অসম

assam

ETV Bharat / international

সমুদ্ৰপথেৰে ড্ৰাগছ সৰবৰাহ ৰোধৰ ক্ষেত্ৰত ভাৰত আৰু শ্ৰীলংকাৰ নৌসেনা-সহযোগিতাৰ গুৰুত্ব - INDIA SRI LANKA TIES

সমুদ্ৰপথৰে পৰিচালিত ড্ৰাগছ চোৰাং ব্যৱসায়ৰ মোকাবিলা কৰিবলৈ শ্ৰীলংকাৰ নৌসেনাই ভাৰতীয় নৌসেনাৰ সৈতে যুটীয়া অভিযান চলাবলৈ পৰিকল্পনা কৰি আছে।

ETV Bharat
প্ৰতীকাত্মক ছবি (এএনআই)

By Aroonim Bhuyan

Published : Dec 4, 2024, 1:06 PM IST

নতুন দিল্লীঃ শ্ৰীলংকাৰ নৌসেনাই ড্ৰাগছ সৰবৰাহ ৰোধৰ বাবে ভাৰতীয় নৌসেনাৰ সৈতে যুটীয়া অভিযান বিচাৰিছে, যিটো শ্ৰীলংকা আৰু ভাৰতৰ মাজত সামুদ্ৰিক সুৰক্ষা সহযোগিতাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ বিকাশ হিচাপে পৰিগণিত হোৱাৰ সম্ভাৱনা আছে।

যোৱা মাহত ভাৰতীয় নৌসেনাই শ্ৰীলংকাৰ নৌসেনাক, নিচাজাতীয় সামগ্ৰী কঢ়িয়াই অনা শ্ৰীলংকাৰ পতাকাযুক্ত মাছ ধৰা নাও দুখনক কৰায়ত্ত কৰাত সহায় কৰিছিল। এইটো প্ৰথমবাৰৰ বাবে আছিল যে শ্ৰীলংকাৰ নৌসেনাই সাগৰত ভাৰতীয় নৌসেনাৰ পৰা সহায় লাভ কৰিছিল। তাৰ পৰিপ্ৰেক্ষিততে, শ্ৰীলংকাৰ নৌসেনাই এই যৌথ সহযোগিতাৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ মনস্থ কৰিছে।

শ্ৰীলংকাৰ নিউজ পৰ্টেল ডেইলী মিৰ'ৰৰ এক প্ৰতিবেদন অনুসৰি, শ্ৰীলংকাৰ নৌসেনাৰ কমাণ্ডাৰ ভাইচ এডমিৰেল প্ৰিয়ন্ত পেৰেৰাই কৈছে যে তেওঁৰ বাহিনীয়ে ভাৰত মহাসাগৰ অঞ্চলত, বিশেষকৈ সমুদ্ৰত ড্ৰাগছ সৰবৰাহ ৰোধ কৰিবলৈ ভাৰতীয় নৌসেনাৰ সৈতে যুটীয়া অভিযান বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছে।

যোৱা মাহত সংঘটিত ঘটনা সন্দৰ্ভত ভাইচ এডমিৰেল পেৰেৰাই কয় যে সাগৰত ড্ৰাগছৰ সাম্ভাৱ্য চোৰাং ব্যৱসায় সম্পৰ্কে চোৰাংচোৱা তথ্য পোৱাৰ পিছত শ্ৰীলংকাৰ কৰ্তৃপক্ষই ক’লম্বোস্থিত ভাৰতীয় উচ্চ আয়োগৰ সৈতে যোগাযোগ কৰে।

পেৰেৰাই কয় "প্ৰতিৰক্ষা গোটে তৎক্ষণাৎ তৎপৰতাৰ প্ৰদৰ্শন কৰিছিল আৰু চোৰাং জাহাজবোৰ চিনাক্ত আৰু অনুসৰণ কৰিবলৈ বিমান আৰু উচ্চ-প্ৰযুক্তিৰ ড্ৰোন মোতায়েন কৰি ভাৰতীয় নৌসেনাক এভিযানত অন্তৰ্ভুক্ত কৰিছিল। শ্ৰীলংকাৰ বিষয়াসকলৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি ভাৰতীয় নৌসেনাৰ দুখন জাহাজ নিচাজাতীয় সামগ্ৰী ভৰ্তি জাহাজসমূহ জব্দ কৰিবলৈ প্ৰেৰণ কৰা হৈছিল।”

ভাৰতীয় উচ্চাযুক্তৰ এক বিবৃতি অনুসৰি, "আৰৱ সাগৰত শ্ৰীলংকাৰ পতাকাযুক্ত মাছ ধৰা জাহাজৰ দ্বাৰা সম্ভাৱ্য ড্ৰাগছ চোৰাং ব্যৱসায়ৰ বিষয়ে শ্ৰীলংকাৰ নৌসেনাৰ পৰা প্ৰাপ্ত তথ্যৰ ভিত্তিত ভাৰতীয় নৌসেনাই নাওসমূহক বাধা দিয়াৰ বাবে এক সমন্বিত অভিযানৰ জৰিয়তে তৎক্ষণাৎ পদক্ষেপ গ্ৰহণ কৰে।"

"গুৰুগ্ৰামত অৱস্থিত তথ্য সংমিশ্ৰণ কেন্দ্ৰৰ (ভাৰত মহাসাগৰ অঞ্চল) পৰা প্ৰাপ্ত তথ্যৰ ওপৰত আধাৰিত কৰি ভাৰতীয় নৌসেনাৰ দীৰ্ঘ দূৰত্বৰ সামুদ্ৰিক টহল বিমান আৰু দূৰৱৰ্তী প্ৰক্ৰিয়াৰে চালিত বিমানৰ দ্বাৰা ব্যাপক নিৰীক্ষণ কৰা হৈছিল। তাৰ পিছত অভিযানটো চলাই নিবলৈ ভাৰতীয় নৌসেনাৰ এখন জাহাজ মোতায়েন কৰা হৈছিল।

বিবৃতিটোত কোৱা হয়, "শ্ৰীলংকাৰ নৌসেনাৰ পৰা বাৰম্বাৰ পোৱা তথ্য আৰু ভাৰতীয় নৌসেনাৰ বিমানৰ দ্বাৰা আকাশী নিৰীক্ষণৰ ওপৰত ভিত্তি কৰি, নাও দুখন চিনাক্ত কৰা হৈছিল। পৰৱৰ্তী সময়ত, এক সমন্বিত অভিযানত, ২৪ আৰু ২৫ নৱেম্বৰত জাহাজখনৰ বৰ্ডিং দলে দুয়োখন নাওৰ লগতে কঢ়িয়াই অনা ১৭০ বিলিয়ন শ্ৰীলংকাৰ টকা মূল্যৰ প্ৰায় ৫০০ কিলোগ্ৰাম নিচাজাতীয় পদাৰ্থ (স্ফটিক মেথ) জব্দ কৰে। পৰৱৰ্তী আইনী ব্যৱস্থা গ্ৰহণৰ বাবে নাও দুখন, কৰ্মচাৰীসকল আৰু জব্দ কৰা নিচাজাতীয় সামগ্ৰীখিনি সাগৰত নিযুক্ত শ্ৰীলংকাৰ নৌসেনাৰ জাহাজক হস্তান্তৰ কৰা হয়।”

ভাৰতীয় উচ্চ আয়োগৰ বিবৃতিত আৰু কোৱা হয় যে এই অভিযান- আঞ্চলিক সামুদ্ৰিক প্ৰত্যাহ্বানসমূহৰ যুটীয়াভাৱে মোকাবিলা কৰিবলৈ আৰু ভাৰত মহাসাগৰ অঞ্চলত নিৰাপত্তা নিশ্চিত কৰাৰ বাবে দুয়োখন নৌসেনাৰ যৌথ সংকল্পৰ প্ৰতীক।

বিবৃতিটোত লগতে উল্লেখ কৰা হয় যে ভাৰত চৰকাৰে দ্বীপৰাষ্ট্ৰখনৰ সামুদ্ৰিক নিৰীক্ষণ ক্ষমতা বৃদ্ধিৰ বাবে শ্ৰীলংকাক ভাৰতীয় নৌসেনাৰ ডৰ্ণিয়াৰ চিপ্লেনো প্ৰদান কৰিছে । ই ভাৰতক অঞ্চলটোত এক পছন্দৰ নিৰাপত্তা অংশীদাৰ হিচাপে পুনৰ প্ৰতিষ্ঠা কৰে আৰু লগতে ই ভাৰত আৰু শ্ৰীলংকাৰ জনসাধাৰণৰ কাৰণে দুয়োখন দেশৰ আৰু ইয়াৰ নৌসেনাৰ মাজৰ ঘনিষ্ঠ সম্পৰ্কৰ ফলাফলৰ প্ৰমাণস্বৰূপ।

উল্লেখ্য যে মুখ্য আন্তঃৰাষ্ট্ৰীয় জাহাজ চলাচল পথৰ সন্ধিস্থলত ভাৰত মহাসাগৰত শ্ৰীলংকাৰ অৱস্থানে ইয়াক সামুদ্ৰিক সুৰক্ষাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ অংশীদাৰ কৰি তোলে। পক প্ৰণালী আৰু মান্নাৰ উপসাগৰে দুয়োখন দেশৰ মাজত আৰু তাৰ বাহিৰত অবৈধ চোৰাং ব্যৱসায়ৰ বাবে কৰিডৰ হিচাপে কাম কৰে।

ভাৰতৰ বিস্তৃত উপকূল আৰু শ্ৰীলংকাৰ সৈতে নিকটৱৰ্তীতাই দেশখনক ড্ৰাগছ সৰবৰাহৰ নেটৱৰ্কৰ বাবে অসুৰক্ষিত কৰি তোলে। দুয়োখন দেশৰ মাজত সামুদ্ৰিক সহযোগিতা শক্তিশালী কৰাটোৱে এই গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহৰ ওপৰত উন্নত পৰ্যবেক্ষণ নিশ্চিত কৰে।

লগতে পঢ়ক:ভাৰত, শ্ৰীলংকাই দেখুৱাইছে শাসন পৰিৱৰ্তনৰ পিছতো কেনেদৰে দ্বিপাক্ষিক সম্পৰ্ক বজাই ৰাখিব লাগে

ABOUT THE AUTHOR

...view details