গুৱাহাটী, 12 জুন: বৰ্তমান সময়ত বহুলোক ফেটি লিভাৰৰ সমস্যাত আক্ৰান্ত হোৱা দেখা যায় । মূলতঃ খাদ্যাভ্যাসৰ পৰা আৰম্ভ কৰি জীৱনশৈলীৰ ধাৰণা আদিৰ বাবে এই ৰোগ হোৱা পৰিলক্ষিত হয় । বৰ্তমান মানুহৰ মাজত আধুনিক জীৱনশৈলীৰ বাবে যিবোৰ সমস্যাই গা কৰি উঠিছে, সেইবোৰৰ ভিতৰত অন্যতম হৈছে ফেটি লিভাৰ । কিছুবছৰ পূৰ্বে এই ৰোগ সম্পৰ্কে মানুহৰ মাজত বিশেষ ধাৰণা নাছিল । কিন্তু বৰ্তমান সময়ত বয়স্ক লোকৰ পৰা আৰম্ভ কৰি কম বয়সৰ ল'ৰা-ছোৱালীৰ মাজতো এই সমস্যা বাৰুকৈয়ে পৰিলক্ষিত হয় ।
আমাৰ শৰীৰৰ গুৰুত্বপূৰ্ণ অংগসমূহৰ ভিতৰত অন্যতম হৈছে যকৃত বা লিভাৰ । সাধাৰণতে সুস্থ লিভাৰত কম অথবা কেতিয়াবা চৰ্বি নাথাকেই । যেতিয়া এগৰাকী লোকৰ যকৃতত অত্যাধিক পৰিমাণে চৰ্বি সঞ্চিত হয় অৰ্থাৎ লিভাৰত প্ৰচুৰ পৰিমাণে চৰ্বি জমা হয় তেতিয়া ইয়াক ফেটি লিভাৰ বুলি কোৱা হয় ।
ফেটি লিভাৰৰ কাৰণসমূহ তলত উল্লেখ কৰা হ’ল-
- ফেটি লিভাৰৰ এটা মূল কাৰণ হৈছে অত্যাধিক মদ্যপান ।
- মানুহৰ পৰিকল্পিত খাদ্যভ্যাসো এই বেমাৰৰ অন্যতম কাৰণ ৷
- অত্যাধিক জাংকফুড গ্ৰহণো ফেটি লিভাৰৰ মূলকাৰণ ।
আজিকালি প্ৰায়ভাগ লোকে নিজৰ পৰম্পৰাগত খাদ্য খাবলৈ বাদ দি তাৰ পৰিৱৰ্তে ফাষ্টফুড, জাংকফুড আদি খায় । এনে ধৰণৰ খাদ্য খোৱাৰ ফলত শৰীৰত অতিৰিক্ত চৰ্বি জমা হয় । ইয়োৰোপৰি ডায়েবেটিছ, উচ্চৰক্তচাপ, মেদবহুলতা আদি থকা লোক সকলৰো এই ৰোগ হ'ব পাৰে ।