অসম

assam

ETV Bharat / health

খাদ্য খোৱাৰ কিমান সময়ৰ পিচত আমি ৱৰ্কআউট কৰা উচিত ? - Workout After Eating

Workout After Eating: বহুলোকৰে খাদ্য খোৱাৰ পিচত ৱৰ্কআউট বা ব্যায়াম কৰাৰ অভ্যাস আছে ৷ কিন্তু বহুতৰে মনত প্ৰশ্ন উত্থাপিত হয় যে খোৱা আৰু ব্যায়ামৰ মাজত কিমান সময়ৰ ব্যৱধান থকা উচিত ।

How Long Should You Wait to Work Out After Eating?
খাদ্য খোৱাৰ কিমান সময়ৰ পিচত আমি ৱৰ্কআউট কৰা উচিত ? (FREEPIK)

By ETV Bharat Assamese Team

Published : Jul 26, 2024, 8:17 PM IST

শাৰীৰিক আৰু মানসিক স্বাস্থ্য বজাই ৰাখিবলৈ ব্যায়াম অতি গুৰুত্বপূৰ্ণ ৷ নিজকে শাৰীৰিকভাৱে সক্ৰিয় ৰাখি আপুনি ৰোগৰ পৰা দূৰত থাকিব পাৰিব ৷ বহুতো মানুহে ব্যায়াম কৰিবলৈ জিমলৈ যায় ৷ কিছুমানে পুৱা খোজ কাঢ়িবলৈ যায়, আনহাতে বহুতো লোক আছে যি শোৱাৰ আগতে ব্যায়াম কৰে ৷

কিন্তু ব্যায়ামৰ লগতে, স্বাস্থ্যকৰ খাদ্য অনুসৰণ কৰাটো গুৰুত্বপূৰ্ণ ৷ তেতিয়াহে আপুনি ব্যায়ামৰ পৰা সঠিক লাভালাভ লাভ কৰে ৷ কিন্তু বহুলোকে ভাবে যে খাদ্য খোৱাৰ কিমান সময় পাচত ব্যায়াম কৰা উচিত ৷ খাদ্য খোৱাৰ পাচত কিমান সময়ত ব্যায়াম কৰিব লাগে জানো আহক-

খাদ্য খোৱাৰ পাচত ব্যায়াম

আপুনি নিশ্চয় বহুবাৰ শুনিছে যে যদি আপুনি খাদ্য খোৱাৰ পাচত ব্যায়াম কৰে তেনেহ’লে সোনকালে কেলৰি কম হয় ৷ কিন্তু এনে কৰাৰ আগতে আপুনি আপোনাৰ জিম প্ৰশিক্ষকৰ পৰামৰ্শ লোৱা উচিত ৷ বিশেষজ্ঞসকলে কৈছে যে ব্যায়ামৰ তীব্ৰতা বুজি এইটো সিদ্ধান্ত লোৱা হয় ৷ কিন্তু মনত ৰাখিব যে যদি আপুনি বহু সময় একো নোখোৱাকৈ আছে, তেন্তে ব্যায়াম নকৰিব ৷

কিমান সময় পাচত ব্যায়াম কৰা উচিত ?

যদি আপুনি পুৱাৰ পাতল খাদ্য খায় তেন্তে আপুনি এঘণ্টাৰ পাচত ব্যায়াম কৰিব পাৰে ৷ আপুনি আধা ঘণ্টা বা ৪০ মিনিটৰ বাবে ব্যায়াম কৰিব পাৰে ৷ একে সময়তে দুপৰীয়া গধুৰ খাদ্যৰ গ্ৰহণ কৰাৰ পাচত, আপুনি কমেও ৪ ঘণ্টাৰ বিৰতি ল’ব আৰু তাৰ পাচতহে ব্যায়াম কৰিব ৷

স্বাস্থ্যকৰ আহাৰ

যদি আপুনি ব্যায়াম কৰি আছে তেন্তে আপোনাৰ খাদ্যৰ যত্ন লওক ৷ আপোনাৰ আহাৰত প্ৰ’টিনযুক্ত সামগ্ৰী অন্তৰ্ভুক্ত কৰিব ৷ যেনে কণী, কল, চয়াবিন, মাংস আৰু দাইল ৷ ই আপোনাৰ শৰীৰক শক্তি প্ৰদান কৰিব ৷ ইয়াৰ লগতে নিজকে যিমান সম্ভৱ হাইড্ৰেটেড ৰাখিব ৷

চেকআপ কৰক

যদি আপুনি জিমত যোগদান কৰিবলৈ বিচাৰিছে, প্ৰথমে আপোনাৰ গোটেই শৰীৰৰ পৰীক্ষা সম্পন্ন কৰক যাতে শৰীৰত থকা সমস্যা সময়মতে চিনাক্ত কৰিব পাৰি ৷

লগতে পঢ়ক:খোজকঢ়া বনাম চিৰি বগোৱা - ওজন হ্ৰাস কৰাৰ বাবে কোনটো ভাল বিকল্প ! - Walking Vs Climbing Stairs

ABOUT THE AUTHOR

...view details