অসম

assam

ETV Bharat / health

মূৰৰ সামান্য আঘাতে আপোনাৰ জীৱনলৈ কেনেকৈ মাতিব পাৰে ডাঙৰ বিপদ

World Head Injury Awareness Day 2024: মূৰৰ আঘাতৰ ভয়াৱহতা আৰু ইয়াৰ লগত জড়িত গুৰুত্বপূৰ্ণ বিষয়সমূহৰ বিষয়ে সমগ্ৰ বিশ্বৰ সাধাৰণ জনতাক সজাগ কৰি তোলা আৰু এনে ধৰণৰ আঘাত এৰাই চলিবলৈ প্ৰয়োজনীয় সাৱধানতা আৰু উপযোগী পদ্ধতি গ্ৰহণ কৰিবলৈ প্ৰেৰণা যোগোৱাৰ উদ্দেশ্যেৰে প্ৰতি বছৰে ২০ মাৰ্চৰ দিনটো “বিশ্ব মূৰৰ আঘাত সজাগতা দিৱস” হিচাপে পালন কৰা হয় ৷

By ETV Bharat Assamese Team

Published : Mar 20, 2024, 11:26 AM IST

World Head Injury Awareness Day 2024
মূৰৰ সামান্য আঘাতে আপোনাৰ জীৱনলৈ কেনেকৈ মাতিব পাৰে ডাঙৰ বিপদ

মূৰৰ যিকোনো সামান্য বা গুৰুতৰ আঘাতে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ আৰু মগজুৰ ডাঙৰ ক্ষতি কৰিব পাৰে ৷ কেতিয়াবা ইয়াৰ ফলত সাময়িক বা স্থায়ীভাৱে অক্ষমতা আৰু মৃত্যুও হ’ব পাৰে ৷ মূৰৰ যিকোনো ধৰণৰ আঘাতক আওকাণ কৰি পিচত যদি কোনো ধৰণৰ লক্ষণ দেখা যায়, সেয়া লাগিলে মৃদু, গুৰুতৰ বা অস্বাভাৱিক যেনে ধৰণৰে নহওক কিয় ততাতৈয়াকৈ চিকিৎসকৰ দ্বাৰা সঠিক পৰীক্ষা আৰু চিকিৎসা কৰাব লাগে ৷

মূৰ বা মগজুৰ আঘাতৰ ভয়াৱহতা, ইয়াৰ দ্বাৰা ভুক্তভোগীৰ জীৱনত হ্ৰস্বম্যাদী আৰু দীৰ্ঘম্যাদী প্ৰভাৱৰ বিষয়ে মানুহৰ মাজত সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে আৰু মূৰৰ আঘাত ৰোধৰ বাবে ল'ব পৰা সাৱধানতাৰ বিষয়ে জনাবৰ বাবে প্ৰতি বছৰে ২০ মাৰ্চত বিশ্ব মূৰৰ আঘাত সজাগতা দিৱস উদযাপন কৰা হয় ৷

মূৰত আঘাত পোৱাটো কিয় বিপদজনক ?

মন কৰিবলগীয়া যে, বয়সস্থ লোকৰ অক্ষমতা আৰু মৃত্যুৰ অন্যতম কাৰণ মূৰৰ আঘাত বুলি গণ্য কৰা হয় ৷ এনে নহয় যে কেৱল ডাঙৰ দুৰ্ঘটনাৰ মূৰৰ আঘাতেহে ইয়াৰ প্ৰধান কাৰণ, কেতিয়াবা আন কোনো কাৰণত, খেলা-ধূলা বা জপিয়াই থাকোঁতে মূৰত পোৱা সামান্য আঘাতেও ভৱিষ্যতে গুৰুতৰ সমস্যা সৃষ্টি কৰাৰ লগতে অক্ষমতা আনকি মৃত্যুৰ মুখলৈও ঠেলি দিব পাৰে ৷

উত্তৰাখণ্ডৰ অস্থিৰোগ বিশেষজ্ঞ ডাঃ হেম যোশীৰ মতে, যিকোনো কাৰণত মূৰত আঘাত পোৱাৰ পিচত যদি মূৰত কোনো ধৰণৰ মুকলি ঘাঁ হয় বা হেৰাই যোৱা আঘাত য’ত কোনো অংশত বিষ থাকে আৰু ফুলি উঠে বা সেই ঠাইত ছালৰ ৰং সলনি হয়, তীব্ৰ মূৰৰ বিষ, চকু ফুলা আৰু চকুৰ পতা বন্ধ হোৱা, নাক বা কাণৰ পৰা তেজ ওলোৱা আৰু স্ৰাৱ ওলোৱা, ডিঙি জঠৰ হোৱা, চেতনা কমিবলৈ আৰম্ভ কৰা আদি লক্ষণে দেখা দিয়ে, তেন্তে তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ লোৱাটো অতি প্ৰয়োজনীয় ৷

তেওঁ বুজাইছে যে, লক্ষণসমূহক আওকাণ কৰি সঠিক সময়ত সঠিক চিকিৎসা নোলোৱাটোৱে বহুতো ভয়াৱহ পৰিণতিৰ সৃষ্টি কৰিব পাৰে ৷ যাৰ ফলত কেতিয়াবা সাময়িক বা আজীৱন অক্ষমতা আৰু আনকি কেতিয়াবা মৃত্যুও ঘটিব পাৰে ৷

বিশ্ব মূৰৰ আঘাত সজাগতা দিৱস: গুৰুত্ব

পৰিসংখ্যা অনুসৰি সমগ্ৰ বিশ্বতে প্ৰতি ৪ মিনিটৰ মূৰে মূৰে যিকোনো কাৰণত মূৰত আঘাত পোৱাৰ ফলত মানুহৰ মৃত্যু হয় ৷ এই সংখ্যা ভাৰতত প্ৰতি ৭ মিনিটৰ মূৰে মূৰে এজনৰ মৃত্যু ৷ বিশ্বৰ ৫%তকৈ অধিক লোকৰ আঘাতজনক দুৰ্ঘটনাৰ বাবে মগজু গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হয় ৷ চৰকাৰী তথ্য অনুসৰি ২০২২ চনত ভাৰতত মুঠ ৪ লাখ ৬১ হাজাৰতকৈ অধিক পথ-দুৰ্ঘটনা সংঘটিত হৈছে ৷ য'ত ১ লাখ ৬৮ হাজাৰ লোকৰ মৃত্যু হয় ৷ ঘোষিত পৰিসংখ্যা অনুসৰি ভাৰতত প্ৰতি মিনিটত পথ-দুৰ্ঘটনাত প্ৰায় তিনিজন লোকৰ মৃত্যু হয় আৰু এই সংখ্যা ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে ৷

যদিও মটৰ আৰু যান-বাহন দুৰ্ঘটনাক মূৰত আঘাত বা অক্ষমতা বা মৃত্যুৰ অন্যতম প্ৰধান কাৰণ বুলি গণ্য কৰা হয়, তথাপিও মূৰৰ আঘাতৰ কাৰণ ভিন্ন থাকিব পাৰে ৷

'বিশ্ব মূৰৰ আঘাত সজাগতা দিৱস' হৈছে মূৰত আঘাত পোৱাৰ লগে লগে ল'বলগীয়া প্ৰয়োজনীয় পদক্ষেপসমূহৰ বিষয়ে মানুহক সজাগ কৰাৰ এক প্ৰচেষ্টা ৷ গাড়ী চলোৱাৰ লগতে স্কিইং আৰু অন্যান্য বিপদজনক খেল আৰু কাৰ্যকলাপৰ সময়ত হেলমেট পিন্ধা, অন্যান্য সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰেৰণা আৰু সজাগতা সৃষ্টি কৰা, মূৰৰ আঘাতৰ গুৰুতৰ পৰিণতিৰ বিষয়ে সাধাৰণ জনতাক সজাগ কৰা, মূৰৰ আঘাতৰ সৈতে জড়িত ভুল ধাৰণা আঁতৰোৱা আৰু প্ৰাথমিক চিকিৎসা আৰু ইয়াৰ সৈতে জড়িত অন্যান্য তথ্যৰ বিষয়ে মানুহক জ্ঞান দিয়াৰ বাবেই এই দিৱস পালনৰ গুৰুত্ব আছে ৷ এই উপলক্ষে ৰাইজক আহ্বান জনোৱা হৈছে যে কোনো কাৰণতে মূৰৰ আঘাতক সহজভাৱে ল’ব নালাগে আৰু তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে আৰু মূৰটো পৰীক্ষা কৰি যাৱতীয় চিকিৎসা গ্ৰহণ কৰিব লাগে ৷ সমস্যা গুৰুতৰ হোৱাৰ পৰা বা ইয়াৰ পাৰ্শ্বক্ৰিয়াৰ পৰা হাত সাৰিব পৰাকৈ ইয়ে একমাত্ৰ উপায় ৷

এই উপলক্ষে ব্ৰেইন ইনজুৰি এছ’চিয়েশ্যন অৱ আমেৰিকাৰ বাহিৰেও সমগ্ৰ বিশ্বৰ স্নায়ু বিশেষজ্ঞ, স্নায়ুচাৰ্জন, স্নায়ুমনোৰোগ বিশেষজ্ঞ, মনোবিজ্ঞানী, স্মৃতিশক্তি বিশেষজ্ঞ আৰু পুনৰ্বাসন চিকিৎসকৰ দ্বাৰা বহু ধৰণৰ সজাগতা অভিযান আৰু কাৰ্যসূচী আয়োজন কৰা হয় ৷

লগতে পঢ়ক:কিয় প্ৰতিবছৰে ২০ মাৰ্চৰ দিনাই পালন কৰা হয় World Oral Health Day

ABOUT THE AUTHOR

...view details