সম্প্ৰতি আফ্ৰিকাৰ কিছুমান দেশত মাৰবাৰ্গ ভাইৰাছ বিয়পি পৰিছে ৷ এই ভাইৰাছৰ বাবে ১৫ জন ৰোগীৰ মৃত্যু হৈছে ৷ আফ্ৰিকাৰ আশে-পাশে থকা দেশসমূহকো সতৰ্ক কৰি দিয়া হৈছে ৷ আনকি এই ভাইৰাছে চকুৰ পৰাও ৰক্তক্ষৰণ হ’ব পাৰে ৷ ৷ বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি এই বাবেই মাৰবাৰ্গ ভাইৰাছক ব্লিডিং আই ভাইৰাছ বুলি কোৱা হয় ৷ এই ভাইৰাছ ইবোলা পৰিয়ালৰ অন্তৰ্গত, কিন্তু ই যথেষ্ট বিপদজনক ৷ ইয়াৰ দ্বাৰা আক্ৰান্ত হোৱাৰ পিছত ৫০ শতাংশ ৰোগীৰ মৃত্যুৰ আশংকা থাকে ৷ মাৰবাৰ্গ ভাইৰাছ কি? কেনেকৈ বিয়পে ? ইয়াৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি কি? এই বিষয়ে বিতংভাৱে জানো আহক-
WHOৰ মতে, পূৰ্বতে মাৰবাৰ্গ জ্বৰ নামেৰে জনাজাত মাৰবাৰ্গ ভাইৰাছ ৰোগ (MVD) মানুহৰ মাজত বিয়পি পৰা এক গুৰুতৰ আৰু মাৰাত্মক ৰোগ ৷ এই ৰোগত মৃত্যুৰ হাৰ ৫০% ৷ অৰ্থাৎ এই ভাইৰাছত আক্ৰান্ত হোৱাৰ পিছত প্ৰতি ১ লাখ ৰোগীৰ ভিতৰত ৫০ জন ৰোগীৰ মৃত্যু হ’ব পাৰে ৷ কিছুমান ৰোগীৰ মাৰবাৰ্গ ভাইৰাছৰ বাবে ৰক্তক্ষৰণজনিত জ্বৰ হ’ব পাৰে ৷ যদি কোনো ব্যক্তি এই ভাইৰাছত আক্ৰান্ত হয় তেন্তে আভ্যন্তৰীণ ৰক্তক্ষৰণ হ’ব পাৰে, যাৰ ফলত মৃত্যু হয় ৷ বৰ্তমান মাৰবাৰ্গ প্ৰতিৰোধৰ বাবে কোনো ভেকচিন বা এন্টিভাইৰেল চিকিৎসা নাই যদিও ভেকচিন প্ৰস্তুত কৰা হৈছে ৷
মাৰবাৰ্গ ভাইৰাছ কেনেকৈ বিয়পে ?