বৰ্তমান সময়ত, আমি আমাৰ স্বাস্থ্যৰ যত্ন লোৱাটো অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে ৷ বহুতো সময়ত কিছু লোকে কামৰ হেঁচা অথবা অন্যান্য ভিন্ন সমস্যাক দোহাই দি নিচাযুক্ত সামগ্ৰীও সেৱন কৰা দেখা যায় ৷ কিন্তু এই নিচাযুক্ত সামগ্ৰীয়ে আমাৰ শৰীৰত কেনেদৰে প্ৰভাৱ পেলাই জানেনে ?
কিছু এনে লোকো আছে যিয়ে কামৰ চাপ দূৰ কৰিবলৈ পেকেটে পেকেটে চিগাৰেট সেৱন কৰে ৷ এই চিৰাগেটে আমাৰ শৰীৰৰ বাবে কিমান ক্ষতিকাৰক আপুনি জানেনে ? হায়দৰাবাদৰ এপ’ল’ চিকিৎসালয়ৰ স্নায়ু বিশেষজ্ঞ ডাঃ সুধীৰ কুমাৰে সামাজিক মাধ্যমযোগে এক পোষ্ট শ্বেয়াৰ কৰে ৷
- শৰীৰক স্বাভাৱিকভাৱে কাম কৰিবলৈ অতিৰিক্ত চেনীৰ প্ৰয়োজন নেকি ?
নহয়, প্ৰাকৃতিক খাদ্যত কাৰ্ব’হাইড্ৰেট থাকে, যাক গ্লুক’জ গঠন কৰিবলৈ বিপাক কৰা হয় ৷ যাক শক্তি আৰু স্বাস্থ্যকৰ কাৰ্যকলাপৰ বাবে ব্যৱহাৰ কৰিব পৰা যায় ৷
- চেনী-মিঠা পানীয় গ্ৰহণ কৰিলে স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পেলাই নেকি ?
হয়, চেনী মিঠা পানীয়ই ওজন বৃদ্ধি, 2 প্ৰকাৰৰ ডায়বেটিছ, চৰ্বিযুক্ত যকৃতৰ ৰোগ আৰু হৃদৰোগৰ আশংকা বৃদ্ধি কৰে ৷
- প্ৰতিদিনে কিমান সুৰা পান কৰিব পাৰি?