বহুতৰ মতে, চাহ ভাৰতীয়ৰ আৱেগ ৷ পুৱা শোৱাৰ পৰা আৰম্ভ কৰি দিনটোৰ সকলো সময়তে চাহ খোৱাটো একপ্ৰকাৰ আমাৰ অভ্যাস ৷ কিন্তু আপোনাৰ-মোৰ এই অভ্যাসে শৰীৰটোৰ বহু ক্ষতি কৰিব পাৰে ৷ বাৰে বাৰে চাহ বনাই থাকিবলৈ অসুবিধা হোৱাৰ বাবে আমি একেলগে অলপ সৰহকৈ চাহ বনাই পাছত সেয়া গৰম কৰি খাই থাকো ৷
হোটেল-ৰোস্তোৰাৰ কথাটো ক’বই নালাগে ৷ গ্ৰাহকক সোনকালে চাহ কাপ যোগাৰ দিবলৈ হোটেলবোৰত একেলগে বহু পৰিমাণে চাহ বনাই থৈ দিয়ে ৷ কিন্তু বাৰে বাৰে চাহ গৰম কৰি খোৱাটো স্বাস্থ্যৰ বাবে কিমান ক্ষতিকাৰক আপুনি জানেনে ? চাহ কিয় বাৰে বাৰে গৰম কৰিব নালাগে আজি সেই বিষয়ে জানো আহক-
পুষ্টি হ্ৰাস হয়
বহু আগতে বনাই থোৱা চাহ পুনৰ গৰম কৰি খোৱাটোৱে স্বাস্থ্যৰ ক্ষতি কৰে ৷ চাহত বিকাশ হোৱা মৃদু বেক্টেৰিয়াবোৰ স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক ৷ আমাৰ বহুতৰে ঘৰত গাখীৰ চাহ তৈয়াৰ কৰা হয়, য'ত উচ্চ পৰিমাণৰ গাখীৰ থাকে ৷ যাৰ বাবে এনে চাহত জীৱাণুৰ বিকাশৰ আশংকা যথেষ্ট বৃদ্ধি হয় ৷
পেটৰ সমস্যা বৃদ্ধি
বাৰে বাৰে গৰম কৰি চাহ খালে পেটৰ সমস্যা হ'ব পাৰে ৷ বিশেষকৈ পেটত গেছৰ সমস্যাৰ সৃষ্টি হৈ বিষ আৰম্ভ হ’ব পাৰে ৷ তদুপৰি, এনে চাহ খোৱাৰ ফলত অন্ত্ৰত এচিডৰ উৎপাদন বৃদ্ধি হয় ৷ যাৰ ফলত বুকুৰ জ্বলা-পোৰা আৰু বিষৰ সমস্যা হয় ৷
কোষ্ঠকাঠিন্যৰ সমস্যা