গুৱাহাটী, 14 মাৰ্চ:এবিধ ঔষধি গুণ থকা বনস্পতি হৈছে নিমগছ ৷ যাৰ সকলো ৰোগৰে প্ৰতিৰোধ ক্ষমতা থকাৰ লগতে নিমপাত হৈছে ছালৰ মহৌষধ ৷ এনেকুৱা হয়তো মানুহ নোলাব যিয়ে আজি পৰ্যন্ত নিমপাত ব্যৱহাৰ কৰি পোৱা নাই ৷ নিমগছক ইংৰাজীত Margosa Tree বুলি কোৱা হয় আৰু ইয়াৰ বৈজ্ঞানিক নাম হৈছে Azadirachta indica ৷ আয়ুৰ্বেদ অনুসৰি নিমগছ তিতা আৰু কেঁহাৰস যুক্ত এবিধ গছ ৷ নিমগছ বিশ্বৰ সকলো প্ৰান্তৰতে পোৱা যায় ৷ ইয়াৰ বিশেষকৈ পাত, ছাল আৰু গুটি ঔষধি দ্ৰব্য হিচাপে ব্যৱহাৰ কৰা হয় ৷
নিমপাতৰ উপকাৰিতা
১)আয়ুৰ্বেদ অনুসৰি নিমগছ তিতা আৰু কেঁহা ৰসযুক্ত হোৱাৰ বাবে ই আমাৰ শৰীৰৰ কফ আৰু পিত্তজনিত যিবোৰ ৰোগ আছে সেইবোৰ নিৰাময় কৰাত সহায় কৰে ৷ কিন্তু ইয়াক দীৰ্ঘদিন ধৰি ব্যৱহাৰৰ কৰিলে বাত দোষ কেতিয়াবা বৃদ্ধি হ'ব পাৰে ৷ বাত দোষ মানে হৈছে কোনো ব্যক্তিযদি দীৰ্ঘদিন ধৰি বিষত ভুগি আছে তেনেহলে নিমপাত বেছি দিন ব্যৱহাৰৰ ফলত বিষ বেছি হ'ব পাৰে ৷
২) নিমপাত ছালৰ সকলো ধৰণৰ ৰোগৰ বাবেই উপকাৰী ৷ নিমৰপাত ভালদৰে ধুই যদি পেষ্ট তৈয়াৰ কৰি ছালৰ ৰোগৰ ওপৰত লেপন কৰি ৰখা হয় তেতিয়া সেয়া সোনকালে ভাল হোৱাত সহায় কৰে ৷ নিমপাত যদি বইল কৰি গা ধোৱা যায় তেন্তে ভিন্ন ধৰণৰ ছালৰ ৰোগ নিৰাময় হোৱাত সহায় কৰে ৷
৩) নিমপাতৰ ৰস যদি ৫/১০ গ্ৰাম দৈনিক ব্যৱহাৰ কৰিব পাৰে তেন্তে ছালৰ বাবে ই যথেষ্ট উপকাৰী ৷