সুখ এনে এক অনুভূতি যাক সকলোৰে বিচাৰে ৷ কিন্তু প্ৰায়ে মানসিক চাপ, উদ্বেগ আৰু হতাশাৰ দৰে নেতিবাচক চিন্তাই আমাৰ মনক আগুৰি থাকে ৷ এই নেতিবাচক ভাৱবোৰৰ পৰা আঁতৰি থাকিবলৈ আৰু সুখী হৈ থাকিবলৈ আমি বিভিন্ন পদ্ধতি অৱলম্বন কৰো ৷ যেনে ধ্যান-সাধনা, যোগাসন বা ঔষধ ৷ কিন্তু আপুনি জানেনে যে সুখী হ’বলৈ এই সকলোবোৰ বস্তুৰ প্ৰয়োজন নাই ? খাদ্যৰ কিছু পৰিৱৰ্তন কৰিও আপুনি সুখী হৈ থাকিব পাৰে ৷
হয়, আপুনি ঠিকেই পঢ়িছে, কিছুমান খাদ্য আছে যিয়ে আপোনাৰ মেজাজ উন্নত কৰাত সহায় কৰিব পাৰে ৷ এই খাদ্যসমূহে আপোনাৰ শৰীৰত হেপী হৰম’ন, যেনে- চেৰ’টনিন আৰু ড’পামিনৰ উৎপাদন বৃদ্ধি কৰে ৷ গতিকে জানো আহক ৭বিধ এনে খাদ্যৰ বিষয়ে যিয়ে আপোনাৰ মেজাজ সলনি কৰাত সহায় কৰিব ৷
চকলেট
আমি সকলোৱে জানো যে চকলেট খালে আমাৰ সুখ অনুভৱ হয় ৷ কিন্তু আপুনি জানেনে যে চকলেটত থকা ফেনাইল ইথাইলিন নামৰ যৌগ এটাই আপোনাৰ মেজাজ উন্নত কৰাত সহায় কৰে ? ফেনাইল ইথাইলিনে হেপী হৰম’ন চেৰ’টনিনৰ উৎপাদন বৃদ্ধি কৰে ৷
দৈ
দৈত প্ৰ’বায়’টিক থাকে, যিয়ে আপোনাৰ পাচনতন্ত্ৰ সুস্থ কৰি ৰখাত সহায় কৰে ৷ সুস্থ পাচনতন্ত্ৰই চেৰ’টনিন উৎপাদন বৃদ্ধি কৰাত সহায় কৰে ৷
ফল
ফলমূলত ভিটামিন চি, ভিটামিন B6 আৰু আঁহ থাকে ৷ এই সকলোবোৰ পুষ্টিকৰ উপাদানে আপোনাৰ মেজাজ উন্নত কৰাত সহায় কৰে ৷ ভিটামিন চিয়ে চেৰ’টনিনৰ উৎপাদন বৃদ্ধি কৰে, ভিটামিন B6এ ড’পামিনৰ উৎপাদন বৃদ্ধি কৰে আৰু আঁহে মানসিক চাপ কমোৱাত সহায় কৰে ৷