ৱাশ্বিংটন :আমেৰিকাৰ হোৱাইট হাউচত আক্ৰমণৰ ভয়ংকৰ ষড়যন্ত্ৰ ! অভিযোগ অনুসৰি এই ষড়যন্ত্ৰ কৰিছিল এগৰাকী ভাৰতীয়ই । সাই বৰ্শিত কান্দুলা নামৰ ২০ বছৰীয়া যুৱকজনক ইতিমধ্যে এই গোচৰত ৮ বছৰৰ কাৰাদণ্ড দিয়া হৈছে । বৃহস্পতিবাৰে এক শুনানিৰ সময়ত আদালতে ভাৰতীয় যুৱকজনক এই শাস্তি প্ৰদান কৰে ।
হোৱাইট হাউচ আক্ৰমণৰ পৰিকল্পনা কান্দুলাৰ
অভিযোগ অনুসৰি, ২০২৩ চনৰ ২০ মে'ত এখন ভাৰাৰ ট্ৰাকেৰে হোৱাইট হাউচত আক্ৰমণৰ চেষ্টা কৰিছিল যুৱকজনে । ন্যায় বিভাগে জনোৱা মতে, এই আক্ৰমণৰ উদ্দেশ্য আছিল গণতান্ত্ৰিকভাৱে নিৰ্বাচিত আমেৰিকান চৰকাৰক উৎখাত কৰা ।
ইফালে ২০২৩ চনৰ ৪ মে'ত কান্দুলাই এখন ট্ৰেইলাৰ ট্ৰাক, ডাম্প ট্ৰাক বা আন এখন বৃহৎ ট্ৰাক ভাড়াত লোৱাৰ প্ৰচেষ্টাত আন কেইবাটাও কোম্পানীৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিল । কিন্তু কান্দুলা নিৰাপত্তাৰক্ষী বা ট্ৰেক্টৰ-ট্ৰেইলাৰ ট্ৰাক বা ডাম্প ট্ৰাক যোগাৰ কৰিব পৰা নাছিল ।