেষ বান্ধোনক অধিক শক্তিশালী কৰে । পত্নী ৰিণিকি ভূঞা শৰ্মাৰ সৈতে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰখনৰ সৈতে সম্পৰ্ক সুদৃঢ় কৰাৰ প্ৰতি দায়বদ্ধতা প্ৰকাশ কৰে ।
ভূটানৰ ৰজাৰ আমন্ত্ৰণ সাপেক্ষে গ্ৰহণ কৰা এই ভ্ৰমণৰ সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে ভূটানৰ ১১৭ সংখ্যক ৰাষ্ট্ৰীয় দিৱস উদযাপনতো অংশগ্ৰহণ কৰে । Xত এটা পোষ্ট শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয়, "#AdvantageAssam ৰোড শ্ব'ত অংশগ্ৰহণ কৰা ভূটানৰ মহামহিম ৰজা জিগমে খেছাৰ নামগয়েল ৱাংচুকৰ বিশেষ ব্যৱহাৰে মোক গভীৰভাৱে আকৃষ্ট কৰিছে । মহামহিমৰ উষ্ণ আতিথ্যই ভূটান আৰু ভাৰতৰ জনসাধাৰণৰ মাজত বিশেষ সম্পৰ্ক আৰু অধিক শক্তিশালী কৰে !"
আন এটা পোষ্টত তেওঁ লিখিছে, "ভূটানৰ মাননীয় প্ৰধানমন্ত্ৰী এইচ ই দছো চেৰিং টবগেক উষ্ম আলিংগন আৰু মৰমৰ বাবে ধন্যবাদ ।"
ড৹ শৰ্মাই আৰু কয় যে তেওঁ আৰু পত্নী ৰিণিকিয়ে ভূটানৰ ৰাজধানী থিম্ফুত অসমৰ সংস্কৃতিৰ প্ৰদৰ্শনত মন্ত্ৰমুগ্ধ । "থিম্ফুত অসমৰ সংস্কৃতিৰ হৃদয়স্পৰ্শী প্ৰদৰ্শনত ৰিণিকি আৰু মই একেবাৰে মন্ত্ৰমুগ্ধ হৈ পৰিলোঁ । আমাৰ মহান সংস্কৃতিয়ে ভাৰতৰ সীমা অতিক্ৰম কৰিছে, মোৰ বাবে ইয়াতকৈ বেছি আনন্দৰ কথা আন একোৱেই নহয় ৷” মুখ্যমন্ত্ৰী শৰ্মাই Xত উল্লেখ কৰে ।
উল্লেখ্য যে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই পত্নীসহ তিনিদিনীয়া চৰকাৰী ভ্রমণসূচীৰে সোমবাৰে থিম্ফুত উপস্থিত হয় ৷ ভূটানৰ বৈদেশিক মন্ত্ৰী লিয়নপো ডি এন ধুংগিয়েলে বিমানবন্দৰত তেওঁলোকক আদৰণি জনায় । আজি ভূটানৰ ১১৭ সংখ্যক ৰাষ্ট্ৰীয় দিৱস কাৰ্যসূচীতো মুখ্যমন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰে ।
ভূটানৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ এক বিবৃতি অনুসৰি ভূটানৰ ৰজাঘৰীয়া চৰকাৰৰ আমন্ত্ৰণত ভূটান ভ্ৰমণলৈ আহিছে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । ১৬ ডিচেম্বৰৰ পৰা ১৯ ডিচেম্বৰলৈ এই ভ্ৰমণৰ দিন । ড৹ শৰ্মা ভূটান ভ্ৰমণলৈ যোৱা অসমৰ প্ৰথম মুখ্যমন্ত্ৰী । ভূটান আৰু অসমৰ মাজত বন্ধুত্ব আৰু চুবুৰীয়া সম্পৰ্কৰ এক উষ্ণ, ঐতিহাসিক বান্ধোন আছে । এই ভ্ৰমণে ভূটান আৰু ভাৰতৰ অসম ৰাজ্যৰ মাজত ঘনিষ্ঠ সম্পৰ্ক গঢ়ি তোলাৰ লগতে এই সম্পৰ্কসমূহ আৰু অধিক সুদৃঢ় কৰি তুলিব বুলি আশা কৰা হৈছে ।
লগতে পঢ়ক:তিনিদিনীয়া ভ্ৰমণসূচীৰে ভূটানত উপস্থিত সপত্নীক মুখ্যমন্ত্ৰী