অসম

assam

ETV Bharat / health

মনমোহন সিঙৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি ? ৯২ বছৰ বয়সলৈকে কি ৰোগত ভুগিছিল EX-PM - MANMOHAN SINGH

২০০৪ চনৰ পৰা ২০১৪ চনলৈ প্ৰধানমন্ত্ৰী হিচাপে দেশৰ বাঘজৰী দখল কৰি থকা ড৹ মনমোহন সিঙৰ মৃত্যু কিয় হৈছিল জানেনে ? কি ৰোগত ভুগিছিল প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে-

Manmohan Singh Health History
মনমোহন সিঙৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি ? ৯২ বছৰ বয়সলৈকে কি ৰোগত ভুগিছিল EX-PM (ETV Bharat)

By ETV Bharat Health Team

Published : Dec 27, 2024, 11:20 AM IST

Manmohan Singh Health History:ভাৰতৰ ৰাজনীতিত নীতি আৰু নেতৃত্বই গুৰুত্বপূৰ্ণ স্থান দখল কৰা ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙৰ স্বাস্থ্য সম্পৰ্কে দীৰ্ঘদিন ধৰি আলোচনাৰ বিষয় হৈ আহিছে ৷ ইয়াৰ পিচতে বৃহস্পতিবাৰ ২৬ ডিচেম্বৰত ভাৰতবৰ্ষৰ বৰ্ষীয়ান ৰাজনীতিবিদগৰাকীয়ে শেষনিশ্বাস ত্যাগ কৰে । ৯২ বছৰ বয়সত নতুন দিল্লীৰ এইমছত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

১৯৩২ চনৰ ২৬ ছেপ্টেম্বৰত জন্মগ্ৰহণ কৰা ভাৰতৰ ত্ৰয়োদশ প্ৰধানমন্ত্ৰীয়ে ৯২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে ৷ জনাই দিও যে, ড৹ মনমোহন সিঙে বহু গুৰুতৰ স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হৈও নিজৰ জীৱনত অতি শান্ত আৰু সৰকৰাত্মক হৈ আছিলে ৷ যদিও ২০০৪ চনত প্ৰধানমন্ত্ৰী হোৱাৰ পিচত তেওঁৰ স্বাস্থ্যৰ অৱস্থাক লৈ প্ৰশ্ন উত্থাপন হৈছিল, তথাপিও তেওঁ ৰাজহুৱা জীৱনত সক্ৰিয় হৈ আছিল আৰু দেশৰ প্ৰতি থকা দায়িত্ব সম্পূৰ্ণ নিষ্ঠাৰে পালন কৰিছিল ৷

৫ বাৰ বাইপাছ অস্ত্ৰোপচাৰ হৈছিল

১৯৯০ চনত প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ হৃদৰোগৰ বাবে প্ৰথমবাৰৰ বাবে বাইপাছ অস্ত্ৰোপচাৰ কৰা হয় ৷ ২০০৪ চনত এঞ্জিওপ্লাষ্টি আৰু ২০০৯ চনত পুনৰ হৃদযন্ত্ৰৰ অপাৰেচন কৰা হয় ৷ এই অস্ত্ৰোপচাৰ মুম্বাইৰ কাৰ্ডিঅ’ভাস্কুলাৰ থ’ৰেচিক চাৰ্জন ৰমাকান্ত পাণ্ডাই কৰিছিল ৷ অপাৰেচনৰ সময়ত মনমোহন সিঙৰ ৫টা বাইপাছ অস্ত্ৰোপচাৰ কৰা হয় ৷

বাইপাছ অস্ত্ৰোপচাৰ কিয় কৰা হয় ?

হৃদযন্ত্ৰৰ ধমনী সংকীৰ্ণ হৈ ৰক্ত সঞ্চালন সঠিক নহ’লে বাইপাছ অস্ত্ৰোপচাৰ কৰা হয় ৷ ইয়াৰ দ্বাৰা হাৰ্ট এটেক প্ৰতিৰোধ কৰা হয় ৷ এই অস্ত্ৰোপচাৰত এটা নতুন পথ সৃষ্টি হয়, যাক বাইপাছ বুলি কোৱা হয়, যাৰ মাজেৰে তেজ আৰু অক্সিজেন সঠিকভাৱে শৰীৰলৈ যাব পাৰে ৷

দীৰ্ঘদিন ধৰি ভুগিছিল ডায়েবেটিছ ৰোগত

প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিং আছিল এগৰাকী ডায়েবেটিছ ৰোগী ৷ যাৰ ফলত তেওঁক খাদ্যাভ্যাসৰ প্ৰতি বিশেষ গুৰুত্ব দিবলৈ আৰু নিয়মীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰিবলৈ পৰামৰ্শ দিয়া হৈছিল ৷

ক’ভিড সংক্ৰমণৰ বাবে তেওঁক এইমছত ভৰ্তি কৰোৱা হৈছিল

২০২১ চনৰ এপ্ৰিল মাহত প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙক Covid-19ত আক্ৰান্ত হৈ এইমছত ভৰ্তি কৰা হৈছিল ৷ এই সময়ছোৱাত তেওঁৰ বয়স আছিল ৮৮ বছৰ ৷ বাৰ্ধক্যৰ অসুবিধা আৰু স্বাস্থ্যজনিত সমস্যাৰ মাজতো কংগ্ৰেছ নেতাগৰাকীয়ে ক্ষন্তেকতে সুস্থ হৈ উঠিল ৷

উশাহ-নিশাহ লোৱাত অসুবিধাৰ বাবে মৃত্যু

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিং শ্বাস-প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত আছিল ৷ যাৰ বাবে তেওঁ উশাহ-নিশাহ লোৱাত অসুবিধাৰ সন্মুখীন হৈছিল ৷ ইয়াৰ পিছত তেওঁৰ অৱস্থাৰ অৱনতি ঘটাৰ বাবে ২৬ ডিচেম্বৰত এইমছত চিকিৎসাৰ সময়ত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে ৷

লগতে পঢ়ক:প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ দেহাৱসান

ABOUT THE AUTHOR

...view details