লক্ষ্ণৌৰ বলৰামপুৰ হাস্পতাল ট্ৰাইজেমিনেল নিউৰেলজিয়াৰ অস্ত্ৰোপচাৰৰ ব্যৱস্থা কৰা প্ৰথমখন জিলা চিকিৎসালয় হিচাপে পৰিগণিত হৈছে, যাক আত্মঘাতী ৰোগ বুলিও কোৱা হয় (মূলতঃ ৰোগীয়ে ভুগি থকা উচ্চ পৰ্যায়ৰ বিষৰ বাবে)।
মাত্ৰাধিক বিষত ভুগি থকা 46 বছৰীয়া অশোক কুমাৰৰ সফল অপাৰেশ্যনৰ পিচত এই সফলতা লাভ কৰে লক্ষ্ণৌ বলৰামপুৰ হাস্পতালে । ৰোগীজনে অস্ত্ৰোপচাৰৰ বাবে মাত্ৰ ৪০০ টকা খৰচ কৰিব লগা হৈছিল বলীউড তাৰকা ছলমান খানৰো এই ৰোগ আছিল । ট্ৰাইজেমিনেল নিউৰালজিয়াই 100,000 লোকৰ ভিতৰত প্ৰায় 10-12 জনক প্ৰভাৱিত কৰে আৰু মহিলাৰ ক্ষেত্ৰত অধিক সঘনাই এই ৰোগ পোৱা যায় ।
অশোকে ছবছৰ ধৰি মুখৰ সোঁফালে তীব্ৰ বিষ অনুভৱ কৰি আছিল । ৪০ বছৰ বয়সৰ পৰা বিষনাশক ঔষধ ব্যৱহাৰ কৰি চিকিৎসা গ্ৰহণ কৰিও তেওঁ কোনো সকাহ নাপালে । পিচত তেওঁৰ আৰ্থিক অসুবিধা বিবেচনা কৰি একাংশ ব্যক্তিয়ে তেওঁক বলৰামপুৰ চিকিৎসালয়লৈ যাবলৈ পৰামৰ্শ দিয়ে ।
অশোকে বলৰামপুৰ হাস্পতালৰ নিউৰ’চাৰ্জন ডাঃ বিনোদ তিৱাৰীৰ পৰা সহায় বিচাৰে । ডাঃ তিৱাৰীয়ে উল্লেখ কৰে যে কুমাৰৰ সোঁ মুখৰ বিষ বতাহ, দাঁত ব্ৰাছ কৰা, গাৰ্গল কৰা, খাদ্য খোৱা, পানী খোৱা বা সোঁ গালত লাহে লাহে স্পৰ্শ কৰা আদিৰ বাবে হয় ৷ যাৰ ফলত তেওঁৰ ঘণ্টাৰ পিচত ঘণ্টা ধৰি তীব্ৰ বিষ অনুভৱ হয় ।