ETV Bharat / international

কানাডাত হিন্দু মন্দিৰত আক্ৰমণ খালিস্তানী সমৰ্থকৰ: প্ৰধানমন্ত্ৰী ট্ৰুডোৱে ক’লে- এয়া গ্ৰহণযোগ্য নহয় - ATTACK ON HINDU TEMPLE

কানাডাত সংঘটিত হৈছে এক অঘটন ৷ হিন্দু মন্দিৰত ভক্তক আক্ৰমণ খালিস্তানী সমৰ্থকৰ ৷ প্ৰধানমন্ত্ৰীৰ প্ৰতিক্ৰিয়া ৷

ATTACK ON HINDU TEMPLE
হিন্দু মন্দিৰত ভক্তক আক্ৰমণ খালিস্তানী সমৰ্থকৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Nov 4, 2024, 11:34 AM IST

অট'ৱা: কানাডাত হত্যাৰ বলি হোৱা খালিস্তানী সমৰ্থক হৰদ্বীপ সিং নিজ্জাৰৰ হত্যাকাণ্ডক লৈ ভাৰত আৰু কানাডাৰ সম্পৰ্ক তিক্ত হৈ পৰিছে ৷ ইয়াৰ মাজতেই এইবাৰ কানাডাৰ পৰা আহিছে হিন্দু মন্দিৰ ধ্বংস কৰা এক খবৰ ৷

ব্ৰেম্পটনত থকা হিন্দু সভা মন্দিৰটো ধ্বংস কৰাৰ অভিযোগ উঠিছে কানাডাত থকা খালিস্তানী সমৰ্থৰ বিৰুদ্ধে ৷ এই কাৰ্যক গৰিহণা দিয়ে কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে ৷ ধৰ্মীয় স্বাধীনতাৰ গুৰুত্ব সম্পৰ্কে আলোকপাত কৰি ট্ৰুডোৱে কয় যে প্ৰতিগৰাকী কানাডাবাসীৰেই মুক্ত তথা সুৰক্ষিতভাৱে নিজ ধৰ্ম পালনৰ অধিকাৰ আছে ৷

X যোগে প্ৰতিক্ৰিয়া ব্যক্ত কৰি ট্ৰুডোৱে কয়, ‘‘ব্ৰেম্পটনৰ হিন্দু সভা মন্দিৰত সংঘটিত হিংসাত্মক ঘটনা গ্ৰহণযোগ্য নহয় ৷ প্ৰতিজন কানাডিয়ানৰ মুক্ত আৰু সুৰক্ষিতভাৱে ধৰ্ম উপাসনা কৰাৰ অধিকাৰ আছে ৷ এই ঘটনাৰ অনুসন্ধান কৰাৰ লগতে সম্প্ৰদায়টোৰ সুৰক্ষা প্ৰদান কৰাৰ বাবে পীল আৰক্ষীক ধন্যবাদ জনাইছো ৷’’

ইয়াৰ পূৰ্বে কানাডাৰ বিৰোধী নেতা পিয়েৰ পইলিয়েভ্ৰাই কয়, ‘‘মুঠেও গ্ৰহণযোগ্য নহয় ৷’’ তেওঁ আৰু কয় যে সংৰক্ষণশীলসকলে এই আক্ৰমণক গৰিহণা দিছে আৰু জনসাধাৰণক একত্ৰিত কৰি বিশৃংখলতাৰ অন্ত পেলোৱাৰ প্ৰতিশ্ৰুতি দিছে । X যোগে প্ৰকাশ কৰা এক মন্তব্যত পইলিয়েভ্ৰাই লিখিছে, ‘‘আজি ব্ৰেম্পটনৰ হিন্দু সভা মন্দিৰত উপাসকক লক্ষ্য কৰি হিংসা হোৱাটো কোনো মতেই গ্ৰহণযোগ্য নহয় ।’’

তেওঁ লগতে কয়, ‘‘সকলো কানাডিয়ানে শান্তিৰে নিজৰ ধৰ্ম পালন কৰিবলৈ স্বাধীনতা পাব লাগে । ৰক্ষণশীলসকলে হিংসাক নিৰ্দ্বিধায় গৰিহণা দিয়ে । মই আমাৰ জনসাধাৰণক একত্ৰিত কৰি বিশৃংখলতাৰ অন্ত পেলাম ।’’

ইফালে, টৰন্টোৰ সাংসদ কেভিন ৱুঙেও এই আক্ৰমণক গৰিহণা দি কয়, ‘‘কানাডা উগ্ৰপন্থীৰ বাবে এক নিৰাপদ বন্দৰ হৈ পৰিছে ৷’’ তেওঁ দৃঢ়তাৰে কয় যে দেশখনৰ নেতাসকলেও খ্ৰীষ্টান আৰু ইহুদী কানাডিয়ানসকলক সুৰক্ষা প্ৰদান কৰাত ব্যৰ্থ হোৱাৰ দৰেই হিন্দুসকলক সুৰক্ষা প্ৰদান কৰাত ব্যৰ্থ হৈছে ।

এই আক্ৰমণৰ পাছতে কানাডাৰ হিন্দু সম্প্ৰদায়ৰ বাবে কাম কৰা স্বেচ্ছাসেৱী সংস্থা হিন্দু কানাডিয়ান ফাউণ্ডেচনে মন্দিৰটোত হোৱা আক্ৰমণৰ ভিডিঅ’ শ্বেয়াৰ কৰি কয় যে খালিস্তানী সন্ত্ৰাসবাদীয়ে শিশু আৰু মহিলাক আক্ৰমণ কৰিছিল । X ত এটা ভিডিঅ' শ্বেয়াৰ কৰি হিন্দু কানাডিয়ান ফাউণ্ডেচনে লিখিছে, ‘‘হিন্দু সভা মন্দিৰত # KhalistaniTerrorists #khalistan ৰ আক্ৰমণ ।’’

পোষ্টটোত লগতে কোৱা হৈছে, ‘‘শিশু-মহিলা আৰু পুৰুষক আক্ৰমণ কৰা হৈছে । এই সকলোবোৰ খালিস্তানী ৰাজনীতিবিদৰ সমৰ্থকসকলৰ সমৰ্থনত হৈ আছে ।’’

কানাডাৰ সংসদৰ সদস্য চন্দ্ৰ আৰ্যই মন্দিৰটোত হোৱা আক্ৰমণক গৰিহণা দি কয় যে খালিস্তানী উগ্ৰপন্থীয়ে “সীমা অতিক্ৰম কৰিছে” আৰু তেওঁ কানাডাত হিংসাত্মক উগ্ৰবাদৰ উত্থানৰ ওপৰত আলোকপাত কৰে ।

এক্সত আক্ৰমণৰ ভিডিঅ’ শ্বেয়াৰ কৰি আৰ্যই লিখিছে, ‘‘আজি কানাডাৰ খালিস্তানী উগ্ৰপন্থীয়ে সীমা পাৰ কৰিছে । ব্ৰেম্পটনৰ হিন্দু সভা মন্দিৰৰ চৌহদৰ ভিতৰত হিন্দু-কানাডিয়ান ভক্তৰ ওপৰত খালিস্তানীৰ আক্ৰমণে দেখুৱাইছে যে কানাডাত খালিস্তানী উগ্ৰবাদ কিমান হিংসাত্মক আৰু ভয়ংকৰ হৈ পৰিছে ।"

লগতে পঢ়ক: ভাৰত-কানাডা সম্পৰ্ক; সংসদীয় পেনেলক বিষয়টো সম্পৰ্কে জনাব বৈদেশিক সচিবে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.