শুকুৰবাৰে মনোৰঞ্জন জগতৰ পৰা আহিছে এটা বেয়া খবৰ ৷ ৩২ বছৰীয়া মডেল তথা অভিনেত্ৰী পুনম পাণ্ডেৰ দেহাৱসান ৷ মৃত্যুৰ কাৰণ ছাৰ্ভাইকেল কেন্সাৰ বুলি কোৱা হৈছে ৷ পুনমে ছাৰ্ভাইকেল কেন্সাৰৰ সৈতে যুঁজি আছিল আৰু অৱশেষত মৃত্যুক আকোৱালি ল’লে অভিনেত্ৰীগৰাকীয়ে । কিন্তু ছাৰ্ভাইকেল কেন্সাৰ মানেনো কি ? কেনেকৈ ইয়াৰ পৰা পৰিত্ৰাণ পাব পাৰি ? সবিশেষ জানো আহক এই প্ৰতিবেদনত ৷
ছাৰ্ভাইকেল কেন্সাৰ কি ?
ছাৰ্ভাইকেল কেন্সাৰ মহিলাৰ ক্ষেত্ৰত হোৱা এক গুৰুতৰ প্ৰকাৰৰ কেন্সাৰ, যিটো জৰায়ুৰৰ পৰা আৰম্ভ হৈ যকৃত, মূত্ৰাশয়, যোনি, হাওঁফাওঁ আৰু বৃক্কলৈ বিয়পি পৰে । বিশ্বৰ ভিতৰতে মহিলাৰ ক্ষেত্ৰত হোৱা ই দ্বিতীয় সৰ্বাধিক কৰ্কট ৰোগ । এই কেন্সাৰ হিউমেন পেপিলোমা ভাইৰাছ ( HPV )ৰ সংক্ৰমণৰ ফলত হয় । আশ্চৰ্যজনক কথাটো হ’ল ভাৰত বিশ্বৰ একমাত্ৰ দেশ য’ত ২৫ শতাংশ লোক ছাৰ্ভাইকেলত আক্ৰান্ত আৰু মৃত্যু হয় ।
ছাৰ্ভাইকেল কেন্সাৰৰ লক্ষণ
মেয়’ ক্লিনিকৰ মতে এই কেন্সাৰ আৰম্ভ হ’লে কোনো লক্ষণ দেখা নাযায় । কিন্তু ই লাহে লাহে বিয়পি পৰিলে ছাৰ্ভাইকেল কেন্সাৰৰ লক্ষণ দেখা দিবলৈ আৰম্ভ কৰে ৷ লক্ষণবোৰ এনেধৰণৰ -
- ঋতুস্ৰাৱ শেষ হোৱাৰ পাচত ৰক্তক্ষৰণ হোৱা
- বৰ ভাগৰুৱা অনুভৱ কৰা
- পেটৰ তলৰ অংশত বিষ হোৱা বা ফুলা অনুভৱ কৰা
- যৌন সম্পৰ্কৰ সময়ত শ্ৰোণি বিষ হোৱা
- যৌন সম্পৰ্কৰ পিচত ৰক্তক্ষৰণ
- পিৰিয়ডৰ সময়ত স্বাভাৱিকতকৈ বেছি ৰক্তক্ষৰণ হোৱা
- পানী আৰু দুৰ্গন্ধযুক্ত বগা স্ৰাৱ