গুৱাহাটী, 3 মে’: আজিকালি প্ৰায়ভাগ মানুহৰে গেছট্ৰিকৰ সমস্যা ৷ যিমানেই আধুনিক জীৱন যাপন কৰিবলৈ ধৰিছে, সিমানে এনে সমস্যাই গা কৰি উঠিছে ৷ আগতে বয়স্ক লোকসকলে এনে সমস্যাৰ সন্মুখীন হৈছিল যদিও এতিয়া কম-বেছি পৰিমাণে সৰু সৰু লৰা-ছোৱালীও আক্ৰান্ত হোৱা দেখা যায় ৷
বহুতো লোকে দীৰ্ঘসময় ধৰি এনে সমস্যাত ভূগি থাকিলেও চিকিৎসকৰ ওচৰলৈ নাযায় ৷ ফাৰ্মাচীৰ পৰা এণ্টাচিট আদি খাই থাকে ৷ ফলত পৰৱৰ্তী সময়ত এনে লোকৰ সমস্যাই জটিল ৰূপ ধাৰণ কৰে ৷ আনকি কেতিয়াবা নিজৰ বিপদ নিজেই মাতি আনে ৷ পাকস্থলীৰ প্ৰদাহ হ'লে আমি গেষ্ট্ৰাইটিছ বুলি কওঁ ৷
ইয়াৰ কাৰণ সমূহ কি কি ?
১)গেষ্ট্ৰাইটিছ ভিন্ন কাৰণৰ ভিতৰত প্ৰধান কাৰণ হৈছে মানুহ জীৱনশৈলীৰ ধাৰণাৰ লগতে খাদ্যাভ্যাস ৷
২) অদৰকাৰী কিছু ঔষধ গ্ৰহণ কৰিলে বা বিষৰ ঔষধ বেছিকৈ খালেও এই সমস্যা হ'ব পাৰে ৷
ইয়াৰ লক্ষণসমূহ কি কি?
১)গেষ্ট্ৰাইটিছ সমস্যা হ’লে পেটৰ বিষ হ'ব পাৰে ৷ বিশেষকৈ বুকুৰ তলত আৰু পেটৰ ওপৰৰ ভাগত বিষ অনুভৱ হ'ব ৷
২) বমি অনুভৱ হ'ব পাৰে বা বমি হ'ব পাৰে ৷
৩) ভোক নালাগিব পাৰে ৷