অবাঞ্চিত গৰ্ভাৱস্থাৰ পৰা হাত সাৰিবলৈ মহিলাসকলে আফটাৰ পিল, গৰ্ভনিৰোধক বড়ি, জৰুৰীকালীন বড়ি ব্যৱহাৰ কৰে ৷ এই বড়ি সেৱনে অবাঞ্চিত গৰ্ভধাৰণৰ পৰা আঁতৰি থকাত সহায় কৰে ৷ কিন্তু জানেনে, গৰ্ভনিৰোধক বড়ি সেৱন কৰাটোও শৰীৰৰ বাবে ক্ষতিকাৰক ৷ গৰ্ভাৱস্থাৰ পৰা হাত সাৰিবলৈ জন্ম নিয়ন্ত্ৰণৰ বড়ি এটা সাধাৰণ আৰু ফলপ্ৰসূ উপায় ৷ কিন্তু চিকিৎসকৰ পৰামৰ্শ অবিহনে ইয়াৰ সেৱন শৰীৰৰ বাবে অতি ক্ষতিকাৰক হ’ব পাৰে ৷ সেয়ে আজি এই প্ৰতিবেদনৰ জৰিয়তে বিতংভাৱে জানো আহক চিকিৎসকৰ পৰামৰ্শ অবিহনে গৰ্ভনিৰোধক বড়ি খোৱাৰ পাৰ্শ্বক্ৰিয়া ৷
জন্ম নিয়ন্ত্ৰণৰ বড়ি খোৱাৰ পাৰ্শ্বক্ৰিয়া
গৰ্ভনিৰোধক বড়ি ৭২ ঘণ্টাৰ ভিতৰত খাব লাগে ৷ ষ্টাৰ হাস্পতালৰ স্ত্ৰীৰোগ বিশেষজ্ঞ আৰু প্ৰসূতি বিশেষজ্ঞ ডাঃ বিজয় লক্ষ্মীয়ে কয় যে, "গৰ্ভনিৰোধক বড়িয়ে শৰীৰত হৰম'নৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাৰ কাম কৰে ৷ ইয়াক সেৱন কৰিলে অবাঞ্চিত গৰ্ভধাৰণৰ পৰা হাত সাৰিব পাৰি ৷ কিন্তু অতিৰিক্তভাৱে বা চিকিৎসকৰ পৰামৰ্শ অবিহনে গ্ৰহণ কৰিলে ৷ ইয়াক সেৱন কৰিলে শৰীৰৰ বিস্তৰ ক্ষতিসাধন হ'ব পাৰে ৷"
চিকিৎসকৰ পৰামৰ্শ অবিহনে গৰ্ভনিৰোধক বড়ি সেৱন কৰিলে এনেদৰে ক্ষতিকাৰক হ’ব পাৰে-
১/ হাৰ্ট এটেক আৰু হৃদৰোগৰ সমস্যা
কিছুমান জন্ম নিয়ন্ত্ৰণ বড়িয়ে মহিলাৰ শাৰীৰিক স্বাস্থ্যত প্ৰভাৱ পেলাব পাৰে আৰু হাৰ্ট এটেক আৰু হৃদৰোগ বৃদ্ধি কৰিব পাৰে ৷ অধিক পৰিমাণৰ ইষ্ট্ৰজেন আৰু প্ৰজেষ্টেৰন থকা গৰ্ভনিৰোধক ঔষধ সেৱন কৰিলে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পায় ৷