অসম

assam

ETV Bharat / health

এনে কি বস্তু আছে যাক খালে টেনচন দূৰ হয় ? আজি জানি লওক - Foods to Relieve Stress - FOODS TO RELIEVE STRESS

Foods to Relieve Stress: ব্যস্ততাৰে ভৰা এই জীৱনত কাৰ জীৱনত টেনচন নাথাকে ! কিন্তু ইয়াক নিয়ন্ত্ৰণত ৰখাটো অতিকৈ প্ৰয়োজনীয় অন্যথা ই লাহে লাহে আমাৰ শৰীৰৰ ক্ষতি কৰিব পাৰে ৷ বৰ্তমান সময়ত বহু ৰোগৰ মূল কাৰণ হৈছে টেনচন ৷ সেয়ে আজি এই প্ৰতিবেদনৰ জৰিয়তে ইয়াক নিয়ন্ত্ৰণ কৰাৰ ৰামবান উপায় জানি লওক-

Foods that can aid in reducing stress and tension
এনে কি বস্তু আছে যাক খালে টেনচন দূৰ হয় ? আজি জানি লওক (Getty Images)

By ETV Bharat Assamese Team

Published : Jun 5, 2024, 2:18 PM IST

আজিৰ দিনত মানসিক চাপ কাৰ নাথাকে! কাৰ্যালয়, ঘৰৰ দায়িত্ব, সন্তানৰ দায়িত্ব ইত্যাদিৰ ফলত প্ৰায়েই আমাৰ টেনচন বা মানসিক চাপ বৃদ্ধি পায় কিন্তু ইয়াক দূৰ কৰাৰ কোনো উপায় নাই নেকি ? এই প্ৰতিবেদনটি আপুনি যাৰ বাবে পঢ়িবৰ বাবে আহিছে সেয়া সঁচাকৈয়ে সম্ভৱ নেকি ? সঁচাকৈয়ে খাদ্যৰ দ্বাৰা আমি আমাৰ মানসিক চাপ নিয়ন্ত্ৰণ কৰিব পাৰো নেকি ? আজি আমি এই প্ৰশ্নসমূহৰ উত্তৰ জানিবলৈ চেষ্টা কৰিম-

এক গৱেষণা অনুসৰি, খাদ্যই আমাৰ মনৰ ওপৰত বিশেষ প্ৰভাৱ বিস্তাৰ কৰিব পাৰে ৷ কিছুমান এনে খাদ্য আছে যাক খালে আমি আমাৰ টেনচন নিয়ন্ত্ৰণ কৰিব পাৰো এই খাদ্যসমূহ নো কি জানি লওক-

দৈ

দৈ (FREEPIK)

এন চি বি আইত প্ৰকাশিত এক অধ্যয়ন অনুসৰি মানসিক চাপ কমোৱাত দৈ অতি ফলপ্ৰসূ । দৰাচলতে দৈত থকা প্ৰ’বায়’টিকবোৰ অন্ত্ৰৰ বাবে উপকাৰী, যিয়ে মানসিক চাপ হ্ৰাস কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । ইয়াৰ উপৰিও দৈত থকা কেলচিয়ামেও মানসিক চাপ কমোৱাত সহায় কৰে ।

ডাৰ্ক চকলেট

ডাৰ্ক চকলেট (Getty Images)

অলপ ডাৰ্ক চকলেটে মানসিক চাপৰ সময়ত মেজাজ উন্নত কৰাত সহায় কৰে । দৰাচলতে ইয়াত থকা ক’ক’ই এণ্ড’ৰ্ফিন নামৰ ৰাসায়নিক পদাৰ্থ নিৰ্গত কৰাত সহায় কৰে, যাৰ ফলত মনটো শান্ত আৰু সুখী অনুভৱ হয় ।

বাদাম আৰু বীজ

বাদাম আৰু বীজ (Getty Images)

বাদাম আৰু বীজ যেনে আলমণ্ড, আখৰোট, কাজু আৰু সূৰ্যমুখী বীজত প্ৰচুৰ পৰিমাণে ভিটামিন ই, মেগনেছিয়াম আৰু ওমেগা-৩ ফেটি এচিড থাকে । এই পুষ্টিকৰ উপাদানসমূহে মানসিক চাপ কম কৰাৰ লগতে মনক শান্ত কৰি ৰখাত সহায় কৰে ।

কল

কল (Getty Images)

কল পটাছিয়ামৰ এক উৎকৃষ্ট উৎস । পটাছিয়ামে শৰীৰৰ ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে, যাৰ ফলত মানসিক চাপ কম হয় । ইয়াৰ উপৰিও কলত থকা ভিটামিন বি ৬ য়েও মানসিক চাপ কমোৱাত সহায় কৰে ।

জামু

জামু (Getty Images)

জামুত এন্টিঅক্সিডেন্ট থাকে যিয়ে কোষৰ ক্ষতি হোৱাত বাধা দিয়ে আৰু মানসিক চাপ বৃদ্ধি হোৱাত বাধা দিয়ে । এনে পৰিস্থিতিত যদি আপুনি টেনচনত থাকে তেন্তে ১০-১২টা জামু খাই আপোনাৰ টেনচন নিয়ন্ত্ৰণ কৰিব পাৰে ।

সতৰ্কীকৰণ:প্ৰিয় পাঠক, আমাৰ প্ৰতিবেদন পঢ়াৰ বাবে ধন্যবাদ । এই খবৰটো কেৱল আপোনালোকক সজাগ কৰাৰ উদ্দেশ্যে লিখা হৈছে । আমি এই প্ৰতিবেদনত ঘৰুৱা উপায় আৰু সাধাৰণ তথ্যৰ সহায় লৈছো । কিন্তু প্ৰিয় পাঠক, যদি আপুনি যিকোনো বাতৰিতে স্বাস্থ্যৰ সৈতে জড়িত কিবা পঢ়ে, তেন্তে এই পদ্ধতি গ্ৰহণ কৰাৰ আগতে নিশ্চিতভাৱে চিকিৎসকৰ পৰামৰ্শ ল’বলৈ নাপাহৰিব ।

লগতে পঢ়ক:মানসিক চাপৰ পৰা সকাহ পাবলৈ এমাহৰ বাবে সংগী কৰি লওক এইসমূহ অভ্যাসক; নিজেই দেখিব ফলাফল

ABOUT THE AUTHOR

...view details