অসম

assam

ইৰাণত অস্ত্ৰধাৰীৰ আক্ৰমণত মৃত্যু 9 পাকিস্তানীৰ

By ANI

Published : Jan 28, 2024, 7:51 AM IST

অচিনাক্ত অস্ত্ৰধাৰীৰ আক্ৰমণত ইৰাণৰ দক্ষিণ-পূব সীমান্তৰ অশান্ত অঞ্চলত 9 জন পাকিস্তানী শ্ৰমিকৰ মৃত্যু ৷ পাকিস্তানৰ ৰাষ্ট্ৰদূত মুদ্দাছিৰ টিপুৱে নিহত আটাইকেইজনেই পাকিস্তানী নাগৰিক বুলি নিশ্চিত কৰে ।

ইৰাণত অস্ত্ৰধাৰীৰ আক্ৰমণত মৃত্যু  9 জন পাকিস্তানীৰ
ইৰাণত অস্ত্ৰধাৰীৰ আক্ৰমণত মৃত্যু 9 জন পাকিস্তানীৰ

ইণ্টাৰনেশ্যনেল ডেস্ক, 28 জানুৱাৰী:ইৰাণৰ দক্ষিণ-পূব সীমান্তৰ অশান্ত অঞ্চলত শনিবাৰে অচিনাক্ত বন্দুকধাৰীয়ে 9 জন পাকিস্তানী শ্ৰমিকক হত্যা কৰে ৷ চুবুৰীয়া দেশসমূহে সীমা অতিক্ৰম কৰি মাৰাত্মক ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰাৰ এসপ্তাহতকৈও অধিক সময়ৰ পাছত সংঘটিত হৈছে এই শোকাৱহ ঘটনা ৷ উক্ত ক্ষেপণাস্ত্ৰ নিক্ষেপৰ ঘটনাত দুটা শিশুকে ধৰি কেবাজন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ।

পাকিস্তানৰ বৈদেশিক মন্ত্ৰণালয়ে কয় যে চুবুৰীয়া দেশখনত সংঘটিত হোৱা “সন্ত্ৰাসবাদীৰ ভয়ংকৰ আৰু ঘৃণনীয় হত্যাকাণ্ড” সন্দৰ্ভত ইৰাণ কৰ্তৃপক্ষৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে । ইৰাণৰ মেহৰ সংবাদ সংস্থাই প্ৰকাশ কৰা অনুসৰি চিস্তান-বেলুচিস্তান প্ৰদেশৰ ছাৰাভান চহৰৰ ছিৰকান চুবুৰীৰ এটা ঘৰত অচিনাক্ত অস্ত্ৰধাৰীয়ে 9 জনকৈ বিদেশী লোকক হত্যা কৰে । ইৰাণৰ আভ্যন্তৰীণ মন্ত্ৰী আহমদ ৱাহিদীয়ে মৃত্যু হোৱা সকলোলোক “বিদেশী নাগৰিক” বুলি উল্লেখ কৰে ।

পৰৱৰ্তী সময়ত তেহৰাণত থকা পাকিস্তানৰ ৰাষ্ট্ৰদূত মুদ্দাছিৰ টিপুৱে নিহত আটাইকেইজনেই পাকিস্তানী নাগৰিক বুলি নিশ্চিত কৰে । টিপিয়ে কয় যে, "ছাৰাভানত 9 জন পাকিস্তানীৰ ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনাত অত্যন্ত আচৰিত হৈছো । দূতাবাসে শোকসন্তপ্ত পৰিয়ালসমূহক সম্পূৰ্ণ সহযোগিতা আগবঢ়াব ।"

বালুচ অধিকাৰ সংগঠন হালভাছে নিজৰ ৱেবছাইটত মৃত্যু ঘটা শ্ৰমিকসকল পাকিস্তানী শ্ৰমিক বুলি জনায় ৷ আটাইকেইজনে এখন অটো মেৰামতিৰ দোকানত কাম কৰিছিল আৰু তাতে বাস কৰিছিল বুলি জানিব পৰা গৈছে । এই ঘটনাত আন তিনিজন আহত বুলিও জানিব পৰা গৈছে ।

উল্লেখ্য যে, অৱশ্যে যোৱা সোমবাৰে দুয়োখন দেশে তেওঁলোকে সমস্যা কম কৰাৰ বাবে সিদ্ধান্ত লৈছে বুলি ঘোষণা কৰে আৰু দুয়োগৰাকী ৰাষ্ট্ৰদূতে নিজৰ পদলৈ ঘূৰি আহি কূটনৈতিক অভিযান পুনৰ আৰম্ভ কৰিছে ।

লগতে পঢ়ক:মধ্যপ্ৰাচ্যৰ সংঘাতে প্ৰভাৱিত কৰিছে ভাৰত মহাসাগৰত যাতায়াতৰ সুৰক্ষাক; ইউএনএছচিত ভাৰত

ABOUT THE AUTHOR

...view details