অসম

assam

সঘনাই ঘৰৰ ভিতৰত মহনাশক দ্ৰব্য ব্যৱহাৰ কৰে ! পৰিণাম জানেনে ? - Mosquito Liquid Repellent

By ETV Bharat Health Team

Published : Sep 14, 2024, 5:21 PM IST

Side Effects of Mosquito Liquid Repellent: বাৰিষাত মহৰ প্ৰজনন অত্যধিক বৃদ্ধি পায়, যাৰ ফলত বহুতে মহ নাশক লিকুইড ব্যৱহাৰ কৰে, কিন্তু ই আমাৰ স্বাস্থ্যৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পেলাব পাৰে আজি এই সন্দৰ্ভত বিশেষজ্ঞৰ পৰাই জানো আহক-

Side Effects of Mosquito Liquid Repellent
আপুনি খুব মহ নাশক লিকুইড ব্যৱহাৰ কৰে নেকি ? স্বাস্থ্যৰ ওপৰত পৰিব পাৰে নেতিবাচক প্ৰভাৱ-গৱেষণা (ETV Bharat Assam)

বাৰিষা কালত মহৰ উৎপাত খুবেই বৃদ্ধি পায় সেয়ে ইয়াৰ পৰা হাত সাৰিবলৈ আমি সাধাৰণতে মহ নাশ কৰা লিকুইড বা কইল ব্যৱহাৰ কৰাটো তেনেই সাধাৰণ কথা, কাৰণ বাৰিষাত মহৰ প্ৰজনন যথেষ্ট বৃদ্ধি পায় ৷ কিন্তু ইয়াৰ নিয়মীয়া আৰু অত্যধিক ব্যৱহাৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ’ব পাৰে ৷

মহ নাশ কৰিবৰ বাবে Mosquito Liquid Repellentত এক অতি উত্তম ৰাসায়নিক পদাৰ্থ, কিন্তু ইয়াৰ পৰা নিৰ্গত হোৱা ধোৱা বা গোন্ধ আমাৰ শৰীত প্ৰৱেশ কৰিলে আমাৰ শৰীৰত নেতিবাচক প্ৰভাৱ পৰিব পাৰে ৷ সেয়ে আজি বিশেষজ্ঞৰ পৰাই আমি জানো আহক যে কিয় আমি এনে মেচিনৰ ব্যৱহাৰ হ্ৰাস কৰাটো জৰুৰী ৷

১) স্বাস্থ্য সম্পৰ্কীয় সমস্যা

International Journal of Mosquito Researchৰ প্ৰতিবেদন অনুসৰি, মহ নাশক লিকুইডত বহুতো ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ থাকে, যেনে প্ৰেলেথ্ৰিন আৰু এলেথ্ৰিন, যিবোৰ শ্বাস-প্ৰশ্বাসৰ জৰিয়তে আমাৰ শৰীৰত প্ৰৱেশ কৰিব পাৰে ৷ এইবোৰে শ্বাস-প্ৰশ্বাসতন্ত্ৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে ৷ যিসকল লোকৰ ইতিমধ্যে হাঁপানী বা উশাহ-নিশাহ লোৱাত অসুবিধা আছে, তেওঁলোকৰ বাবে এই সমস্যা অধিক গুৰুতৰ হ’ব পাৰে ৷

২) ছাল আৰু চকুৰ বিষ

নাশক লিকুইডত থকা ৰাসায়নিক পদাৰ্থই ছাল আৰু চকুৰ ওপৰতো বিৰূপ প্ৰভাৱ পেলাব পাৰে ৷ দীৰ্ঘ সময় ধৰি ইয়াৰ সংস্পৰ্শলৈ আহিলে ছালৰ জ্বলা-পোৰা, খজুৱতি বা ৰঙা ফোহা ওলাব পাৰে ৷ একেদৰে চকুত বিষ বা খজুৱতিৰ সমস্যাও হ’ব পাৰে ৷

৩) মূৰৰ বিষ আৰু মূৰ ঘূৰণি

লিকুইড মহনাশকৰ পৰা ওলোৱা গোন্ধই বহু লোকৰ মূৰৰ বিষ বা মূৰ ঘূৰোৱাৰ দৰে সমস্যাৰ সৃষ্টি কৰিব পাৰে ৷ বিশেষকৈ কোঠাত উপযুক্ত বায়ু চলাচল নাথাকিলে ইয়াৰ গোন্ধ অধিক ক্ষতিকাৰক হ’ব পাৰে ৷

৪) স্নায়ুতন্ত্ৰত নেতিবাচক প্ৰভাৱ

দীৰ্ঘদিন ধৰি তৰল মহ নাশক লিকুইডৰ সংস্পৰ্শলৈ আহিলেও স্নায়ুতন্ত্ৰত বিৰূপ প্ৰভাৱ পেলাব পাৰে ৷ বহু সময়ত মানুহে খিংখিঙীয়া, ক্লান্তি আৰু মানসিক চাপৰ সমস্যাত ভোগা দেখা যায়, যিটো মহ নাশক লিকুইডত থকা ৰাসায়নিক পদাৰ্থৰ বাবে হ’ব পাৰে ৷

৫) শিশু তথা বৃদ্ধৰ বাবে ক্ষতিকাৰক

শিশু আৰু বৃদ্ধৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল, আৰু এনে ক্ষেত্ৰত মহ বিকৃতকাৰী নাশক লিকুইডত থকা ৰাসায়নিক পদাৰ্থই তেওঁলোকৰ ওপৰত অধিক গুৰুতৰ প্ৰভাৱ পেলাব পাৰে ৷ শিশুৰ এলাৰ্জী, শ্বাস-প্ৰশ্বাসজনিত সমস্যা আৰু অন্যান্য শাৰীৰিক সমস্যা হ’ব পাৰে ৷

Ref:-https://www.dipterajournal.com/pdf/2024/vol11issue1/PartC/11-1-19-401.pdf

লগতে পঢ়ক:আপোনাৰ ঘৰতে উপলব্ধ এই সেউজীয়া পাতবোৰৰ ব্যৱহাৰ কৰক, পলাই পত্ৰং দিব ডেংগু-মেলেৰিয়া - Dengue and Malaria

ABOUT THE AUTHOR

...view details