বিভিন্ন কাৰণত যেনে জীৱনশৈলী, খাদ্যাভ্যাস, শাৰীৰিক কাৰ্যকলাপৰ অভাৱৰ ফলত বহুতো ধৰণৰ স্বাস্থ্যজনিত সমস্যা মানৱ শৰীৰত দেখা দিছে ৷ ব্ৰেইন টিউমাৰ তাৰ ভিতৰত অন্যতম ৷ মগজুৰ ওচৰত কোষৰ অস্বাভাৱিক বৃদ্ধিক ‘ব্ৰেইন টিউমাৰ’ বোলা হয় ৷ স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে, ই মগজুৰ যিকোনো অংশত দেখা দিব পাৰে আৰু বয়স নিৰ্বিশেষে হ’ব পাৰে ৷
এই ৰোগে মগজুৰ ওপৰত চাপ বৃদ্ধি কৰে ৷ লগতে বিশেষজ্ঞসকলে কয় যে, কেতিয়াবা মগজুৰ সকলো কাম-কাজতেই অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয় ৷ কিন্তু এই ৰোগত আক্ৰান্তসকলে কিছু লক্ষণ আগতীয়াকৈ ধৰা পেলোৱা আৰু আগতীয়া চিকিৎসা গ্ৰহণ কৰি উপকৃত হ’ব পাৰে ৷ বিশেষকৈ যুৱক-যুৱতীসকলৰ ব্ৰেইন টিউমাৰ সমস্যাৰ লক্ষণ কি কি এই প্ৰতিবেদনৰ জৰিয়তে আজি জানো আহক-
মূৰৰ বিষ:বিশেষজ্ঞসকলে কয় যে, ব্ৰেইন টিউমাৰত আক্ৰান্ত লোকৰ মূৰৰ অতিপাত বিষ হয় ৷ কোৱা হয় যে, পুৱা সোনকালে সাৰ পালে এই সমস্যা বিশেষভাৱে ভয়াৱহ হয় ৷ ২০২১ চনত ‘জাৰ্নেল অৱ নিউৰ’-অংক’লজী’ নামৰ আলোচনীখনত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি গৱেষকসকলে ব্ৰেইন টিউমাৰ থকা লোকৰ মূৰৰ বিষ বেছি হোৱা বুলি প্ৰকাশ কৰিছে ৷ আমেৰিকাৰ ড্যুক ইউনিভাৰ্চিটি মেডিকেল চেণ্টাৰৰ ডাঃ ডেভিদ জাঙে এই গৱেষণাত অংশগ্ৰহণ কৰিছিল ৷ তেওঁ উল্লেখ কৰে যে ব্ৰেইন টিউমাৰ থকা লোকৰ মূৰৰ বিষ বেছি হয় ৷
দৃষ্টিশক্তি হেৰুওৱা: বিশেষজ্ঞসকলৰ মতে, ব্ৰেইন টিউমাৰত আক্ৰান্ত লোকে দৃষ্টিশক্তি হেৰুওৱাব পাৰে ৷ কাৰণ.. ব্ৰেইন টিউমাৰে চকুৰ পৰা মগজুলৈ তথ্য কঢ়িয়াই নিয়া অপটিক নাৰ্ভৰ ক্ষতি কৰে ৷ ইয়াৰ ফলতেই দৃষ্টিশক্তি কমি যায় বুলি বিশেষজ্ঞসকলে মত প্ৰকাশ কৰে ৷
বমি:বিশেষজ্ঞসকলে কয় যে, যদি আপোনাৰ জ্বৰ আৰু বমিৰ লগতে তীব্ৰ মূৰৰ বিষ হয়, তেন্তে আপুনি ব্ৰেইন টিউমাৰ ৰোগৰ কথা বিবেচনা কৰিব লাগে ৷ কোৱা হৈছে যে, যেতিয়া মগজুত টিউমাৰ বাঢ়ি যায় তেতিয়া কলাৰ ওপৰত চাপ বাঢ়ি যায় আৰু একেধৰণৰ লক্ষণ দেখা দিয়ে ৷