আগতে চাইকেল প্ৰতিখন ঘৰৰে এক অবিচ্ছেদ্য অংগ আছিল ৷ কিন্তু গাড়ীৰ প্ৰয়োভৰত এতিয়া চাইকেলৰ ব্যৱহাৰ লোপ পোৱাৰ দৰেই হ’ল ৷ কিন্তু আপুনি জানি আচৰিত হ’ব যে চাইকেল আমাৰ শৰীৰৰ বাবে কোনো ঔষধতকৈ কম নহয় ৷ যদি আপুনি সদায় সুস্থ হৈ থাকিবলৈ বিচাৰে, তেনেহ'লে দৈনিক চাইকেল চলোৱাৰ অভ্যাস কৰক ৷
চিকিৎসকৰ মতে, চাইকেল চলালে আমি আমাৰ ওজন তথা কলেষ্টেৰল হ্ৰাস কৰাই নহয় হাড় শক্তিশালী কৰাৰ লগতে বহুতো স্বাস্থ্য সম্পৰ্কীয় সমস্যা প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ কৰিব পাৰো ৷
কেৱল এয়াই নহয়, চাইকেলে শাৰীৰিক আৰু মানসিকভাৱে এক স্বাস্থ্যকৰ জীৱন প্ৰদান কৰাত সহায় কৰিব পাৰে ৷ চাইকেল চলোৱাৰ উপকাৰিতা লগতে চাইকেল চলাওঁতে লবলগীয়া সাৱধানতাসমূহৰ বিষয়ে আজি জানো আহক-
চাইকেল চলোৱাৰ লাভালাভ
১. ওজন হ্ৰাসত সহায়ক
আজিকালি অধিকাংশ লোকেই ওজন বৃদ্ধি, মেদবহুলতাৰ সমস্যাত ভুগিবলগীয়া হৈছে যি পিচলৈ ডাঙৰ ডাঙৰ ৰোগৰ কাৰণ হ’ব পাৰে ৷ ওজন বৃদ্ধিৰ সমস্যাৰ ফলত আমাৰ শৰীৰত বহু ৰোগে দেখা দিয়ে ৷ এইসমূহ সমস্যাৰ পৰা বাচি থাকিবলৈ আপুনি চাইকেল চলাব পাৰে ৷ চাইকেল চলোৱাৰ সময়ত আমাৰ শৰীৰে কেলৰি বাৰ্ণ কৰে ৷ যাৰ ফলত শৰীৰে অতিৰিক্ত চৰ্বি জমা কৰিব নোৱাৰে আৰু ওজন বৃদ্ধিৰ সমস্যা হ্ৰাস হয় ৷
২. গাঁঠিৰ বাবে লাভজনক
গধুৰ ব্যায়াম কৰিলে আমাৰ গাঁঠিৰ ওপৰত যথেষ্ট চাপ পৰে ৷ ইয়াৰ ফলত আৰ্থ্ৰাটিছৰ আশংকা বৃদ্ধি পায় ৷ কিন্তু চাইকেল চলাওঁতে আপোনাৰ আঁঠুৰ ওপৰত চাপ নপৰে ৷ চাইকেল চলোৱাৰ ফলত আমাৰ গাঁঠিবোৰ শক্তিশালীহে হয় ভৱিষ্যতে আৰ্থ্ৰাটিছৰ কোনো আশংকা নাথাকে ৷
৩. নতুনকৈ ব্যায়াম আৰম্ভ কৰাৰ সকলৰ বাবে
যদি আপুনি নতুনকৈ ফিটনেছৰ যাত্ৰা আৰম্ভ কৰিবলৈ বিচাৰে বা যিকোনো আঘাত বা ৰোগৰ পৰা আৰোগ্য হৈছে, আপুনি লাহে লাহে চাইকেল চলাব পাৰে ৷
৪. কলেষ্টেৰল হ্ৰাসতো সহায়ক
চাইকেল চলোৱাটোৱে কলেষ্টেৰলৰ স্তৰ উন্নত কৰে ৷ যিয়ে আপোনাৰ হৃদযন্ত্ৰৰ স্বাস্থ্য ভালে ৰাখে ৷ হৃদযন্ত্ৰ ভালে থাকিলে ষ্ট্ৰটক আৰু হাৰ্ট এটাকৰ সম্ভাৱনা হ্ৰাস হয় ৷
৫. মানসিক স্বাস্থ্য উন্নত
প্ৰতিদিনে কিছু সময়ৰ বাবে চাইকেল চলোৱাটোৱে আপোনাৰ মানসিক স্বাস্থ্য উন্নত কৰিব পাৰে ৷ চাইকেল চলোৱাটোৱে মনক শিথিল কৰে আৰু চাপ, উদ্বেগৰ দৰে সমস্যা হ্ৰাস কৰে ৷ প্ৰকৃততে, চাইকেল চলোৱা হৈছে এক প্ৰকাৰৰ ব্যায়াম, যাৰ ফলত মস্তিষ্কই সুখী হৰমন মুকলি কৰে ৷ ই চাপ হ্ৰাস কৰি মনোভাৱ উন্নত কৰে ৷
৬. দিব পাৰে ইতিবাচক আৰম্ভণি
চাইকেল চলোৱাৰ দৰে স্বাস্থ্যকৰ কাৰ্যকলাপেৰে আপোনাৰ দিনটো আৰম্ভ কৰিলে আপুনি নিজকে সুখী আৰু ফিট কৰি ৰাখিব পাৰে ৷ কেৱল এয়াই নহয়, ই আপোনাৰ গোটেই দিনটো অতি ভাল কৰিব পাৰে ৷
৭. চাইকেল পৰিৱেশ অনুকূল
চাইকেল পৰিৱেশ অনুকুল, যি কোনো ধৰণৰ প্ৰদূষণৰ কাৰক নহয় ৷ সেয়েহে, গাড়ী-মটৰ বাদ দি চাইকেল চলাই আপুনি পৰিৱেশ ৰক্ষাতো অৱদান আগবঢ়াব পাৰে ৷
৮. হৃদৰোগৰ আশংকা হ্ৰাস কৰিব পাৰে
চাইকেল চলোৱাৰ ফলত কাৰ্ডিঅ’ভাস্কুলাৰ কাৰ্যক্ষমতা উন্নত হয় আৰু ই হৈছে আপোনাৰ সামগ্ৰিক ফিটনেছ স্তৰ বৃদ্ধি কৰাৰ এক উৎকৃষ্ট উপায় ৷ ২০১৯ৰ এক সমীক্ষাৰ ফলাফলত ইতিমধ্যে প্ৰমাণ হৈছে যে চাইকেল চলোৱাটোৱে হৃদৰোগৰ আশংকা বহু পৰিমাণে হ্ৰাস কৰিব পাৰে ৷
চাইকেল চলোৱা সময়ত আপোনাৰ সুৰক্ষাৰ এই দিশবোৰ মনত ৰাখিব
- সদায় যান-বাহনৰ নিয়ম অনুসৰণ কৰিব ৷ চাৰিআলি আৰু ব্যস্ত স্থানৰ মাজেৰে যাওঁতে সাৱধানতা অৱলম্বন কৰিব ৷
- আপোনাৰ চাইকেলৰ চেইনত যাতে কাপোৰ লাগি নধৰে, সেই বিষয়ত সতৰ্ক হ'ব ৷ চাইকেল চলাওঁতে ঢিলা কাপোৰ নিপিন্ধিব ৷
- বেয়া বতৰত চাইকেল চলাওঁতেও সাবধানতা অৱলম্বন কৰিব ৷
- যদি শৰীৰত আঘাত, ভাগৰ বা পেশীৰ বিষ থাকে, তেনেহ'লে চাইকেল নচলাব ৷
লগতে পঢ়ক:চাইকেল চলাই ভালপায় নেকি ? তেন্তে এই প্ৰতিবেদন আপোনাৰ বাবে