ইন্টাৰনেশ্যনেল ডেস্ক, 31 জানুৱাৰী :গাজাৰ পৰা ইজৰাইলে সামৰিক বাহিনী প্ৰত্যাহাৰ কৰিছে যদিও হামাছ আৰু পেলেষ্টাইনীৰ বিৰুদ্ধে যুদ্ধ অব্যাহত ৰাখিছে ইজৰাইলে ৷ মঙলবাৰে পশ্চিম গাজাৰ এখন চিকিৎসালয়ত আক্ৰমণ ইজৰাইলৰ ৷ এই আক্ৰমণত তিনিজন পেলেষ্টাইনী সন্ত্ৰাসবাদী নিহত হৈছে ৷ ঘটনা অনুসৰি, চিকিৎসকৰ ছদ্মবেশত থকা ইজৰাইলীৰ সেনাই বাহিনীয়ে মঙলবাৰে পশ্চিম গাজাৰ এখন চিকিৎসালয়ত আক্ৰমণ চলায় ৷ ফলত তিনিজন পেলেষ্টাইনী সন্ত্ৰাসবাদী নিহত হৈছে ৷
পেলেষ্টাইনৰ স্বাস্থ্য মন্ত্ৰালয়ৰ এজন বিষয়াই কৈছিল যে, ছদ্মবেশত থকা ইজৰাইলীৰ সেনাই পশ্চিম গাজাৰ জেনিন চহৰস্থিত ইবন ছিনা চিকিৎসালয়ৰ ভিতৰত গুলীচালনা কৰিছিল। ইজৰাইলৰ উদ্যেশ্য প্ৰণোদিত আক্ৰমণ আছিল বুলিও দাবী কৰে বিষয়াজনে ৷
চিকিৎসালয়ৰ আন এজন বিষয়াই কয়, চিকিৎসালয়ত নিৰাপত্তাৰ বাবে স্থাপন কৰা চি চি টি ভিত বন্দী হৈছে ইজৰাইল সেনাৰ আকৰ্মণ্যতাৰ দৃশ্য ৷ কেমেৰাত বন্দী হোৱা দৃশ্য অনুসৰি, ইজৰাইলৰ অস্ত্ৰধাৰী সেনাই চিকিৎসালয়খনত বোৰ্খা, চিকিৎসকৰ কোট পিন্ধি আহিছিল । তাৰে এজনে কান্ধত ৰাইফল আৰু আনখন হাতত ভাঁজ কৰা হুইলচেয়াৰ লৈ গৈছিল ।