অসম

assam

By ETV Bharat Assamese Team

Published : Aug 11, 2024, 9:25 AM IST

ETV Bharat / health

অপচয়মূলক তথা অত্যধিক খৰচৰ ক্ষেত্ৰত শীৰ্ষত থাকে এই 5 ৰাশিৰ লোক - Astro Finances

Zodiac signs known for excessive spending: অলাগতিয়াল ব্যয়ৰ ক্ষেত্ৰত কিছুমান ৰাশিৰ লোক কেতিয়াও পিছপৰি নাথাকে ৷ জনপ্ৰিয় জ্যোতিষশাস্ত্ৰবিদ অৰুণ পণ্ডিতে কয় যে, ধন খৰচ কৰাৰ পূৰ্বে কেতিয়াও নাভাবে এই 5 টা ৰাশিৰ জাতক-জাতিকাই ৷

These 5 Zodiac Signs Known For Excessive Spending, this is how their financial condition can improve
অপচয়মূলক তথা অত্যধিক খৰচৰ ক্ষেত্ৰত শীৰ্ষত থাকে এই ৫টা ৰাশিৰ লোক (ETV Bharat)

আজিৰ যুগত য’ত সকলোৱে ধন সঞ্চয় কৰি ভৱিষ্যতৰ উন্নতি সাধনৰ চেষ্টা চলাইছে, তেনে সময়ত কিছুমান এনে লোক আছে, যিয়ে চিন্তা নকৰাকৈয়ে অযথা ধন খৰচ কৰে । জ্যোতিষশাস্ত্ৰত এনেধৰণৰ কিছুমান ৰাশিৰ কথা উল্লেখ আছে ।

এই ৰাশিৰ লোকসকলৰ কম-বেছি পৰিমাণে টকা থাকিলেও খৰচৰ ক্ষেত্ৰত আগৰণুৱা । তেওঁলোকে আনৰ লগতে নিজৰ বাবেও ধন খৰচ কৰাত পিছপৰি নাথাকে । এনে 5 টা ৰাশিৰ বিষয়ে জানো আহক-

শেহতীয়াকৈ জনপ্ৰিয় জ্যোতিশাস্ত্ৰবিদ অৰুণ পণ্ডিতে এটি ভিডিঅ’ৰ জৰিয়তে 5 টা খৰচী ৰাশিৰ বিষয়ে উল্লেখ কৰে, চাও আহক এই ৰাশিসমূহনো কি কি-

  • মেষ ৰাশি

টকা খৰচ কৰাৰ ক্ষেত্ৰত মেষ ৰাশি কেতিয়াও পিছপৰি নাথাকে ৷ কেতিয়াবা এনেও হয় যে, তেওঁলোকে যি বস্তু ক্ৰয় কৰি আছে, সেয়া বাস্তৱত তেওঁলোকৰ বাবে মূল্যৱান হয়নে নহয় ৷

উপায়-ধন খৰচ পূৰ্বে বহু চিন্তা-চৰ্চা কৰা উচিত ৷ ভৱিষ্যতে ধনৰ নাটনি যাতে নহয়, তাৰ বাবে ধন সঞ্চয় কৰাৰ প্ৰয়াস কৰক ৷

  • বৃষ ৰাশি

যাৰ গ্ৰহই শুক্ৰ, তেনে লোকে খৰচ কৰাৰ ক্ষেত্ৰত কেনেকৈ পিছপৰি থাকিব পাৰে ৷ বিলাসিতাৰ ক্ষেত্ৰত খৰচ কৰাটো এই ৰাশিৰ বাবে তেনেই স্বাভাৱিক ৷ এনে লোকে সদায় পৰিপাটি জীৱন অতিবাহিত কৰিবলৈ পছন্দ কৰে ৷ দামী বস্তু, সেয়া লাগিলে খাদ্যই হওক বা বস্ত্ৰই হওক বা থকা ঠাইয়েই হওক এনেক্ষেত্ৰত এই ৰাশিৰ লোকে খুবেই খৰচ কৰে ৷

উপায়-ভাবি-চিন্তিহে ধন খৰচ কৰক ৷ নিজৰ আৱেগ আৰু বিবেকক কাবু কৰি ৰখাৰ চেষ্টা কৰক ৷ লগতে ভৱিষ্যতৰ বাবে এতিয়াৰ পৰাই ধন সঞ্চয় কৰাৰ প্ৰয়াস কৰক ৷

  • মিথুন ৰাশি

মিথুন ৰাশিৰ লোকসকলে খৰচ কৰিবলৈ কেতিয়াও কুণ্ঠাবোধ নকৰে ৷ এক কথাত ক’বলৈ গ’লে যেতিয়াই এনে লোকৰ হাতলৈ ধন-সম্পত্তিৰ আগমন ঘটে, এই বিষয়ে মানুহে জানিবই ৷

উপায়- ধন খৰচৰ পূৰ্বে বহু চিন্তা-চৰ্চা কৰা উচিত ৷ ভৱিষ্যতে ধনৰ নাটনি যাতে নহয়, তাৰ বাবে ধন সঞ্চয় কৰাৰ প্ৰয়াস কৰক ৷

  • সিংহ ৰাশি

এনে লোকে নিজৰ মান-সন্মান তথা আনক কেতিয়াবা দেখুৱাবৰ বাবে খুবেই ধন খৰচ কৰে ৷ কেতিয়াবা নিজতকৈ আনক দামী উপহাৰ দিবৰ বাবেও খুব খৰচ কৰে ৷

উপায়-ধন অপচয় কৰাৰ পৰিবৰ্তে আপোনাৰ ধন কোনোবা এনে স্থানত ৰাখক, যাৰ লাভ আপুনি ভৱিষ্যতে পাব পাৰে ৷

  • তুলা ৰাশি

এনে লোকৰ হাতত ধন থাকিলে বিভিন্ন বস্তু ক্ৰয় কৰাৰ হাবিয়াস বাঢ়ি যায় ৷ এই ৰাশিৰ লোকৰ যদি এবাৰ কোনো বস্তু পচন্দ হৈ যায়, তেন্তে তাৰ মূল্য চোৱাটোও তেওঁলোকৰ বাবে জৰুৰী নহয় ৷ ভাল কাপোৰ-কানি, জোতা-ঘড়ীৰ প্ৰতি এই ৰাশিৰ লোক খুবেই আকৰ্ষিত হয় । কিন্তু তুলা ৰাশিৰ লোক খুব সোনকালেই যিকোনো বস্তুৰ পৰা আমনি পাবলৈ ধৰে আৰু তৎক্ষণাত নতুন বস্তু ক্ৰয় কৰাৰ প্ৰতি ইচ্ছা জাগিবলৈ ধৰে ৷

উপায়-খুব সোনকালে নহ’লেও লাহে লাহে ধনৰ গুৰুত্ব বুজা উচিত ৷ অত্যাৱশ্যকীয় বস্তুতহে খৰচ কৰিবলৈ চেষ্টা কৰক । কাৰণ আপোনাৰ ধনে আপোনাকে ভৱিষ্যতে হ’ব পৰা কোনো ডাঙৰ বিপদৰ পৰা ৰক্ষা কৰিব পাৰে ৷

লগতে পঢ়ক:দূৰ হ'ব ৰাহু-কেতুৰ সৈতে জড়িত সকলো বাধা : মাত্ৰ শাওণৰ শনিবাৰে কৰক এই ৫ টা কাম - Sawan 2024

ABOUT THE AUTHOR

...view details