কঁকালৰ বিষ; প্ৰায় সকলো বয়সৰ লোকৰ মাজত যোৱা কেইবছৰমানৰ পৰা এই সমস্যা যথেষ্ট সাধাৰণ হৈ পৰিছে । কিন্তু কিছুমান যোগ আসন আছে যিয়ে এই সমস্যাৰ পৰা সকাহ দিব পাৰে, যদিহে সেইবোৰ প্ৰশিক্ষকৰ পৰা প্ৰশিক্ষণ লোৱাৰ পাচত আৰু প্ৰয়োজনীয় সাৱধানতাৰে কৰা হয় ।
ভুল ভংগীমা, সক্ৰিয় ৰুটিনৰ অভাৱ, পুষ্টিৰ অভাৱ আৰু আন বহু কাৰণত যোৱা কেইবছৰমানৰ পৰা কেৱল বৃদ্ধৰ ক্ষেত্ৰতে নহয় সকলো বয়সৰ লোকৰ ক্ষেত্ৰতো কঁকালৰ বিষ বা মেৰুদণ্ডৰ সমস্যাৰ ক্ষেত্ৰ যথেষ্ট বৃদ্ধি পাইছে । এই কথা চিকিৎসকে নিশ্চিত কৰিছে ।
এগৰাকী চিকিৎসকে কয় যে অফিচ, ঘৰ, স্কুল বা কলেজত লেপটপৰ সন্মুখত বেয়া ভংগীমাত বহি বহু সময় পঢ়া-শুনা আৰু কাম কৰা, আধা দিনতকৈ অধিক সময় ম’বাইলত ব্যস্ত থকা, ব্যায়াম নকৰা আদি কাৰণত মানুহৰ ডিঙি, কান্ধ আৰু কঁকালৰ সৈতে জড়িত হাড় আৰু পেশী সম্পৰ্কীয় সমস্যা যথেষ্ট বৃদ্ধি পাইছে । যাৰ ফলত ছাৰ্ভাইকেল, চাইটিকা আৰু স্পণ্ডাইলাইটিছকে ধৰি বহু সমস্যাৰ সৃষ্টি হোৱা দেখা যায় ।
অৱশ্য়ে কিছুমান যোগ আসন এনে সমস্যাৰ পৰা সকাহ দিয়াৰ ক্ষেত্ৰত অতি সহায়ক হ’ব পাৰে । কৰ্ণাটকৰ মহীশূৰৰ যোগ বিশেষজ্ঞ মীনাক্ষী ভাৰ্মাই কয় যে কিছুমান বিশেষ ধৰণৰ আৰু অতি সহজ যোগাসন আছে, যাৰ নিয়মীয়া অভ্যাসে পিঠি আৰু কান্ধৰ বিষৰ লগতে পেশী সম্পৰ্কীয় সমস্যাৰ ক্ষেত্ৰটো বহুখিনি সকাহ দিব পাৰে ।
ইয়াৰে কিছুমান তলত দাঙি ধৰা হ’ল-
অৰ্ধ শলভাসন :-
- অৰ্ধ শলভাসনৰ বাবে প্ৰথমে মাটিত কাৰ্পেট বা যোগাসনৰ মেট মেলি তল পেট কৰি শুব
- পিঠি আৰু ভৰি দুখন পোনকৈ ৰাখিব
- এতিয়া হাত দুখন উৰুৰ কাষত ৰাখি থুতুৰিটো মাটিত স্পৰ্শ কৰাকৈ ৰাখক
- এতিয়া দীঘলকৈ উশাহ এটা লৈ সোঁ ভৰিখন বতাহত তুলি লওক । মনত ৰাখিব যে এই অৱস্থাত দুয়োখন হাত মাটিক স্পৰ্শ কৰি থাকে
- এই ভংগীমাত কেইছেকেণ্ডমান থকাৰ পাচত ভৰি দুখন পুনৰ মাটিলৈ আনিব লাগে
- এতিয়া বাওঁ ভৰিখনেৰে একে প্ৰক্ৰিয়া পুনৰাবৃত্তি কৰক
ভূজংগাসন :-
- ভুজংগাসন কৰিবলৈ মেটত পেট পেলাই শুই দুয়োখন হাতৰ তলুৱা বুকুৰ কাষত ৰাখক
- এতিয়া লাহে লাহে উশাহ লৈ হাতৰ তলুৱাৰ সহায়ত শৰীৰৰ ওপৰৰ অংশটো ওপৰলৈ তুলি লওক আৰু কঁকালটো পোন কৰি লওক
- এই ক্ৰমত আপোনাৰ ক্ষমতা অনুসৰি ডিঙিটো পিছলৈ লৰচৰ কৰিবলৈ চেষ্টা কৰক
- কিছু সময় এই ভংগীমাত কৰক
শশাংক ভুজংগাসন :-
- শশংক ভুজংগাসন কৰিবলৈ প্ৰথমে গোৰোহাত বজ্ৰাসন ভংগীমাত মেটত বহিব লাগে । এতিয়া দুয়োখন হাত উৰুৰ ওপৰত থৈ দিব
- কান্ধৰ সন্মুখত বাহু দুটা আগবঢ়াই দিয়ক
- এতিয়া লাহে লাহে বুকুখন আগলৈ বেঁকা কৰি হাত আৰু কান্ধ মাটিৰ ফালে লৈ একে ক্ৰমত মাটিত ৰাখক
- মনত ৰাখিব যে এই অৱস্থাত দুয়োখন হাত মাটিত পোনকৈ থাকে
- এতিয়া শৰীৰৰ আগফালৰ অংশটো নাভিৰ পৰা ওপৰলৈ তুলি লওক আৰু আপোনাৰ ক্ষমতা অনুসৰি ডিঙিটো ওপৰলৈ লৈ যাওক
- কিছু মুহূৰ্ত এই অৱস্থাত থাকি পুনৰ বজ্ৰাসন অৱস্থালৈ আহক