বৰ্তমান সময়ত প্ৰায়সংখ্যক লোকেই ডায়েবেটিছ ৰোগত ভুগা দেখা যায় ৷ ডায়েবেটিছ ৰোগৰ সন্দৰ্ভত শেহতীয়াকৈ ডাঃ মোহনৰ ডায়েবেটিচ বিশেষজ্ঞ ডাঃ ভি মোহনে X ত পোষ্ট কৰি কয়, "ডায়েবেটিছ ৰোগীসকলে ভৰিৰ যতন লোৱাটো অত্যাৱশ্যকীয় ৷ কাৰণ ইয়াৰ ফলত অপ্ৰত্যাশিতভাৱে স্নায়ুৰ ক্ষতি হ'ব পাৰে ৷ যদি আপুনি ভৰি বা ভৰিৰ আঙুলিৰ কোনো পৰিৱৰ্তন অনুভৱ কৰে (বিষ, জিনজিননি, জ্বলা-পোৰা, জঠৰতা ইত্যাদি), তেনেহ’লে ততাতৈয়াকৈ চিকিৎসকৰ পৰামৰ্শ লওক । ই আপোনাৰ ভৰি কাটিব লগা পৰিস্থিতিও উদ্ভৱ কৰিব পাৰে ৷
পেৰিফেৰেল ধমনী ৰোগ আৰু ডায়েবেটিক স্নায়ুৰোগ (স্নায়ুৰ ক্ষতি) হৈছে ৰক্ত শৰ্কৰাৰ ফলত সচৰাচৰ দেখা যোৱা এক ৰোগ । অধ্যয়নত উল্লেখ কৰা অনুসৰি, ডায়েবেটিছ ৰোগীসকলে ভৰি বা ভৰিৰ প্ৰায় 85 শতাংশ বিষ তথা আলচাৰৰ সৈতে আৰম্ভ হয় ।
ডায়েবেটোলজিষ্ট ডাঃ ভি মোহনে ডায়েবেটিক ভৰিৰ স্বাস্থ্য/যত্নৰ বাবে কিছু গুৰুত্বপূৰ্ণ পৰামৰ্শও শ্বেয়াৰ কৰে -
- ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণ কৰক
- প্ৰতিদিনে ভৰি ধোৱক
- ভৰি ভালদৰে শুকুৱাওক
- ভেঁকুৰৰ সংক্ৰমণৰ ক্ষেত্ৰত ভৰিৰ আঙুলিবোৰ পৰীক্ষা কৰক
- জোতাৰ সৈতে মোজা পিন্ধক
- ভৰিক অত্যাধিক উষ্ণতাৰ পৰা সুৰক্ষিত কৰক
- খালী ভৰিৰে খোজকঢ়া পৰিহাৰ কৰক