সম্প্ৰতি সমগ্ৰ আমাৰ দেশত হাৰ্ট এটেকত আক্ৰান্তৰ সংখ্যা অতি ভয়াৱহভাৱে বৃদ্ধি পাইছে ৷ বয়সীয়ালটো বাদেই, খুব কম বয়সীয়া ব্যক্তিও হাৰ্ট এটেকত আক্ৰান্ত হৈ প্ৰাণ দিবলগীয়া হৈছে ৷ কিন্তু, ইয়াৰ লক্ষণ জানি লৈ সাৱধান হ’লে আপুনি এই স্বাস্থ্য সমস্যাৰ পৰা বাচি থাকিব পাৰে ৷ প্ৰায় ৫০ শতাংশ লোকৰ শৰীৰতে হাৰ্ট এটেকৰ পূৰ্বে লক্ষণ দেখুৱায় ৷
চিকিৎসকৰ মতে, হাৰ্ট এটেক হোৱাৰ ১০ ৰ পৰা ২ দিনৰ পূৰ্বে শৰীৰত লক্ষণে দেখা দিয়ে ৷ হয়, এই লক্ষণসমূহ চিনি লগে লগে চিকিৎসকৰ পৰামৰ্শ ল'লে আপুনি আপোনাৰ বহুমূলীয়া প্ৰাণ বচাব পাৰে ৷ এই লক্ষণসমূহ হৈছে-
দ্ৰুত উশাহ
দ্ৰুত উশাহ বা উশাহ লোৱাত অসুবিধা হোৱাটো হাৰ্ট এটেকৰ মুখ্য লক্ষণ ৷ বহু সময়ত মানুহে এই লক্ষণক সাধাৰণ অসুবিধা বুলি উপেক্ষা কৰে ৷ কিন্তু এতিয়াৰে পৰা আপোনাৰ শৰীৰত এনে লক্ষণে দেখা দিলে ভুলতো অৱজ্ঞা নকৰিব ৷
কঁকালৰ বিষ
কঁকালত বিষ বা জঠৰতা অনুভৱ কৰাটোও হাৰ্ট এটেকৰ লক্ষণ হ'ব পাৰে ৷ যদি আপুনিও শৰীৰত এনে লক্ষণ দেখিছে, বিশেষজ্ঞৰ পৰামৰ্শ লওঁক ৷