আঁহযুক্ত:তিয়াই থোৱা খেজুৰ ডায়েট্ৰী ফাইবাৰৰ এক উৎকৃষ্ট উৎস । ই আপোনাৰ পাচনতন্ত্ৰ শক্তিশালী কৰে আৰু লগতে অতি সহজে ইয়াক হজম কৰিব পৰা যায় । ইয়াৰ উপৰিও ই আপোনাৰ অন্ত্ৰকো সুস্থ কৰি ৰাখে । হাই ফাইবাৰে ভোক দূৰ কৰে আৰু বহুসময়লৈকে পেট ভৰি থকা যেন অনুভৱ হয় ।
শৰীৰৰ শক্তি বৃদ্ধি কৰে:আপুনি জানি আচৰিত হ’ব যে খেজুৰ চেনি আৰু কাৰ্বহাইড্ৰেটৰ প্ৰাকৃতিক উৎস ৷ কাৰ্বহাইড্ৰেটে আপোনাৰ শৰীৰত শক্তিৰ মাত্ৰা বৃদ্ধি কৰে, গতিকে ই আপোনাৰ বাবে এক উত্তম ব্ৰেকফাষ্ট হৈ পৰে । ব্যায়ামৰ আগতে যদি গ্ৰহণ কৰে তেন্তে ই আপোনাক প্ৰচুৰ শক্তি প্ৰদান কৰে ।
হাড় শক্তিশালী কৰে:খেজুৰত কেলচিয়াম, মেগনেছিয়াম আৰু ফছফৰাছৰ দৰে খনিজ পদাৰ্থ থাকে, যি আমাৰ হাড় শক্তিশালী আৰু সুস্থ কৰি ৰখাৰ বাবে অতি প্ৰয়োজনীয় ।
ডায়েবেটিছৰ বিৰুদ্ধে যুঁজ দিয়াত লাভদায়ক:খেজুৰৰ ইনচুলিনৰ উৎপাদন বৃদ্ধি কৰাৰ ক্ষমতা আছে আৰু লগতে ইয়াত বহুতো গুণাগুণ আছে যিয়ে অন্ত্ৰৰ পৰা গ্লুক’জ শোষণৰ হাৰ হ্ৰাস কৰাত সহায় কৰিব পাৰে । এনে পৰিস্থিতিত ই ডায়েবেটিছৰ সম্ভাৱনা হ্ৰাস কৰাৰ ক্ষেত্ৰত অতি লাভদায়ক । গ্লুক’জ শোষণ হ্ৰাস পালে মূলতঃ তেজত গ্লুক’জৰ মাত্ৰা হ্ৰাস পায়, যিটো ডায়েবেটিছ ৰোগীৰ বাবে উপকাৰী ।
পুৰুষৰ প্ৰজনন ক্ষমতা উন্নত কৰে:এইবিধ ফলত বহুতো ভিটামিন আৰু খনিজ পদাৰ্থ থাকে যিয়ে পুৰুষৰ শুক্ৰাণুৰ সংখ্যা বৃদ্ধি আৰু যৌন কামনা বৃদ্ধি কৰাত সহায় কৰিব পাৰে । খেজুৰে পুৰুষক ভিতৰৰ পৰা শক্তি প্ৰদান কৰে, কাৰণ খেজুৰত ফ্লেভনয়ড আৰু বিভিন্ন এমিনো এচিড থাকে যিয়ে পুৰুষৰ যৌন ক্ষমতা বৃদ্ধি কৰিবলৈ পৰ্যাপ্ত শক্তি প্ৰদান কৰে ।