অসম

assam

ETV Bharat / health

কণী নে পনীৰ, কোনবিধত থাকে অধিক প্ৰ’টিন ?

পনীৰ আৰু কণীএই দুয়োবিধেই প্ৰি-ৱৰ্কআউটৰ বাবে উত্তম খাদ্য বুলিও গণ্য কৰা হয় ৷ কিন্তু প্ৰায়েই মতভেদৰ সৃষ্টি হয় যে পনীৰ আৰু কণীৰ মাজত কোনবিধ অধিক পুষ্টিকৰ আৰু দুয়োটাৰ ভিতৰত কোনবিধ প্ৰ’টিনৰ সৰ্বোত্তম উৎস আহক আজি এই বিষয়েই জানি লও

By ETV Bharat Assamese Team

Published : Jan 22, 2024, 10:49 AM IST

Paneer or egg: Which has more protein, and how to include them on your diet
কণী নে পনীৰ, কোনবিধত থাকে অধিক প্ৰ’টিন ?

পনীৰ আৰু কণী দুয়োটাতে প্ৰচুৰ পৰিমাণে পুষ্টিকৰ উপাদান থাকে যিয়ে আমাৰ স্বাস্থ্যৰ বাবে যথেষ্ট উপকাৰিতা সাধন কৰে ৷ দুয়োবিধ খাদ্যই সুস্বাদু আৰু ইয়াক বিভিন্ন ধৰণে প্ৰস্তুত কৰিব পৰা যায় ৷ দুয়োবিধেই প্ৰি-ৱৰ্কআউটৰ বাবে উত্তম খাদ্য বুলিও গণ্য কৰা হয় ৷ কিন্তু প্ৰায়েই মতভেদৰ সৃষ্টি হয় যে পনীৰ আৰু কণীৰ মাজত কোনবিধ অধিক পুষ্টিকৰ আৰু দুয়োটাৰ ভিতৰত কোনবিধ প্ৰ’টিনৰ সৰ্বোত্তম উৎস আহক আজি এই বিষয়েই জানি লও ৷

যদি আমি কণী আৰু পনীৰৰ মাজত কোনবিধ অধিক স্বাস্থ্যকৰ সেই কথা ক’বলৈ যোৱা হয়, তেন্তে দুয়োটাতে সমান পৰিমাণৰ পুষ্টিকৰ উপাদান পোৱা যায় ৷ দুয়োবিধ খাদ্যতে ভিটামিন আৰু খনিজ পদাৰ্থ থাকে আৰু দুয়োবিধ খাদ্যতে কাৰ্ব আৰু কেলৰি কম পৰিমাণে থাকে ৷ লগতে দুয়োবিধেই প্ৰ’টিনৰ অতি উত্তম উৎস ৷

প্ৰায় ১০০ গ্ৰাম পনীৰত ১৪-১৫ গ্ৰাম প্ৰ’টিন থাকে ৷ আনহাতে, এটা কণীত ৭-৭.৫ গ্ৰাম প্ৰ’টিন থাকে আৰু এটা কণীৰ ওজন ৫০ গ্ৰাম ৷ গতিকে ১০০ গ্ৰাম কণীতো মাত্ৰ ১৪ গ্ৰাম প্ৰ’টিন থাকে ৷

খাদ্যত কণী কেনেকৈ অন্তৰ্ভুক্ত কৰিব-

কণীৰ আঞ্জা: এই ৰেচিপি তৈয়াৰৰ লগতে খাবলৈও অতি সুস্বাদু ৷ ইয়াৰ বাবে আমাক প্ৰয়োজন হ’ব আলু, হালধি, নিমখ, পিয়াঁজ, জালুক আৰু কণী আৰু আপুনি এই ৰেচিপিটো অতি সোনকালে বনাব পাৰিব ৷

কণীৰ কাপ: এই ব্যঞ্জন কণীৰ লগত পালেং, পনীৰ আৰু গাখীৰ মিহলাই তৈয়াৰ কৰা হয় ৷ ই স্বাস্থ্যকৰ হোৱাৰ লগতে অতি সহজতে তৈয়াৰ কৰিব পৰা যায় ৷

কণীৰ চেণ্ডুইচ: এই ব্যঞ্জনবিধৰ বাবে আপোনাক প্ৰয়োজন হ’ব ব্ৰেড, সোৱাদ অনুসৰি যিকোনো চচ বা চাটনি, মন পচন্দৰ শাক-পাচলি আৰু আৰু কণী ৷ ই খাবলৈ অতি সুস্বাদু হয় ৷

খাদ্যত পনীৰ কেনেকৈ অন্তৰ্ভুক্ত কৰিব-

পালক পনীৰ: স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা পালেং খোৱাটো অতি উপকাৰী ৷ সেয়ে পালক পনীৰৰ চব্জী শৰীৰৰ বাবে স্বাস্থ্যকৰ বুলি বিবেচিত হয় ৷

পনীৰ গ্ৰেভি: কাজু বাদাম, নহৰু, দৈ, পিয়াঁজ আদি বস্তু মিহলাই পনীৰ গ্ৰেভি বনাব পাৰি ৷ খাবলৈ বৰ সোৱাদযুক্ত আৰু ইয়াৰ উপৰিও ই অতি পুষ্টিকৰ ৷

পনীৰ পেনকেক:স্কিমড গাখীৰ আৰু ঘেঁহুৰ আটাৰ পৰা তৈয়াৰী পনীৰ পেনকেক খাবলৈ অতি সোৱাদযুক্ত আৰু এই অজুহাতেৰে আপুনি আপোনাৰ শৰীৰক প্ৰচুৰ পৰিমাণে প্ৰ’টিন আৰু পুষ্টি দিব পাৰে ৷

লগতে পঢ়ক:মাজে মাজে উপবাস কিমান জৰুৰী ?

ABOUT THE AUTHOR

...view details