ইণ্টাৰনেচনেল ডেস্ক, ২৭ মাৰ্চ : মেৰিলেণ্ড দলং দুৰ্ঘটনাত শোক ব্যক্ত কৰিছে ৱাশ্বিংটনৰ ভাৰতীয় দূতাবাসে । মঙলবাৰে এখন মালবাহী জাহাজে শক্তি হেৰুৱাই এখন ডাঙৰ দলঙত খুন্দা মৰাৰ পিছত সংঘটিত এই 'দুৰ্ভাগ্যজনক দুৰ্ঘটনা'ত ভাৰতীয় দূতাবাসে শোক প্ৰকাশ কৰে ।
আনহাতে, মেৰিলেণ্ডৰ গভৰ্ণৰে প্ৰকাশ কৰা অনুসৰি জাহাজখনৰ মুঠ ২২ জন কৰ্মচাৰীৰ আটাইকেইগৰাকীয়ে ভাৰতীয় । ছিংগাপুৰৰ পতাকাযুক্ত কণ্টেইনাৰ জাহাজ ডালিৰ মালিক আৰু মেনেজাৰসকলে জনাইছে যে জাহাজখন ২৬ মাৰ্চত স্থানীয় সময় অনুসৰি প্ৰায় ১.৩০ বজাত বাল্টিমোৰৰ ফ্ৰান্সিছ স্কট কী ব্ৰীজৰ এটা স্তম্ভৰ সৈতে সংঘৰ্ষৰ সৃষ্টি হয় । আনহাতে, জাহাজ ব্যৱস্থাপনা কোম্পানী চিনাৰ্জি মেৰিন গ্ৰুপে এক বিবৃতিত কয় যে জাহাজখনত দুজন কেপ্টেইন আছিল ।
মঙলবাৰে পুৱতি নিশা এখন মালবাহী জাহাজে শক্তি হেৰুৱাই বাল্টিমোৰৰ এখন ডাঙৰ দলঙত খুন্দা মাৰে । যাৰ ফলত মাত্ৰ কেইছেকেণ্ডমানৰ ভিতৰতে দলংখনৰ কেইবা মিটাৰ ধ্বংস হয় আৰু নদীৰ পানীত ডুব যায় । এই ভয়ংকৰ দুৰ্ঘটনাৰ ফলত ছয়জন লোক সন্ধানহীন হয় আৰু তেওঁলোক নিহত হোৱা বুলি সন্দেহ কৰা হৈছে । অৱশ্যে তেওঁলোকৰ সন্ধান অভিযান চলি আছে ।
দুৰ্ঘটনাটো সন্দৰ্ভত মেৰিলেণ্ডৰ গভৰ্ণৰে কয় যে দুৰ্ঘটনাত ফ্ৰান্সিছ স্কটৰ মুখ্য দলংখন ধ্বংসৰ হোৱাৰ কিছু মুহূৰ্ত পূৰ্বে জাহাজখনৰ কৰ্মচাৰীসকলে এটা মে'ডে' কল জাৰি কৰিছিল । যাৰ ফলত কৰ্তৃপক্ষই দলংখনৰ ওপৰত বাহনৰ যাতায়াত সীমিত কৰিবলৈ সক্ষম হৈছিল ।
জাহাজখনে দলংখনৰ এটা সমৰ্থনৰ খুঁটাত আঘাত কৰাৰ ফলত গাঁথনিটো পুতলাৰ দৰে খহি পৰে । দলংখনৰ এটা অংশ জাহাজখনৰ ওপৰত লাগি হোৱা সংঘৰ্ষৰ ফলত তাত জুই লাগে ।
সন্ধিয়া মেৰিলেণ্ড প্ৰদেশ আৰক্ষীৰ অধীক্ষক কৰ্ণেল ৰোলেণ্ড এল বাটলাৰ জুনিয়ৰে ঘোষণা কৰে যে অনুসন্ধান আৰু উদ্ধাৰ অভিযান তীব্ৰ গতিত চলি আছে যদিও নিশাৰ ভাগত অনুসন্ধান স্থগিত ৰখা হৈছে । ডুবাৰুসকলে বুধবাৰে পুৱা ৬ বজাৰ পৰা অভিযান পুনৰ আৰম্ভ কৰিব । নিশাৰ প্ৰত্যাহ্বানজনক পৰিস্থিতিৰ বাবে অভিযান বন্ধ ৰখা বুলি তেওঁ কয় ।
উল্লেখ্য যে ২.৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই দলংখন এখন অতি ব্যস্ত দলং আৰু যোৱা বছৰ এই দলংখনৰ ওপৰেৰে ১২ নিযুত বাহনে যাতায়াত কৰিছিল । ৰাজ্যখনৰ পৰিবহণ সচিব পল ৱিডেফেল্ডে কয় যে এতিয়াও সন্ধানহীন লোককেইজন দলংখনৰ মেৰামতিৰ কামত জড়িত এটা নিৰ্মাণ সংস্থাৰ কৰ্মী আছিল ।