অসম

assam

ETV Bharat / health

ভাগৰুৱা অনুভৱ কৰা বা ভোক নলগা যেন অনুভৱ হয় নেকি ? হ’ব পাৰে লিভাৰ চিৰ’ছিছৰ লক্ষণ - Liver Cirrhosis

What Is Liver Cirrhosis : যদি আপোনাৰ লিভাৰ চিৰ’ছিছ হৈছে, তেন্তে তলত দিয়া এই লক্ষণসমূহ দেখিলে তৎক্ষণাত স্বাস্থ্য পৰীক্ষা কৰাওক । তেন্তে আজি এই বিষয়ে জানো আহক -

By ETV Bharat Health Team

Published : Jun 11, 2024, 2:24 PM IST

what-is-liver-cirrhosis-how-its-affect-liver-and-body-know-symptoms-and-causes
ভাগৰুৱা অনুভৱ কৰা বা ভোক নলগা যেন অনুভৱ হয় নেকি ? হ’ব পাৰে লিভাৰ চিৰ’ছিছৰ লক্ষণ (FREEPIK)

লিভাৰ চিৰ’ছিছ হৈছে লিভাৰৰ অন্যতম এটি ভয়াৱহ ৰোগ ৷ লিভাৰ চিৰ’ছিছৰ ক্ষেত্ৰত সাধাৰণতে লিভাৰত ঘাঁ হোৱা দেখা যায় ৷ হেপাটাইটিছ বা দীৰ্ঘদিনীয়া মদ্যপানৰ আসক্তিৰ ফলত লিভাৰ চিৰ’ছিছ হ’ব পাৰে ৷ অত্যধিক মদ্যপান কৰিলে লিভাৰ চিৰ’ছিছ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায় ৷ কাৰোবাৰ লিভাৰ চিৰ’ছিছ হ’লে মাজে মাজে পৰীক্ষা কৰি চিকিৎসা কৰাব লাগে ৷

লিভাৰ চিৰ’ছিছ হ’লে কিছুমান লক্ষণ দেখাবলৈ আৰম্ভ কৰে ৷ এইবোৰ সহজে চিনাক্ত কৰি চিকিৎসা কৰাব পাৰে ৷ গতিকে এতিয়া লিভাৰ চিৰ’ছিছৰ লক্ষণসমূহৰ বিষয়ে জানো আহক, যাৰ দ্বাৰা আপুনি ইয়াক সহজে চিনাক্ত কৰিব পাৰিব আৰু সময় থাকোতে ইয়াৰ চিকিৎসা কৰিব পাৰিব ৷

ছাল বা চকু হালধীয়া হোৱা

ছাল বা চকু হালধীয়া হোৱাটো লিভাৰ চিৰ’ছিছৰ লক্ষণ হ’ব পাৰে ৷ যদি আপুনি আপোনাৰ ছাল, নখ বা চকুৰ বগা অংশ হালধীয়া হোৱা দেখা পায়, তেন্তে লগে লগে আপোনাৰ বিশেষজ্ঞৰ পৰা পৰামৰ্শ লওক আৰু সময়মতে চিকিৎসা গ্ৰহণ কৰক ৷

কিছুমান ৰোগীয়ে লিভাৰ চিৰ’ছিছৰ বাবে ভোক কম অনুভৱ কৰে ৷ যদি আপুনি কোনো কাৰণ নোহোৱাকৈ কমকৈ ভোক অনুভৱ কৰি আছে তেন্তে এবাৰ আপোনাৰ লিভাৰৰ পৰীক্ষা কৰাওক আৰু যদি কোনো সমস্যা হয় তেন্তে তৎক্ষণাত চিকিৎসা গ্ৰহণ কৰক ৷

লগতে পঢ়ক:কেইপেগ সুৰাই সুৰক্ষিত কৰি ৰাখে লিভাৰ - How Much Alcohol Can Damage Liver

ক্লান্তি আৰু দুৰ্বলতা

লিভাৰ চিৰ’ছিছৰ বাবে আপোনাৰ লিভাৰ বেয়াকৈ ক্ষতিগ্ৰস্ত হ’ব পাৰে আৰু তাৰ পিচত ই সঠিকভাৱে কাম কৰিব নোৱাৰে ৷ ইয়াৰ বাবে ৰোগীয়ে অতি ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰিবলৈ আৰম্ভ কৰে ৷

ফুলা আৰু খজুৱতি

ইয়াৰ উপৰিও শৰীৰত ফুলা আৰু খজুৱতি হোৱাটোও লিভাৰ চিৰ’ছিছৰ লক্ষণ হ’ব পাৰে ৷ যদি আপুনিও এনে লক্ষণ দেখিছে তেন্তে ইয়াক বেছি দিন আওকাণ নকৰি তৎক্ষণাত চিকিৎসা গ্ৰহণ কৰক ৷

যকৃতৰ সৈতে জড়িত সমস্যাৰ ক্ষেত্ৰত খাদ্য সঠিকভাৱে হজম নহয় লগতে খোৱা-বোৱাত অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয় ৷ কেৱল এয়াই নহয়, কেতিয়াবা ৰোগীয়ে বমি আৰু ওকট-পাকট লগাৰ দৰে অনুভৱ হয় ৷

লগতে পঢ়ক:যদিহে নিজৰ যকৃতক সুস্থ ৰাখিব খোজে, আজিৰে পৰা খাওক এইসমূহ পাচলি... - Best vegetables for Liver

ABOUT THE AUTHOR

...view details