ETV Bharat / health

কেৱল মধুৰিআমেই নহয় ইয়াৰ পাতৰো আছে অনেক উপকাৰিতা - GUAVA

মধুৰিআম আমাৰ স্বাস্থ্যৰ বাবে খুবেই উপকাৰী । কিন্তু আপুনি জানেনে ইয়াৰ পাতৰো আছে অনেক উপকাৰিতা-

Health Benefits of Guava Leaves
কেৱল মধুৰিআমেই নহয় ইয়াৰ পাতৰো আছে অনেক উপকাৰিতা (ETV Bharat)
author img

By ETV Bharat Health Team

Published : Nov 26, 2024, 5:27 PM IST

মধুৰিআম কেৱল এবিধ সুস্বাদু ফল হোৱাই নহয়, ইয়াৰ পাত সেৱন কৰাটোও স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি সম্প্ৰতি প্ৰমাণিত হৈছে ৷ শেহতীয়াকৈ NIHৰ এটি গৱেষণাতো এয়া প্ৰমাণিত হৈছে মধুৰিআমৰ পাত খালে মেদবহুলতা তথা অন্য বহু ৰোগৰ ক্ষেত্ৰত খুবেই লাভদায়ক ৷

যুগ যুগ ধৰি আয়ুৰ্বেদিক চিকিৎসাত মধুৰিআমৰ পাত ব্যৱহাৰ হৈ আহিছে ৷ মধুৰিআমৰ পাতত বহুতো পুষ্টিকৰ উপাদান থাকে, যিয়ে শৰীৰক বহু দিশত উপকাৰিতা সাধন কৰে ৷

মধুৰিআমৰ পাতত এন্টিঅক্সিডেন্ট, ভিটামিন, খনিজ পদাৰ্থ আৰু ঔষধি গুণ থাকে, যিয়ে শৰীৰৰ বহু সমস্যা ভিতৰৰ পৰা দূৰ কৰাত সহায় কৰে ৷ যদি আপুনি আপোনাৰ স্বাস্থ্য উন্নত কৰিব বিচাৰে তেন্তে মধুৰিআমৰ পাত চোবাই খাব পাৰে ৷ জানো ইয়াৰ কিছুমান অন্য উপকাৰিতা-

ডায়েবেটিছত উপকাৰী

মধুৰিআমৰ পাত চোবাই খালে ডায়েবেটিছ ৰোগীৰ বাবে উপকাৰী হ’ব পাৰে ৷ এই পাতবোৰত ‘Polypeptide-P’ নামৰ এবিধ মৌল পোৱা যায়, যিয়ে ইনচুলিনৰ দৰে কাম কৰে আৰু ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণ কৰে ৷ বিশেষকৈ টাইপ ২ ডায়েবেটিছ ৰোগীৰ বাবে ই অতিকৈ উপকাৰী হ’ব পাৰে ৷

ওজন কমাবলৈ সহায়ক

ওজন কমাবলৈও মধুৰিআমৰ পাত সহায়ক হ’ব পাৰে ৷ এই পাতবোৰে বিপাকীয় ক্ৰিয়া ত্বৰান্বিত কৰাত সহায় কৰে আৰু শৰীৰৰ চৰ্বি কমোৱাত সহায় কৰে ৷ মধুৰিআমৰ পাত খালে ভোক নিয়ন্ত্ৰিত হয় আৰু শৰীৰত চৰ্বি জমা হোৱাত বাধা দিয়ে, ওজন কমোৱাৰ প্ৰক্ৰিয়াত ই যথেষ্ট সহায় কৰে ৷

দাঁত আৰু দাঁতৰ গুৰিৰ সৈতে জড়িত সমস্যাৰ পৰা মুক্তিলাভ

মধুৰিআমৰ পাতত বেক্টেৰিয়া আৰু ভেঁকুৰ প্ৰতিৰোধী গুণ থাকে, যিয়ে দাঁত আৰু দাঁতৰ আলুৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰে ৷ যদি আপোনাৰ দাঁতৰ গুৰি ফুলা, বিষ বা দাঁত ক্ষয়ৰ সমস্যা আছে, তেন্তে মধুৰিআমৰ পাত চোবাই খালে সকাহ পাব পাৰে ৷ এই পাতে দাঁত মজবুত কৰাৰ লগতে দাঁতৰ গুৰিক সুস্থ কৰি ৰখাত সহায় কৰে ৷

হৃদযন্ত্ৰৰ স্বাস্থ্য বজাই ৰাখে

মধুৰিআমৰ পাতত থকা এন্টিঅক্সিডেন্ট আৰু অন্যান্য উপাদানে হৃদযন্ত্ৰৰ স্বাস্থ্য বজাই ৰখাত সহায় কৰে ৷ এই পাতবোৰে ৰক্তচাপ নিয়ন্ত্ৰণত সহায়ক আৰু হৃদৰোগৰ সম্ভাৱনা কম কৰে ৷ নিয়মিতভাৱে মধুৰিআমৰ পাত খালে হৃদযন্ত্ৰৰ লগত জড়িত সমস্যাৰ পৰা হাত সাৰিব পাৰি ৷

মানসিক চাপ আৰু উদ্বেগৰ পৰা সকাহ

মধুৰিআমৰ পাতত এনে কিছুমান উপাদান থাকে যিয়ে মানসিক শান্তি প্ৰদান কৰে ৷ এই পাতবোৰে মানসিক চাপ আৰু উদ্বেগ কমোৱাত সহায় কৰিব পাৰে ৷ নিয়মিত মধুৰিআমৰ পাত খালে মানসিক স্বাস্থ্যৰ উন্নতি হোৱাৰ লগতে য়তশান্তি অনুভৱ হয় ৷

উৎস:- https://pmc.ncbi.nlm.nih.gov/articles/PMC8066327/#:~:text=Studies%20showed%20that%20guava%20leaves,in%20treating%20diabetes%20mellitus%20symptoms.

লগতে পঢ়ক: স্বাস্থ্যৰ বাবে বৰদানতকৈ কম নহয় মধুৰিআম, ঔষধি গুণেৰে ভৰা এই ফলৰ আচৰিত উপকাৰিতা জানি লওক - Guava Benefits

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.