ৱাশ্বিংটন: আমেৰিকাৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে আজি কাৰ্যভাৰ আৰু গোপনীয়তাৰ শপত গ্ৰহণ কৰে ড’নাল্ড ট্ৰাম্পে । ইয়াৰ লগে লগে ট্ৰাম্পৰ হোৱাইট হাউছত দ্বিতীয়টো কাৰ্যকাল আনুষ্ঠানিকভাৱে আৰম্ভ হৈছে । আমেৰিকাৰ কেপিটেল হিলত অনুষ্ঠিত এক অনুষ্ঠানত ট্ৰাম্পক শপত বাক্য পাঠ কৰোৱাই আমেৰিকাৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ জন ৰবাৰ্টছে । বিদায়ী ৰাষ্ট্ৰপতি জো বাইডেনেও এই কাৰ্যসূচীত উপস্থিত থাকে ।
ট্ৰাম্পৰ পূৰ্বে নৱনিৰ্বাচিত উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সক শপত গ্ৰহণ কৰে । আমেৰিকাৰ প্ৰচণ্ড শীতৰ বাবে এইবাৰ প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণ অনুষ্ঠান মুকলি ঠাইৰ পৰিবৰ্তে সংসদ ভৱনৰ ভিতৰত অনুষ্ঠিত হয় ।
শপতগ্ৰহণৰ পূৰ্বে বিদায়ী ৰাষ্ট্ৰপতি জো বাইডেন আৰু ফাৰ্ষ্ট লেডী জিল বাইডেনে ড’নাল্ড ট্ৰাম্প আৰু তেওঁৰ পত্নী মেলানিয়া ট্ৰাম্পক হোৱাইট হাউছত চাহ খাবলৈ আদৰণি জনায় । লগতে নৱনিৰ্বাচিত উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সেও পত্নী উষা চিলুকুৰি ভেন্সৰ সৈতে হোৱাইট হাউছত উপস্থিত হয় । তেওঁক আদৰণি জনায় বিদায়ী উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছ আৰু তেওঁৰ স্বামী ডগলাছ ক্ৰেগ এমহফে ।
ইয়াৰ পিছতে বিদায়ী ৰাষ্ট্ৰপতি বাইডেনৰ সৈতে শপত ল’বলৈ কেপিটেল হিলত উপস্থিত হয় ড’নাল্ড ট্ৰাম্প ।