ব্ৰকলি দেখাত কবিৰ দৰে, ই প্ৰচুৰ পুষ্টিকৰ উপাদানেৰে ভৰপূৰ ৷ আপুনি জানেনে যে ইয়াক প্ৰ’টিন ডায়েট হিচাপেও খোৱা হয়, কাৰণ বহুতে কণী, মাংস বা মাছৰ দৰে নন-ভেজ বস্তু খাব নোৱাৰে ৷ আমাৰ শৰীৰৰ বাবে প্ৰ’টিন কিমান গুৰুত্বপূৰ্ণ সেই বিষয়ে সকলোৱে জানে ৷ জানো আহক আমাৰ শৰীৰৰ বাবে ব্ৰকলিয়ে কিদৰে উপকাৰিতা সাধন কৰে ৷
প্ৰ’টিনৰ বাবে খাওক ব্ৰকলি
ব্ৰকলি তেনেই এবিধ সাধাৰণ পাচলি, যাক বহু পুষ্টিকৰ উপাদানৰ ভঁৰাল বুলি কোৱা হয় ৷ ইয়াত প্ৰচুৰ পৰিমাণে প্ৰ’টিনৰ লগতে কেলচিয়াম, কাৰ্বহাইড্ৰেট, আইৰণ, ভিটামিন এ, চি আৰু আন বহুতো পুষ্টিকৰ উপাদান থাকে ৷ ইয়াত বহু ধৰণৰ লৱণো পোৱা যায়, যিয়ে শৰ্কৰাৰ মাত্ৰা বজাই ৰখাত সহায় কৰে ৷
৯১ গ্ৰাম ব্ৰকলিত থকা পুষ্টিকৰ উপাদান-
- প্ৰ’টিন: ২.৫ গ্ৰাম
- কাৰ্ব: ৬ গ্ৰাম
- চেনিঃ ১.৫ গ্ৰাম
- আঁহ: ২.৪ গ্ৰাম
- চৰ্বি: ০.৪ গ্ৰাম
- কেলৰি: ৩১
- পানী: ৮৯%
ব্ৰকলি খোৱাৰ ৫টা আচৰিত উপকাৰিতা