অসম

assam

ETV Bharat / health

চকীত বহি মাত্ৰ ১০ মিনিটৰ বাবে কৰক এই ব্যায়াম আৰু পাওক এই লাভ - Chair Exercises - CHAIR EXERCISES

Chair Exercises: দৈনন্দিন জীৱন প্ৰায়ে এনেকুৱা হয় যে যেতিয়া আমি কাৰ্যালয়ত দিনটো একেৰাহে চকীত বহি কাম কৰিবলগীয়া হয় যাৰ ফলত আমি কঁকাল তথা পিঠিৰ বিষ আৰু মেদবহুলতাৰ দৰে সমস্যাত ভুগিবলগীয়া হয় ৷ সেয়ে আজি আমি আপোনালোকৰ বাবে যোগগুৰু প্ৰিয়ংকা সিঙে আগবঢ়োৱা এনে কিছুমান ব্যায়াম লৈ আহিছো যাক আপুনি সহজে আপোনাৰ ডেস্কত থাকিয়েই কৰিব পাৰে-

Great Yoga Stretches You Can Do at Your Desk
চকীত বহি মাত্ৰ ১০ মিনিটৰ বাবে কৰক এই ব্যায়াম আৰু পাওক এই লাভ (ETV Bharat)

By ETV Bharat Health Team

Published : Sep 18, 2024, 4:45 PM IST

চকীৰ সহায়ত কৰা ব্যায়ামে আপোনাৰ মজ্জাক শক্তিশালী কৰাত সহায় কৰে আৰু কঁকাল বিষৰ পৰাও সকাহ প্ৰদান কৰে । আপুনি কামৰ পৰা কিছু সময় উলিয়াই এই ব্য়ায়ামসমূহ কৰিব পাৰে । এনেকুৱা প্ৰায়ে হয় যে আমি একে ঠাইতে অবিৰতভাৱে বহি থকাৰ ফলত কঁকাল, পিঠি আৰু কেতিয়াবা নিতম্বতো বিষ হয়, গতিকে এই ব্যায়ামবোৰ কৰিলে এই বিষৰ পৰা সকাহ দিব পাৰে । গতিকে আৰু পলম নকৰি এই ব্যায়ামবোৰৰ বিষয়ে এই প্ৰতিবেদনৰ জৰিয়তে জানি লওক-

চেয়াৰ স্কোৱাট

একে ঠাইতে ঘণ্টাৰ পিছত ঘণ্টা বহি কাম সময়মতে সম্পূৰ্ণ কৰিব পাৰে, কিন্তু বুজিব যে এই অভ্যাস আপোনাৰ স্বাস্থ্যৰ বাবে ভাল নহয় । গতিকে এটা নিয়ম আছে যে যদি আপুনি চকী এখনত ৩০ মিনিট বহি থাকে তেন্তে ৩ মিনিটৰ বিৰতি লওক । যিটো সক্ৰিয় হৈ থকাৰ এক সহজ আৰু ফলপ্ৰসূ উপায় । ইয়াক আৰু এখোজ আগুৱাই নিলে ইয়াত স্কুৱাট যোগ কৰিব পাৰি । ইয়াৰ ফলত পেটৰ চৰ্বী কম হোৱাৰ লগতে গ্লুট পেশীবোৰো শক্তিশালী হ’ব । ইয়াৰ দ্বাৰা কম সময়ত বহুত কেলৰি বাৰ্ণ কৰিব পাৰে আৰু আপুনি আপোনাৰ শৰীৰটোক এক সঠিক আকাৰ দিব পাৰে ।

চেয়াৰ স্কোৱাট কেনেকৈ কৰিব লাগে ?

  • থিয় হৈ চকীত বহি থকাৰ দৰে বহিবলৈ চেষ্টা কৰক কিন্তু আপোনাৰ নিতম্ব চকীখনত স্পৰ্শ কৰাৰ লগে লগে উঠিব লাগিব ।
  • এই কাম কৰি থাকোঁতে আপোনাৰ পিঠি পোন কৰি ৰাখিবলৈ চেষ্টা কৰক ।
  • এনেদৰে এই কাম ৮ৰ পৰা ১০ বাৰ কৰক ।
  • চৰ্বি কম কৰাৰ উপৰিও ই আপোনাক শাৰীৰিকভাৱে ফিট কৰি ৰাখিব ।

ক্ৰছ-লেগড স্কোৱাট

চকীত বহি কৰা ব্যায়ামৰ ভিতৰত এটি ব্যায়াম হৈছে ক্ৰছ-লেগড স্কোৱাট ৷ ই আপোনাৰ ওজন কমোৱা আৰু আপোনাৰ এবছ টোন কৰাত সহায় কৰে ।

ক্ৰছ লেগ স্কোৱাট কেনেকৈ কৰিব লাগে ?

  • ইয়াৰ বাবে সোঁ ভৰিখন বাওঁ ভৰিৰ ওপৰত ৰাখক আৰু তাৰ পিচত বহিবলৈ চেষ্টা কৰক । এখন ভৰিৰে ৪ৰ পৰা ৫ বাৰ কৰাৰ পিছত আনখন ভৰিৰে একেটা ব্যায়াম পুনৰাবৃত্তি কৰক ।
  • চকীৰে ব্যায়াম কৰি থাকোঁতে মনত ৰাখিব যে পিঠিখন যাতে আপুনি পোন কৰি ৰাখে । এই ব্যায়ামে ভৰিৰ শক্তিও বৃদ্ধি কৰে ।

লেগ লিফটিং ব্যায়াম

ঘৰতে সহজে কৰিব পৰা তৃতীয়টো ব্যায়াম হ’ল এৰোবিক ব্যায়াম বা লেগ লিফটিং ব্যায়াম । যিটোৱে ওজন আৰু পেট কমোৱাৰ উপৰিও আন বহু দিশত উপকাৰী ।

লেগ লিফটিং ব্যায়াম কেনেকৈ কৰিব

  • ইয়াৰ বাবে চকীখনৰ সন্মুখত থিয় হৈ ভৰি দুখন আঁতৰাই ৰাখক আৰু ভৰিৰ আঙুলিত থিয় হওক ।
  • প্ৰথমে সোঁ ভৰিখন চকীখনত ৰাখিব লাগিব তাৰ পিছত বাওঁ ভৰিখন । দুয়োখন ভৰি চকীখনত পাল পাতি ৰাখক ।
  • এই ব্যায়ামৰ দ্বাৰা ভৰি দুখন মজবুত হৈ উঠে আৰু ওজনো নিয়ন্ত্ৰিত হয় ।
লগতে পঢ়ক:পুৱা নহয় সন্ধিয়া ব্যায়াম কৰিলেহে হ্ৰাস হয় ওজন...জানি লওক প্ৰকৃত সত্যতা - Weight Loss Myth And Facts

ABOUT THE AUTHOR

...view details