এক দীঘলীয়া অপেক্ষাৰ অন্তত আৰম্ভ হৈছে বৰ্ষাকাল ৷ বাৰিষাৰ পৰিপ্ৰেক্ষিতত প্ৰায়ে দিবলৈ ধৰিছে বৰষুণ ৷ বৰষুণৰ বাবে কিছু পৰিমাণে গৰমৰ উত্তাপ কমি দিছে সকাহ ৷ পিছে এই সকাহৰ সমানে সমানে উদ্ভৱ হয় আন কেতবোৰ সমস্যা ৷
বাৰিষাৰ দিনকেইটাত কীট-পতংগ, মাখি, ম’হ আদি বৃদ্ধি পায় ৷ যাৰ বাবে এইবোৰক খাদ্য হিচাপে গ্ৰহণ কৰা জেঠীবোৰো ঘৰৰ য’তে-ত’তে বগাই ফুৰা দেখা যায় ৷ এইবোৰ সমস্যাৰ পৰা পৰিত্ৰাণ বিচাৰিও বহুলোকে নাজানে ইয়াৰ উপায় ৷ এনে কেতবোৰ উপায়ে আজি আমি লৈ আহিছো ৷ চাওক সেয়া কি কি -
ঠাণ্ডা পানী: জেঠী হৈছে এবিধ শীতলৰক্তী প্ৰাণী ৷ ঠাণ্ডাৰ দিনত ইয়াক দেখিবলৈ পোৱা নাযায় ৷ বৰঞ্চ নিম্নমানৰ তাপমাত্ৰাৰ বাবে ই গৰম বিচাৰি তেনেকুৱা স্থানতহে লুকাই থাকে ৷ গতিকে জেঠী দেখা মাত্ৰকে আপুনি ঠাণ্ডা পানী ব্যৱহাৰ কৰি চাব পাৰে ৷ ই নিশ্চয়কৈ ফলপ্ৰসূ হ’ব ৷
কণীৰ চোকোৰা: এই উপায়ৰ বিষয়ে সকলোৱে কম-বেছি পৰিমাণে অৱগত ৷ বেৰত বগাই ফুৰা জেঠীটোৱেতো আৰু অমলেট ভাল নাপায় ৷ বৰং কণীৰ গোন্ধৰ পৰা আঁতৰত থাকে জেঠীবোৰ ৷ যদিহে ঘৰত বহুত বেছি জেঠীৰ উপদ্ৰৱ হৈছে, তেন্তে ব্যৱহাৰ কৰক কণীৰ চোকোৰা ৷ জেঠী অহা-যোৱা স্থানত কণীৰ চোকোৰা ৰাখি জেঠীৰ পৰা পৰিত্ৰাণ পাব পাৰি ৷
নহৰু আৰু পিঁয়াজ:হয়তো এই বিষয়ে সকলো জ্ঞাত নহয়, কিন্তু জেঠী খেদিবলৈ ই এক সহজ উপায় ৷ ঘৰৰ দুৱাৰ-খিৰিকী আৰু পাকঘৰত পিঁয়াজ-নহৰুৰ কলি তথা বাকলি ওলোমাই ৰাখিলেও ঘৰত জেঠী প্ৰৱেশ নকৰে ৷
নেফথেলিন:নেফথেলিন বল যাক সহজ ভাষাত ফেনাইল পিল বুলিও কোৱা হয়, প্ৰায়ে সৰু সৰু পোক-পতংগবোৰ ঘৰত প্ৰৱেশত বাধা দিবলৈ ব্যৱহাৰ কৰা হয় ৷ কিন্তু এই বল ব্যৱহাৰ কৰি জেঠীকো আঁতৰত ৰাখিব পৰা যায় ৷ জেঠীয়ে নেফথেলিনৰ গোন্ধ সহ্য কৰিব নোৱাৰি আঁতৰি যায় ৷
লগতে পঢ়ক:সাৱধান ! অত্যধিক ক’ল্ড ড্ৰিংকছ সেৱনে ঠেলি দিব পাৰে মৃত্যুৰ মুখলৈ - Cold Drinks