গুৱাহাটী, 19 মাৰ্চ: বৰ্তমান সময়ত চৌদিশে এক ধূলিয়ৰী পৰিবেশ বিৰাজ কৰিছে ৷ শুকান আৰু ধূলিয়ৰী তথা জলবায়ু পৰিবৰ্তনৰ লগে লগে এই সময়ছোৱাত অন্যান্য ভাইৰেলজনিত ৰোগৰ লগতে চকুৰো ভিন্ন ধৰণৰ সমস্যা দেখা যায় ৷ ধূলি-বালি-বতাহৰ সময়ছোৱাত বিশেষকৈ কেতিয়াবা ধূলিৰ লগত যিকোনো বস্তু উৰি আহি আমাৰ চকুত পৰিব পাৰে ৷ তাৰোপৰি ধূলিৰ লগতে কিছুমান ভাইৰাছজনিত বীজাণুৰ পৰা হোৱা ৰোগৰ প্ৰৱণতা থাকে ৷ লগতে ধূলি, বতাহ বা গৰমৰ বাবে চকুযুৰিত শুকান হোৱাৰ সমস্যাই দেখা দিব পাৰে ৷
কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগে ?
১) ধূলিৰ লগতে যদি কিবা পদাৰ্থ চকুত সোমোৱা যেন অনুভৱ হয় তেন্তে ঠাণ্ডা পানীৰে চকুযুৰি ধুব লাগে ৷ ঠাণ্ডা পানীৰে চকুযুৰি ধোৱাৰ পিচতো যদি ৰঙা পৰে বা খজুৱাই তেতিয়া চকুযুৰি মোহাৰি দিব নালাগে ৷
২) চকুৰ সুৰক্ষাৰ বাবে সেই সময়ছোৱাত সমান চচমা, ছানগ্লাচ পৰিধান কৰিব পাৰে ৷
৩)গাড়ীত কৰবালৈ যাত্ৰা কৰিলে খিৰিকীখন মাৰি ল'ব লাগে ৷ মটৰ চাইকেলৰে যাত্ৰা কৰিলে হেলমেটৰ গ্লাছ মাৰি ল'ব লাগে ৷
৪) সূৰ্যৰ পোহৰ, বতাহ-ধূলিৰ পৰা বচাবলৈ ছাতি ব্যৱহাৰ কৰিব পাৰে ৷