ইণ্টাৰনেচনেল ডেস্ক, ৮ ফেব্ৰুৱাৰী : পাকিস্তানৰ নেচনেল ডেম'ক্ৰেটিক মুভমেণ্টৰ (এনডিএম) অধ্যক্ষ মহছিন দাৱাৰে উল্লেখ কৰিছে যে চলিত সাধাৰণ নিৰ্বাচনৰ সময়ত খাইবাৰ পাখতুনখোৱাৰ টাপ্পিত তিনিগৰাকী মহিলা পোলিং এজেণ্টক তালিবানে আক্ৰমণ কৰে ।
অৱশ্যে, তিনিওগৰাকী মহিলা অলপৰ বাবে বিস্ফোৰণৰ পৰা ৰক্ষা পৰে । এনডিএম নেতা দাৱাৰে লগতে উল্লেখ কৰে যে তেওঁ জিলা ৰিটাৰ্ণিং বিষয়াক (ডিআৰঅ') টাপ্পিৰ ভোটকেন্দ্ৰ সলনি কৰিবলৈ কৈছিল । কিন্তু তেওঁৰ পত্ৰখন উপেক্ষা কৰা হয় ।
তদুপৰি, তেওঁ পাকিস্তানৰ নিৰ্বাচন আয়োগক (ইচিপি) টাপ্পিৰ নিৰাপত্তা পৰিস্থিতিৰ ওপৰত জৰুৰীভাৱে মনোযোগ দিবলৈও কয় । "টাপ্পিত আমাৰ তিনিগৰাকী মহিলা ভোটগ্ৰহণ এজেণ্টক তালিবানে আক্ৰমণ কৰিছে । তেওঁলোকে বিস্ফোৰণৰ পৰা অলপৰ বাবে ৰক্ষা পৰিছে । মই টাপ্পিৰ ভোটকেন্দ্ৰ সলনি কৰিবলৈ ডিআৰঅ'লৈ পত্ৰ লিখিছিলোঁ । কিন্তু মোৰ পত্ৰখন উপেক্ষা কৰা হয় । ইচিপিয়ে টাপ্পিৰ নিৰাপত্তা পৰিস্থিতিৰ ওপৰত জৰুৰীভাৱে মনোযোগ দিব লাগিব ।" এনডিএম নেতা মহছিন দাৱাৰে এক্সত শ্বেয়াৰ কৰা এটা পোষ্টত কয় ।
উল্লেখ্য যে ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে পাকিস্তানৰ ডেৰা ইছমাইল খানত নিৰাপত্তা বাহিনীৰ বাহনত হোৱা আক্ৰমণত এজন সুৰক্ষা কৰ্মী নিহত হয় । আক্ৰমণকাৰীয়ে নিৰ্বাচনৰ দায়িত্বত থকা বাহনখনত আক্ৰমণ চলায় বুলি চামা টিভিয়ে এক সূত্ৰৰ উদ্ধৃতি দি প্ৰকাশ কৰে ।