অসম

assam

ETV Bharat / health

প্ৰত্যেক কথাতেই আপোনাৰ খং উঠে নেকি ? তেন্তে হৈ যাওক সাৱধান! - UNMANAGED ANGER HEALTH RISKS

খং কোনো কথাৰ সমাধান হ’ব নোৱাৰে খঙে কেৱল আপোনাৰ শাৰীৰিক তথা মানসিক ক্ষতিহে কৰে এয়া আমাৰ ভাস্য নহয় শেহতীয়া গৱেষণা পোহৰলৈ আহিছে এই ডাঙৰ তথ্য-

The Hidden Dangers of Unmanaged Anger: Understanding the Link to Chronic Health Issues
প্ৰত্যেক কথাতেই আপোনাৰ খং উঠে নেকি ? তেন্তে হৈ যাওক সাৱধান! (ETV Bharat)

By ETV Bharat Health Team

Published : Feb 7, 2025, 5:11 PM IST

কথাতেই কয়, খং নামেই চণ্ডাল ৷ অৰ্থাৎ খং উঠি থকা এজন ব্যক্তি চণ্ডাললৈ পৰিৱৰ্তিত হয় ৷ খঙৰ ওপৰত নিয়ন্ত্ৰণ নথকাৰ বাবে বহুতৰ লগত বহু সময়ত অঘটন ঘটে ৷ খঙে আমাৰ স্বাস্থতো খুব বেয়াকৈ প্ৰভাৱ পেলায় ৷ অত্যধিক খঙে আমাক ৰুগীয়া পৰ্যন্ত কৰিব পাৰে ৷ হয়, খঙৰ বাবে আমি গম নোপোৱাকৈয়ে আমাৰ শৰাীৰত বহু ৰোগে আশ্ৰয় লবলৈ সুবিধা পায় ৷ অত্যধিক খঙৰ পৰা হোৱা ৰোগ তথা ইয়াক নিয়ন্ত্ৰণ কৰাৰ সহজ উপায়বোৰৰ বিষয়ে জানো আহক-

খঙৰ ফলত হোৱা ৰোগ

হৃদৰোগ

NIHৰ মতে, অত্যধিক খঙে হৃদস্পন্দনৰ হাৰ বৃদ্ধি কৰে, যিয়ে ৰক্তচাপ আৰু হৃদৰোগৰ আশংকা বৃদ্ধি কৰে ৷ বহু গৱেষণাত ইতিমধ্যে প্ৰমাণ হৈছে যে যিসকল লোকৰ সোনকালে খং উঠে, তেওঁলোকৰ হৃদ আক্ৰমণ আৰু ষ্ট্ৰ’কৰ আশংকা অধিক ৷

উচ্চ ৰক্তচাপ

সঘনাই খং উঠি থাকিলে উচ্চ ৰক্তচাপৰ সমস্যা হ'ব পাৰে ৷ উচ্চ ৰক্তচাপৰ ফলত আন কেইবাটাও গুৰুতৰ ৰোগৰো আশংকা বৃদ্ধি হয় ৷ ইয়াৰ ভিতৰত বৃক্ক বিকল হোৱা আৰু ষ্ট্ৰ’ক হৈছে অন্যতম ৷

হতাশা আৰু উদ্বেগ

অত্যধিক খঙে মানসিক স্বাস্থ্যক গুৰুতৰভাৱে প্ৰভাৱিত কৰে ৷ প্ৰচুৰ খঙে চাপ বৃদ্ধি কৰে আৰু লাহে লাহে ই হতাশা আৰু উদ্বেগৰ ৰূপ ল'ব পাৰে ৷

হজমৰ সমস্যা

যেতিয়া এজন ব্যক্তিৰ অত্যধিক খং উঠে, শৰীৰত চাপ হৰমন মুকলি হয় ৷ ইয়াৰ ফলত পাচন তন্ত্ৰ প্ৰভাৱিত হৈ পেটৰ জ্বলা-পোৰা, বদহজম, আৰু আলচাৰৰ দৰে সমস্যা হয় ৷ খঙে শৰীৰত চাপ বৃদ্ধি কৰে, যিয়ে ৰোগ প্ৰতিৰোধ প্ৰণালী দুৰ্বল কৰিব পাৰে ৷ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হোৱাৰ ফলত চৰ্দি, সংক্ৰমণ হৈ ব্যক্তি এজন সঘনাই অসুস্থ হ'ব পাৰে ৷

মূৰৰ বিষ, মাইগ্ৰেইন

খঙৰ ফলত মূৰৰ পেশীবোৰ টান হৈ যায়, যাৰ ফলত মূৰৰ বিষ আৰু মাইগ্ৰেইনৰ সমস্যা বৃদ্ধি হ'ব পাৰে ৷ এই বিষয়টো সঘনাই খং কৰা লোকসকলৰ ক্ষেত্ৰত অধিক দেখা যায় ৷

খং নিয়ন্ত্ৰণ কৰাৰ উপায়

গভীৰ উশাহ

যেতিয়াই আপুনি খং অনুভৱ কৰে, লগে লগে আপোনাৰ উশাহ-নিশাহত গুৰুত্ব দিব ৷ গভীৰ উশাহ ললে মন শান্ত আৰু চাপ হ্ৰাস হয় ৷ নহ’লে দীঘলীয়া উশাহ লৈ 1ৰ পৰা 20লৈ গণনা কৰক ৷

যোগ আৰু ধ্যান

যোগ আৰু ধ্যানে মানসিক শান্তি প্ৰদান কৰে আৰু খং নিয়ন্ত্ৰণ কৰাত সহায় কৰে ৷

ব্যায়াম

নিয়মীয়া ব্যায়ামে চাপ হ্ৰাস কৰে আৰু খং নিয়ন্ত্ৰণত ৰাখে ৷ খোজ কঢ়া, দৌৰা, সাঁতোৰ, আৰু চাইকেল চলোৱা আদি কাৰ্যকলাপো খং নিয়ন্ত্ৰণত সহায়ক ৷

সঠিক টোপনি

পৰ্যাপ্ত টোপনিৰ অভাৱৰ ফলত খং বৃদ্ধি হয় ৷ সেয়েহে, দৈনিক কমেও ৭-৮ ঘণ্টা টোপনি যাবলৈ চেষ্টা কৰিব ৷

অনুভূতি প্ৰকাশ কৰিব

খং উঠিলে মনে মনে বা অকলে নাথাকিব ৷ আপোনাৰ ওচৰে-পাজৰে থকা লোকৰ সৈতে কথা পাতি মনৰ ভাৱ প্ৰকাশ কৰিব ৷

লাফটাৰ থেৰাপী

মানসিক চাপ হ্ৰাস কৰাৰ বাবে হাঁহি হৈছে এক উৎকৃষ্ট উপায় ৷ ইয়াৰ বাবে আপুনি কমেডি শ্ব' চাব, ধেমেলীয়া কিতাপ পঢ়িব আৰু আপোনাৰ বন্ধুবৰ্গৰ সৈতে সময় কটাব ৷

ইতিবাচক চিন্তা

প্ৰতিটো পৰিস্থিতিত নেতিবাচক চিন্তা কৰাৰ সলনি সমস্যাটোৰ সমাধান বিচাৰিবলৈ চেষ্টা কৰিব ৷ ই খং হ্ৰাস কৰিব আৰু মানসিক শান্তি প্ৰদান কৰিব ৷

অত্যধিক খঙে শৰীৰৰ লগতে আমাৰ মানসিক স্বাস্থ্যকো প্ৰভাৱিত কৰে ৷ সেয়েহে, খং নিয়ন্ত্ৰণ কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ ৷ যোগ, ব্যায়াম, ধ্যান আৰু ইতিবাচক চিন্তাৰ সহায় লৈ খং নিয়ন্ত্ৰণ কৰি এক স্বাস্থ্যৱান জীৱন-যাপন কৰিব পাৰে ৷

(সতৰ্কীকৰণ: এই প্ৰতিবেদনত আপোনাক দিয়া সকলো স্বাস্থ্য তথা জীৱনশৈলী সম্পৰ্কীয় যিকোনো তথ্য আৰু পৰামৰ্শ কেৱল আপোনাৰ সাধাৰণ তথ্যৰ বাবেহে আগবঢ়োৱা হৈছে । আমি এই তথ্য বৈজ্ঞানিক গৱেষণা, অধ্যয়ন, চিকিৎসা আৰু স্বাস্থ্য পেছাদাৰী পৰামৰ্শৰ ভিত্তিত প্ৰদান কৰিছো । আপুনি এই উপায় বা পদ্ধতি অনুসৰণ কৰাৰ আগতে এই বিষয়ে বিতংভাৱে জনাটো উচিত তথা আপোনাৰ ব্যক্তিগত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো উচিত ।)

উৎস:-https://pmc.ncbi.nlm.nih.gov/articles/PMC3019061/

লগতে পঢ়ক

  1. আপোনাৰ সন্তানে কথা নুশুনে নেকি ? সন্তানক সঠিক পথলৈ আনিবলৈ কৰক এই কাম - Astro Tips
  2. Physical activity : মানসিক চাপ হ্ৰাস কৰিবলৈ হওক শাৰীৰিকভাৱে সক্ৰিয়
  3. Mental Stress: মানসিক চাপে আমাৰ শৰীৰৰ বাবে কঢ়িয়াব পাৰে এইসমূহ বিপদ

ABOUT THE AUTHOR

...view details