ইণ্টাৰনেশ্যনেল,৭ এপ্ৰিল :বৰ্তমান পৃথিৱীৰ আটাইতকৈ বয়সস্থ ব্যক্তিজনে তেওঁৰ এই দীৰ্ঘ জীৱনৰ ৰহস্য ফাদিল কৰিছে । তেওঁৰ মতে ভাগ্য, সংযম আৰু প্ৰতি শুকুৰবাৰে মাছ আৰু চিপছ ইয়াৰ অন্যতম কাৰণ ।
১১১ বছৰীয়া ইংৰাজ জন আলফ্ৰেড টিনিছউডক গিনিছ ৱৰ্ল্ড ৰেকৰ্ডছে বৰ্তমান আটাইতকৈ বয়সস্থ ব্যক্তি হিচাপে নিশ্চিত কৰিছে । এই মাহত ১১৪ বছৰ বয়সত ভেনিজুৱেলাৰ আটাইতকৈ বয়সস্থ জুয়ান ভিচেণ্ট পেৰেজৰ মৃত্যু হয় । পৰৱৰ্তী দীৰ্ঘম্যাদী জাপানৰ গিচাবুৰো চোনোবেৰ ৩১ মাৰ্চত ১১২ বছৰ বয়সত মৃত্যু হৈছিল ।
টিনিছউডক বৃহস্পতিবাৰে গিনিছ ৱৰ্ল্ড ৰেকৰ্ডছে উত্তৰ-পশ্চিম ইংলেণ্ডৰ চাউথপোৰ্টত তথা তেওঁৰ কেয়াৰ হোমত বিশ্বৰ আটাইতকৈ বয়সস্থ হিচাপে এখন প্ৰমাণপত্ৰ প্ৰদান কৰে । টাইটানিক ডুব যোৱাৰ কেইমাহমান পিচতে অৰ্থাৎ ১৯১২ চনৰ ২৬ আগষ্টত লিভাৰপুলত জন্মগ্ৰহণ কৰা টিনিছউডে দ্বিতীয় বিশ্বযুদ্ধত ব্ৰিটিছ আৰ্মি পে কৰ্পছত সেৱা আগবঢ়াইছিল ।