বহুৱে শিশুৱে স্কিপিং কৰি ভাল পায়, কিন্তু আপুনি জানেনে স্কিপিং এটা ডাঙৰ ব্যায়াম ৷ আপুনিও শৈশৱত নিশ্চয় স্কিপিং কৰিছিল ৷ সৰু ল’ৰা-ছোৱালীয়ে সহজে এই খেল আয়ত্ব কৰিবলৈ সক্ষম হয়, কিন্তু লাহে লাহে বয়স বৃদ্ধিৰ লগে লগে এই খেল খোলোতে উশাহ ফুলিবলৈ আৰম্ভ কৰে ৷ স্কিপিং হৈছে এনে এক ব্যায়াম যিয়ে আপোনাৰ হৃদযন্ত্ৰ, হাওঁফাওঁ আৰু ওজন কমোৱাত সহায় কৰে ৷ যদি আপুনি দিনটোত ১০০০-২০০০ বাৰ দ্ৰুতগতিত স্কিপিং কৰে, তেন্তে ইয়াতকৈ ভাল কাৰ্ডিঅ’ এক্সাৰচাইজ আন একো হ’ব নোৱাৰে ৷ স্কিপিঙে ছালত গ্লো অনাত আৰু ৰক্ত সঞ্চালন বৃদ্ধিতো সহায় কৰে ৷ জানো আহক ইয়াৰ অন্য উপকাৰিতাসমূহ-
স্কিপিং কৰাৰ উপকাৰিতা
হাওঁফাওঁ শক্তিশালী কৰে– দৈনিক স্কিপিং কৰিলে হাওঁফাওঁৰ কাৰ্য্যক্ষমতা উন্নত হয় ৷ ইয়াৰ ফলত হাওঁফাওঁ সুস্থ আৰু শক্তিশালী হৈ থাকে ৷ হাওঁফাওঁৰ পেশীবোৰ শক্তিশালী হৈ পৰে ৷ স্কিপিঙে হাওঁফাওঁৰ প্ৰসাৰণ আৰু সংকোচনৰ গতি বৃদ্ধি কৰে ৷ দিনটোত ১০ মিনিট স্কিপিং কৰা লোকৰ হাওঁফাওঁ সুস্থ হৈ থাকে ৷